text
stringlengths
10
210k
শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনি পৰীক্ষা কৰাৰ বাবে ফৰেইনছিক লেব’ৰেটৰীলৈ প্ৰেৰণ কৰে।
 পলাবলৈ সক্ষম হয় সন্ত্ৰাস সৃষ্টিকাৰী দুধৰ্ষ চোৰ আনোৱাৰ হুছেইন ওৰফে বগা।
অপেছাদাৰী নাট্য দল সমুহক এক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল।
প্ৰহাৰ কৰা লোকসকলৰ হাতত আছিল খালিস্তানৰ পতাকা।
এনে পৰিস্থিতিত কংগ্ৰেছে বিজেপিক ক্ষমতাচ্যুত কৰাৰ কাৰণে মহাজোঁট গঠন কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ যদি এই ধৰণৰ জোঁট গঢ়ি উঠে তেনেহ’লে সমাগত নিৰ্বাচনত যথেষ্টসংখ্যক আসন বিজেপিয়ে হেৰুওৱাটো নিশ্চিত ৷
অথচ এই পথচোৱাৰ পাশ্বৱর্তী স্থানতেই আছে বহু কেইখন প্রাথমিক বিদ্যালয় সহ মাদ্রাছা স্কুল, ব্লক প্রাথমিক স্বাস্থ্যকেন্দ্র, গ্রামপঞ্চায়ত কার্য্যালয়।
আন এটা উল্লখ কৰিব লগীয়া কথা হ’ল যে বাংলাদেশে অলপতে ম্যানমাৰত নিৰ্য্যাতনৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ভগনীয়া ৰহিঙীয়া মুচলমানসকলক নাগৰিকত্ব দিয়াৰ বাবে স্পষ্ট অসন্মতি প্ৰকাশ কৰিছিল।
বোকাময় পথটোৰে এম্বুলেঞ্চ বা চাৰিচকীয়া গাড়ী সোমাব নোৱৰাৰ বাবে ৰোগী আৰু প্ৰসূতিসকলে জীয়াতু ভোগ কৰিবলগীয়া হয়।
৭ জুন, অৰ্থাৎ একেদিনাই সন্ধিয়া ৫ বজাত ভোটগণনা।
পিছে আজি পুৱা একাংশ স্থানীয় লোকে পথৰ ওপৰতে ফলকখনি চূৰ্ণ বিচূণ হৈ পৰি থকা দেখা পাই হতভম্ব হৈ পৰে ।
অসম সাহিত্য সভাই শুৱালকুছি অধিৱেশনত আন দুজন যুৱ সাংবাদিক ক্রমে প্রতিদিন টাইমৰ বশিষ্ঠ দেৱ ফুকন আৰু ডি ৱাই-৩৬৫ৰ তপন কুমাৰ বৰাৰ নামো যুৱ সাংবাদিকতা বঁটাৰ বাবে ঘোষণা কৰা হৈছে৷ আজি ভগৱতী প্রসাদ বৰুৱা ভৱনত এখন সংবাদমেলত সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখোৱাই কয় যে শুৱালকুছি অধিৱেশনত সাংবাদিকসকলক লৈ অনুষ্ঠিত হ’বলগীয়া অৰুণোদয় সন্মিলনত এই যুৱ সাংবাদিকতা বঁটা প্রদান কৰা হ’ব৷
প্ৰেছ কাউন্সিল অব্‌ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটীত সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।
২০০৯চনত সেই সমষ্টিৰ সাংসদ আছিল কংগ্ৰেছৰ ইছমাইল হুছেইন।
টিএমপিকে আৰু এমএমকেৰ লোহিত খাবলু আঞ্চলিক সমিতিৰ উদ্যোগত উক্ত অঞ্চলৰ ৰাইজৰ সহযোগত আজি হেজাৰ হেজাৰ প্ৰতিবাদী জনতাৰ অংশগ্ৰহণেৰে খাবলু নৈৰ পাৰত এক বৃহৎ গণ সমাৱেশ অনুষ্ঠিত কৰি লোহিত খাবলুৰ উন্নয়ন বিছাৰিব।
আজিৰ অনুষ্ঠানত এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি ডালমিয়া চিমেণ্ট(ভাৰত) লিমিটেডৰ কাৰ্যবাহী সঞ্চালক সুনীল আগৰৱালে কয়-“মেঘালয়ত অইল ৱেল চিমেণ্টৰ প্ৰথমটো গোট উৎপাদন আৰু যোগানৰ দ্বাৰা আমি আমাৰ শিৰত আন এটা মুকুট পৰিধান কৰিব পাই আনন্দিত হৈছোঁ।
লোকজনৰ পৰা নগদ ২৫,০০০ টকাৰ জাল নোটো উদ্ধাৰ কৰে দলটোৱে।
” বুলি কাণত ব্ৰহ্মটেপা এটা দি কাণত ধৰি ধৰিয়েই টানি লৈ আনিলে।
পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ফলাফল ঘোষণাৰ পাছতেই. . . কিবা গোপন বুজাবুজি?
