text
stringlengths
10
210k
এয়া কেৱল আমাৰ নহয়, পৰীক্ষা দিবলৈ যোৱা অথচ আপোনাৰ শক্তিমন্ত্ৰীৰ ঘনিষ্ঠ দীপাংকৰ দিহিঙীয়াৰ দৰে বিষয়া আৰু দালাল চক্ৰটোৰ সৈতে পৰীক্ষাৰ পূৰ্বেই যিসকলে কোনো যোগাযোগ কৰা নাছিল, তেনে ২ লক্ষাধিক পৰীক্ষাৰ্থীৰ প্ৰশ্ন এয়া।
পদ্মশ্ৰী প্ৰাপক সকলে অনবদ্য কৰ্মৰাজিৰ জৰিয়তে দীৰ্ঘ সময় অসমৰ শৈক্ষিক, সাংস্কৃতিক, সাহিত্য আৰু চিকিৎসা ক্ষেত্ৰ মহীয়ান কৰি আহিছে ।
দীপক চৌধুৰী আৰু অৰুণিমা ভূঞাৰ সু-সন্তান তমন্না দীপক বৰ্তমান দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী।
ট্ৰেফিক আৰক্ষীৰ ঘোচাত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক তৎকালিনভাৱে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়।
প্ৰতিকী ফটো, উত্স- ইণ্টাৰনেট
২০১৫চনৰ ৩০ এপ্ৰিলত ভাৰতবৰ্ষৰ মটৰ শ্ৰমিকসকলৰ ঐক্যবদ্ধ আন্দোলনৰ বাবে চৰকাৰে এই কাৰ্য স্থগিত ৰাখিবলগীয়া হৈছিল।
তদুপৰি,  সংশোধিত বিত্তীয় উন্নীতকৰণৰ ব্যৱস্থা সবলীকৰণ কৰা, ৰাজ্যখনৰ বিভিন্ন আঁচনিত ঠিকাভিত্তিত নিযোজিত কৰ্মচাৰীসকলক উপয়ুক্ত দৰমহা দিয়া আৰু তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যুৰ পাছত অবিবাহিতা কন্যাক আজীৱন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ দৰমহাৰ বিভ্ৰান্তি দূৰ কৰা আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত থকা অচলাৱস্থা দূৰ কৰা আদি সমস্যাসমূহ ৰঙালী বিহুৰ আগতে পৰিষদৰ লগতে  আলোচনাৰে মীমাংসাৰ ব্যৱস্থা কৰিবলৈ চাৰি এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হোৱা পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সভাই ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছিল।
: কৃষি সম্বন্ধীয় সকলো তথ্য সৰু সৰু ভূমি খণ্ড (Plot) অনুযায়ী যোগান ধৰা৷
দিনৰ ১২.৩০ বজাত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব অধ্যক্ষগৰাকীয়ে৷ 
‘’বিজ্ঞান ভিত্তিক প্ৰৱন্ধৰ এই সংকলনখনে আগন্তুক সময়ত সমাজৰ পৰা অন্ধবিশ্বাস অঁতৰাই পাঠকৰ মাজত বিজ্ঞান মনস্কতা গঢ়ি তুলিব আৰু পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষণ তথা জনপ্ৰিয়তা বৃদ্ধি কৰিব,’’-সাংবাদিক চাজিদ খানে উন্মোচনী অনুষ্ঠানত এইদৰে কয়।
দিখৌৰ কৰুণ ঘটনাই ৰাজ্যবাসীক শোকাকুল কৰি তোলাৰ মাজতে আজি কিয় সংঘটিত হ’বলৈ পালে উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনা?
'এইচ ডি ৱান’ নামৰ এই ক্ষেপনাস্ত্ৰবিধৰ কাৰিকৰী কৌশলৰ কথা যোৱা শুকুৰবাৰে সদৰি কৰি চীনে কয় যে ই ভাৰতৰ ব্ৰাহ্মোজক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব।
ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত পাকিস্তানৰ ওপৰত প্ৰচণ্ড আঘাত লাগিছে।
ৰাজ্যৰ মুখ্য সচিব সত্য গোপালো এই সভাত উপস্থিত আছিল।
মৃত ব্যক্তি জন লামডিং চান্দ মাৰিৰ এ এম বাহাদুৰ ছেত্ৰী ৷লামডিঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাম কৰি থকাৰ অৱস্থাত বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীয়ে বনাঞ্চললৈ তুলি নি মহতিয়াই মাৰে এ এম বাহাদুৰ ছেত্ৰীক ৷ সম্প্ৰতি, লামডিঙত উপস্থিত হৈছে হোজাই জিলাৰ মহকুমাধিপতি আৰু বন বিষয়া ৷
বিছ সহস্রাধিক লোকৰ সমাৱেশত ভাষণ দি বগৰীতলীয়া আধাৰ সত্রৰ অধিকাৰ শ্রীশ্রী উৎসৱানন্দ গোস্বামীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি অসমত হিন্দু বাংলাদেশী বিদেশীক সংস্থাপিত কৰি অসমত অসমীয়া ভাষা, সংস্কৃতি, কৃষ্টি, জাতীয় জীৱনৰ সত্তালৈ ভাবুকি কঢ়িয়াই আনিব বিচৰা কা’ৰ বিৰুদ্ধে অকণো অনুকম্পা নোহোৱা আৰু অসমৰ জনগণে কৰা কা’ বিৰোধী সংগ্রামখনক শ্রদ্ধা নজনোৱা সর্বানন্দ-হিমন্তৰ মগজুত টিউমাৰ হৈছে৷ এতিয়া মুখ্যমন্ত্রীয়ে ‘মোৰ কি হ’ব, মই ক’লৈ যাম’ বুলি কৈছে, তুমি ক’লৈ যোৱা সেয়া আমাৰ চিন্তনীয় নহয়৷
জে ডি ইউৰ অসমত ভেটি নাই বুলি উল্লেখ কৰি দলটোত তেওঁৰ যোগদানৰ পাছত বিজেপিৰ আন কোনো পুৰণি নেতা-কৰ্মীয়ে যোগদান কৰিব নেকি বুলি সোধাত আৰ পি শৰ্মাই তেনে সম্ভাৱনা নুই নকৰিলে।
আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ জিএমচিএইছত উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া।
সাংসদ আৰ পি শৰ্মাঃ ধন্যবাদ।
পৰম্পৰাগত সাজপাৰ ডিজাইন কৰা শুৱালকুচিৰ ডিজাইনাৰ পায়েল চৰ্দাৰক এই বঁটা প্ৰদান কৰা হয়।
এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ বাবে শীঘ্ৰে যাৱতীয় ব্যৱস্থা ল’বলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক মই নিৰ্দেশ দিছোঁ।
লোক সভাৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি শাসকীয় দলৰ ব্যাপক পুঁজি সংগ্রহৰ বাবেই গৃহ নির্মাণ সামগ্রী দুবিধৰ দাম বৃদ্ধি পোৱাটো সকলোৰে বোধগম্য৷ প্রণিধানযোগ্য যে দিছপুৰত সোণোৱাল চৰকাৰ প্রতিষ্ঠা হোৱাৰ এমাহৰ ভিতৰতেই চিমেণ্টৰ দাম বৃদ্ধি পাইছিল৷ সেই সময়ত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাত উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কোনো চিমেণ্ট কোম্পানীয়ে দাম বঢ়াব নোৱাৰিব বুলি নির্দেশ দিছিল৷ কিন্