অস্বাভাৱিক অৱস্থাত থকা বস্তাটোৰ পৰা নিগৰি আছিল কেঁচা তেজ।
এই কথাটো গম পায় আমি যাত্ৰীসকলে ভীষণ অনিশ্চয়তা আৰু সংশয়ৰ মাজেদি যাত্ৰা‌ আৰম্ভ কৰিলোঁ।
দুটা বলত ভাৰতক ৩ ৰানৰ প্ৰয়োজন।
বিশেষ বিমানযোগে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰে তেওঁ।
তুমিতো নাজানা-হায়,  
যেনে- চুটি চুটি উশাহ নিশাহ, মাংসপেশীৰ দুৰ্বলতা, ছাল শেঁতা পৰি যোৱা, জিভাৰ প্ৰদাহ, ভোক নলগা, ওজন হ্ৰাস, ডায়েৰিয়া, বমি ভাব, দ্ৰুত হৃদস্পন্দন, হাত ভৰিৰ জিনজিননি আৰু অৱশতা, কেতিয়াবা মেলানিনৰ অধিক নি:সৰণৰ ফলত শৰীৰৰ বিভিন্ন ঠাইৰ ছালত ক’লা ক’ লা দাগ দেখা যায়।
গুজাৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলত মেঘালয় বিজেপিৰ আনন্দোৎসৱ
“অসমক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ বাবে এই জনগোষ্ঠীৰ লোকসকলে বিশেষ ভূমিকা ল’ব লাগিব”, সোণোৱালে কয়।
মই ভুক্তভোগী যুৱকৰ লগত মোবাইলত কথাখিনি আলোচনা কৰি ভালদৰে পৰিস্থিতিটোৰ বুজি ল'লোঁ ৷ এই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰে কাটাৰী লেবাৰ ক’ৰ্ট, ভাৰতীয় দূতাবাস আৰু পুলিচ প্ৰশাসনে ৷
শিল্পীজনে ব্ৰাহ্মণক মাৰিব লাগে বুলি কৰা এই মন্তব্যক বিভিন্ন জনে বিভিন্ন দৃষ্টিৰে গ্ৰহণ কৰিছে।
নিৰ্বাচনী সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব ৬০২৬৪১৪৯১৬৫ নম্বৰত।
সেই অনুসৰি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিতব্য গ্ৰন্থমেলাখনিৰ অহা ২১ অক্টোবৰত লাইখুঁটা স্থাপন কৰা হ’ব।
মানুহে মানুহৰ বাবে কি কৰিব পাৰে তাৰ এক আভাস।
আনহাতে আজিৰ কেবিনেটৰ বৈঠকত উত্তৰ পূর্বাঞ্চলৰ শক্তি উৎপাদন কোম্পানী ‘নীপকো’ক দেশৰ আন এটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠিত শক্তি উৎপাদন কোম্পানী এন টি পি চিৰ অধীনলৈ নিয়াৰো সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মন কৰিব লগীয়া যে, নুমলীগড় তেল শোধনাগাৰটোৰ মূল অংশীদাৰিত্ব প্রতিষ্ঠান বি পি চি এল অর্থাৎ ভাৰত পেট্রলিয়াম কর্প’ৰেশ্যন লিমিটেড অহা মার্চ মাহৰ ভিতৰত বিক্রী কৰা হ’ব বুলি ইতিমধ্যে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে প্রকাশ কৰিছে৷
কিয়নো অসম চৰকাৰে তেওঁলোকক অবিভক্ত গোৱালপাৰাৰ বুলি পূৰ্ৱতে জাননী দিছে।
ভাৰতত হোৱাটছএপৰ ২০ কোটিৰো অধিক য়ুজাৰ আছে আৰু সৰ্বাধিক সংখ্যক য়ুজাৰ থকা দেশবিলাকৰ ভিতৰত অন্যতম।
কালীৰাম কলিতা মানুহজন ইমান ভয়াতুৰ নহয় ৷  কিমান বিপদজনক কাম তেওঁ হাঁহি হাঁহি কৰি পেলাইছে !
বৰুৱা দাৰ ঘৰ পাই কলিং বেলটো বজাব লৈছোঁ, তেনেতে দৰ্জাখন খুলি দি বৰুৱা দাই কলে, “দেৰি কৰিছা হে ডেকা লৰা, আহা আহা।
প্রফুল্ল কুমাৰ মহন্ত: নাই, ৰাজনীতিত উত্থান-পতন থাকিবই৷ আজি চকীখনত বহি থকা মানুহজন কাইলৈ নাথাকিবও পাৰে, বা বহি নথকাজনকো আনি বহুৱাব পাৰে, সেয়া হৈছে গণতন্ত্র৷ গতিকে গণতন্ত্রত ৰাইজ বেছি শক্তিশালী৷ মই ভাবোঁ যে অসমৰ মানুহে এজিপিক মৰম কৰে, এজিপিক যথেষ্ট ভাল পায় আৰু দুটা-এটা ৰাইজে বিচৰা কাম নহ’লে বেয়াও পায়৷
৬০ খনীয়া বিধানসভাৰ আসনযুক্ত ৰাজ্যখন নিজৰ দখললৈ নিবৰ বাবে বিজেপিয়ে এক সংকল্প গ্ৰহণ কৰাৰ দৰে কাম কৰিছে।
বিয়াখন সম্পন্ন হোৱাৰ খবৰ কোনো সংবাদমাধ্যমে পোৱা নাছিল।
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী হোৱাৰ কথা কৈছে মোডীয়ে।
ইয়াৰ পাছতে সকলোৱে বর্ডিং খেলপথাৰৰ পৰা থানা চাৰিআলিলৈকে প্রতিবাদী শোভাযাত্রা উলিয়ায়৷ বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি আজি তিনিচুকীয়া চহৰ অচল কৰি তোলে৷ প্রায় দহ সহস্রাধিক পুৰুষ- মহিলা সমন্বিতে থানা চাৰিআলিত একত্রিত হৈ এক প্রতিবাদী সভা অনুষ্ঠিত কৰে৷ তাতে ভাষণ দিয়ে আলোচনাপন্থী আলফা সদস্য প্রবাল নেওগে৷ উক্ত সময়তে থানা চাৰিআলিলৈ অহা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাইজে বাধা প্রদান কৰে৷ ৰাইজৰ ৰোষত পৰাৰ ভয়ত তেওঁলোক তাৰ পৰাই পলায়ন কৰে৷ থানা চাৰিআলিত অৱশ্যে তেনে ধৰণৰ কোনো অপ্রীতিকৰ পৰিস্থিতি হোৱাৰ পৰা ৰক্ষা পৰে৷
তামুলপুৰঃ শাসনাধীস্থিত বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণকে ধৰি নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰুতি সমূহ আজিও ৰক্ষা কৰিব পৰা নাই।
উল্লেখযোগ্য যে ২০১৪ চনত অনুষ্ঠিত ৰাজ্য সভাৰ তিনিখন আসন নির্বাচনতকংগ্রেছৰ কলিতা, সিঙৰ লগতে সেই সময়ৰ কংগ্রেছৰ মিত্রদল বি পি এফৰ বিশ্বজিৎ দৈমাৰী নির্বাচিত হৈছিল৷ ৰাজ্য সভাৰ ৬ বছৰীয়া কার্যকাল অনুসৰি তিনিওজনৰে কার্যকাল আছিল অহা বছৰৰ এপ্রিল মাহলৈ৷ এন ডি এ চৰকাৰে কাশ্মীৰৰ বাবে থকা সংবিধানৰ বিশেষ অনুচেছদ ৩৭০ প্রত্যাহাৰ কৰাৰ সিদ্ধান্তক সমর্থন কৰি সাংসদ কলিতাই যোৱা ৫ আগষ্টত সাংসদৰ পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷ ইয়াৰ পূর্বে যোৱা ৩০ জুলাইত সাংসদৰ পদ ত্যাগ কৰি বিজেপিত যোগ দিছিল সঞ্জয় সিঙে৷ উল্লেখযোগ্য যে যোৱা ২৪ আগষ্ট আৰু ৯ ছেপ্টেম্বৰত মৃত্যু হৈছিল ৰাজ্য সভাৰ দুই সাংসদ অৰুণ জেটলী আৰু ৰাম জেঠমালিনীৰ৷
উক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ-সন্থাৰ সদস্যসকলৰ লগতে বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।
বৃহস্পতিবাৰেও একেই দৃশ্য দেখা গ’ল তিৰুক’ভিলুৰত।
মদ আৰু অপমান, অন্ধকাৰত ডুব গৈ থকা এখিনি মানুহ
সমদলকাৰীসকলে মুখ্যমন্ত্ৰী হায় হায়,শক্তি বিভাগ মুৰ্দাবাদ, ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰে।
ইফালে ঘটনাৰ পাছত বিভিন্ন সময়ত প্ৰকাশ পোৱা উৰাবাতৰিত বিশ্বাস নকৰি সুস্থ মগজুৰে সকলোকে বিচাৰ কৰি চাবলৈ অনুৰোধ জনাই শিল্পীগৰাকীয়ে।
দেশখনৰ শিক্ষা বিভাগে পৰীক্ষাৰ নতুন নিৰ্ধাৰিত তাৰিখ শীঘ্ৰেই ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।
অমিত শ্বাহৰ আহ্বানৰ বিৰুদ্ধে বিজেপিৰে এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি- ‘মাতৃভাষা ৰক্ষাৰ বাবে আমি বদ্ধপৰিকৰ’
তাৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ 
গতিকে সিহঁতক এতিয়া মানুহ লাগে, মানুহ!
নগাঁৱত তিনি স্থানত ভোটগণনা আৰম্ভ।
কেন্দ্রীয় চৰকাৰে উত্তৰ-পূর্বাঞ্চলক দেশৰ ভিতৰতে হাইড্র’কার্বন ভিজন ২০৩০ত ইতিমধ্যে অন্তর্ুক্ত হৈছিল এন আৰ এল সম্প্রসাৰণ আঁচনি৷ এই অনুসৰি দেশৰ পেট্র’লিয়াম মন্ত্র্যালয়ে নুমলীগড় শোধনাগাৰৰ ৬১.৬৫ শতাংশ অংশীদাৰ ভাৰত পেট্র’লিয়াম কর্প’ৰেশ্যন লিমিটেডৰ ৫৩.২৯ শতাংশ চৰকাৰী অংশ বিক্রীৰ সিদ্ধান্তই স্বাভাৱিকতে পূবোর্ত্তৰৰ বৃহৎ বিনিয়োগ ৰূপে পৰিগণিত এন আৰ এলৰ মুঠ ২২,৫৯৪ কোটি টকাৰ সম্প্রসাৰণ প্রকল্পলৈ অনিশ্চয়তা নমাই আনিছে৷
তেওঁৰ দেহৰ পৰা উদ্ধাৰ কৰা পাছপৰ্টৰ পৰা এই তথ্য প্ৰকাশ পাইছে।
মহিলা ফিটনেছ শাখাত প্ৰথম স্থান গুৱাহাটীৰ গোৰীয়া খাতুন, দ্বিতীয় স্থান যোৰহাটৰ ডিছা পেগু আৰু তৃতীয় স্থান যোৰহাটৰ নিতু শইকীয়াই লাভ কৰে ।
আৰক্ষীৰ  অন্য এগৰাকী চিনিয়ৰ এছআই ৰাজুৰঞ্জন দেয়ে কয়  পু‌লি‌চে  প্র‌তি‌টো মণ্ডপত  নজৰ দিবলৈ সম্ভব নহয়।
তৰুণ কলিতাৰ লগত কথা পাতি পাতি ঘৰৰ ওচৰ পালোঁহি৷ তেওঁক আমাৰ ঘৰত একাপ চাহ খাই যাবলৈ অনুৰোধ কৰিলোঁ৷ তেওঁ খালে ময়ো তেওঁৰ লগতে ৰাতিপুৱাই ভাল বস্তু খাবলৈ পাম৷ পৰিবাৰ ৰুমীয়ে আমাৰ দুয়োৰে বাবে চাহৰ লগতে ছুগাৰ ফ্রী মিঠাই আৰু বিস্কুট লৈ আহিল৷ মোৰ ডায়েবেটিছ ৰোগ ধৰা পৰাৰ পিছৰ পৰা মাজে-সময়ে পৰিবাৰে এনে ধৰণৰ মিঠাই আনি খাবলৈ দিয়ে৷ উজানবজাৰৰ মিঠাইৰ দোকানত পোৱা যায়৷ চানাৰ গজা৷ মোৰ বৰ প্রিয়৷ চাহ কাপ হাতত লওঁতেই ঘৰৰ বাহিৰত কোনোবাই চিঞৰা যেন শুনিলোঁ৷ দুৱাৰ মেলি দেখিলোঁ এটা দহ-বাৰ বছৰীয়া ল’ৰা৷ কিবা খাবলৈ বিচাৰিছে৷ যোৱাকালি আবেলিৰ পৰা হেনো একো খোৱা নাই৷ মই আমাক খাবলৈ দিয়া চানাৰ মিঠাই দুটাকে তাক দি দিওঁ বুলি ভাবিলোঁ৷ কিন্তু ইমান সোৱাদৰ মিঠাইকেইটা নিজে নাখাই দি দিবলৈও তৎক্ষণাৎ মন নগ’ল৷
সেইবোৰ হ’ল- (ক) মাজু বিয়া, (খ) আকৰি বিয়া, (গ) ভকত ৰূপীয়া আদি।
এই সময়খিনি সতৰ্ক আৰু সচেতন হৈ থাকক।
ঠিক তেনেই হ’ল টিহুৰ এগৰাকী নিচলা ব্যক্তিৰ ক্ষেত্ৰত।
অমল সাহা নামৰ ব্যৱসায়ীজনৰ কেৰম ব’ৰ্ড প্ৰস্তুত কৰা ফেক্টৰিত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।
আপুনি মোৰ গান ভাল পাইছে সেইটো মোৰ সৌভাগ্যৰ কথা যে কোনোবাই মোৰ গান ভাল পাইছে।
দিব্যজ্যোতি দাস: মোৰ তেনেকুৱা কোনো সপোন নাছিল, কিন্তু মোৰ পৰিয়ালত সৰুৰে পৰা গান, নৃত্য, অভিনয় আদিৰ চৰ্চা হৈছিল, মই এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ।
কংগ্রেছত তীব্র কন্দল
ফেঁচা, কাউৰী, শেন, চিলনী, ঈগল, কাউচৰাই আদি দূৰৈৰ পৰা ফটফটীয়াকৈ দেখা শ্ৰেণীটোৰ প্ৰাণীবোৰ শেনচকুৱা।
ইয়াৰ ভয়ংকৰ চেহেৰাটো দেখিয়েই মানুহে ইয়াক বিষাক্ত বুলি ধৰি লয়।
তেওঁলোকে আকৌ অশান্ত কৰিব বিচাৰিছে।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ সকলো সদস্যক নিমন্ত্ৰণ জনোৱা হৈছে এই নৈশ ভোজলৈ ।
শোনিতপুৰ জিলাৰ কৃষ্টি সংস্কৃতিৰ সাৰুৱা ভুমি জামুগুৰি হাটৰ ধলাইবিলৰ পৰা বিগত বৰ্ষত আত্মপ্ৰকাশ কৰা“ শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰ” নামৰ ভ্ৰাম্যমাণ নাট্য দলটিৰ আজি বিয়লি আখৰাগৃহৰ দ্বাৰ উন্মোচন কৰা হয় ৷ এই উপলক্ষে ভ্ৰাম্যমাণ নাট্য দলটিৰ মূখ্য প্ৰযোজক চন্দ্ৰকমল বৰাৰ ধলাইবিল গাঁওস্হিত বাসভৱন চৌহদত নিৰ্মিত আখৰা গৃহটিৰ দ্বাৰ উন্মোচন কৰে একালৰ ভ্ৰাম্যমান নাট্যদলৰ যশস্বী অভিনেতা তথা মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱৰ নামধৰ্ম সমাজ অসমৰ জামুগুৰি আঞ্চলিকৰ সভাপতি খগেন বৰাই ৷
‘আমি ‘পিএম নৰেন্দ্ৰ মোডী’ ছবিখনৰ মুক্তিৰ অনুমতি বিচাৰি নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো।
প্ৰকৃততে কোনো দুষ্ট চক্ৰই উদ্দেশ্য প্ৰণোদিতভাৱে পুৰুষত্ব হৰণৰ চেষ্টা চলিছে বুলি সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত সম্পূৰ্ণৰূপে ভিত্তিহীন প্ৰচাৰ চলায়৷ বাতৰিটো ৰাইজৰ মাজত বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ দৌৰিবলৈ ধৰে৷
পৰিতাপৰ কথা যে মৌলিক গৱেষণাৰ বাবে ভাৰতবর্ষৰ দৰে বিশাল গণতান্ত্রিক দেশখনে মুঠ ৰাষ্ট্রীয় আয় (GDP)ৰ শতকৰা ৫ ভাগো ব্যয় নকৰে৷ অথচ পৃথিৱীৰ উন্নত দেশবোৰে মৌলিক গৱেষণাৰ ক্ষেত্রত তেওঁলোক দেশৰ GDPৰ শতকৰা ২০ৰপৰা ৩০ শতাংশ ধন ব্যয় কৰে৷
তেওঁ ৰাইজক ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায়।
ভুক্তভোগী যুৱতী আৰু তেওঁৰ প্ৰেমিকজনেও এই সন্দৰ্ভত আৰক্ষীৰ কাষ চপা নাছিল।
যোৱা ২০১৭ চনৰ আগষ্টত এক সামৰিক অভিযানৰ পাছত ৰাখাইনৰ পৰা চুবুৰীয়া বাংলাদেশলৈকে ৭৩০,০০০তকৈয়ো অধিক ৰোহিংগ্যা পলাই আহি আশ্ৰয় লৈছিল।
জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্টীয় যোগ দিৱসত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন, জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই অন্তিম সংস্কাৰ কৰাতো কেতবোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে৷ প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয়া বা ৰাজ্য চৰকাৰৰ প্ৰাক্তন বা বৰ্তমান মন্ত্ৰী, শ্বহীদ জোৱান অথৱা এনেধৰণৰ সন্মানিত ব্যক্তিৰ অন্তিম সংস্কাৰৰ সময়তেহে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰয়োগ কৰিব পৰা যায়৷ ইয়াৰ বাহিৰে ৰাজ্য চৰকাৰে যদি কোনো সন্মানিত ব্যক্তিৰ অন্তিম সংস্কাৰৰ সময়ত ত্ৰিৰংগা পতাকাৰ প্ৰয়োগৰ অনুমতি বা নিৰ্দেশ প্ৰদান কৰে, তেন্তে পতাকা প্ৰয়োগ কৰিব পৰি৷ 
ৰাজা ছাৰীৰ পুৰ্বে এই বিশেষ শ্ৰেণীৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় হৈছে কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ৷ বিশ্বৰ প্ৰখ্যাত শিক্ষানুষ্ঠান মাছাছুছেটছ ইনষ্টিটিউট অফ টেকন’লজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৰাজা ছাৰীয়ে৷
কেন্দ্ৰীয় ইলেকট্ৰনিক্ছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে শীঘ্ৰে মাজুলীত এটা ‘বিজনেছ প্ৰচেছ আউটছ’ৰ্চিং’ (বি পি অ’) আৰম্ভ কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলাইছে।
আনহাতে  ধুবুৰীৰ চাপৰত ৩৮ পৰীক্ষাৰ্থীক বহিষ্কৃত কৰা হয়।
“মই এই প্ৰতিশ্ৰুতিও দিছো যে পৰৱৰ্তী বাজেটৰ পৰা ১ টকা কেজিকৈ চাউলৰ যোগান ধৰা হ’ব,” তেওঁ কয়।
অনশনত বহা প্ৰিয়দা গগৈক কালিৰে পৰা সংগ দিছে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
ম‍ই তাক তিনিখন পাঁচটকীয়া নোট দিলো ।
আছে আছে; সকলো ঠিকেই পিন্ধি আহিছোঁ।
আনহাতে আইসকলৰ নামত ‘আজি ৰাতি শিলা বৰষিলে এ।
কৃষ্ণদাস স্বৰ্গীয়াৰীৰ পৌৰহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মচন কৰে গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নগেন কাকতিয়ে।
দিছপুৰৰ এক উচচস্তৰীয় সূত্রৰ পৰা জানিব পৰা মতে প্রধানমন্ত্রীৰ ঘোষণাৰ পাছত ৯০১০ অনুপাতত অসমলৈ ততাতৈয়াকৈ ২২৮.১৫ কোটি টকা কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিছে৷ ৰাজহ বিভাগে এই পুঁজি কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ পৰা পঁুজি লাভ কৰাৰ পাছত দিছপুৰে স্পষ্ট হয় যে মোদীয়ে ঘোষণা কৰাৰ পাছত অহা ২২৮.১৫ কোটি টকা ৰাজ্যিক দুযোর্গ সাহায্য পুঁজিৰহে৷ অর্থাৎ এই পুঁজিৰ বাবে প্রধানমন্ত্রী মোদীৰ ঘোষণাৰ কোনো প্রয়োজন নাছিল৷ এই পুঁজি ছেপ্টেম্বৰ- অক্টোবৰ মাহত স্বাভাৱিকভাৱে অসমলৈ আহিলহেঁতেন৷ উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা অসম তথা উত্তৰ-পূর্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ২০০০ কোটি টকাৰ অসমে কিমান পাব, সেই বিষয়ে কোনো কথা স্পষ্ট কৰা নাছিল৷ নিয়মীয়াকৈ লাভ কৰিবলগীয়া ৰাজ্যিক দুযোর্গ পুঁজি শিতানৰ বাবত অসমে পাবলগীয়া প্রাপ্যৰ বাদে আন্তঃগাঁথনি উন্নয়নৰ বাবে ঘোষণা কৰা পুঁজি সন্দর্ভত দিছপুৰৰ লগত দিল্লীৰ চৰকাৰে কোনো ধৰণৰ যোগাযোগ কৰা নাই৷ প্রধানমন্ত্রী মোদীয়ে অসম ভ্রমণৰ সময়ত কৰা ঘোষণা যে আভুৱা-ভাঁৰা আছিল, সেই কথা স্পষ্ট হৈ পৰিল৷ ৰাজ্যৰ ২৯খন জিলাৰ লাখ লাখ লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন বিভাগৰ মুঠ ক্ষয়-ক্ষতিৰ পৰিমাণ হৈছেগৈ প্রায় ৩,৮৮৮.০৯ কোটি টকা৷
অসমীয়া জাতিৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি অসমত জাপি দিব বিচৰা জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে দেশৰ প্রধানমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰি প্রতিবাদ সাব্যস্ত কৰে৷
” তেওঁ লগতে নিজৰ গীতৰ পৰিবেশন কৰে।
কেন্দ্ৰই সদায় নিজৰ স্বাৰ্থত অসমক হেঁচা দি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলা বিধ্বস্ত কৰিবলৈ সম্পূৰ্ণৰূপে ব্ৰতী হৈ পৰিছে।
কিয়নো শেহতীয়াকৈ অসমৰ গামোচাই লাভ কৰিলে জিঅ’গ্ৰাফিকেল আইডেণ্টিটিৰ টেগ।
সেই অনুসৰি কাছাৰ ,দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই,কামৰূপ,কাৰ্বি আংলং, মৰিগাঁও,নগাঁও, নলবাৰী, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলাত বন্ধ থাকিব।
বৈঠক অনুযায়ী ৫টা দিনৰ কাৰ্যসূচী ৰূপায়িত হয়।
যদি হাবিখনত একছত্ৰী বনৰ ৰজা হৈ বৈধ এজনী হৰিণীৰ মাংসই তৃপ্তি দিব নোৱাৰে তেওঁক।
তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ
শিবিৰৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  বৰফাকে প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।
যোৱা ২৩ এপ্ৰিলত লাহৰীঘাট মহাত্মা গান্ধী চিকিৎসালয়ত ৰোগী আৰু চিকিৎসকৰ মাজত ভুল বুজাবুজি হৈছিল।
উল্লেখ যে অহা ১২ মার্চত প্ৰেছ ক্লাবত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব।
Home > বলেন বৰাৰ মৃত্যুত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ শোক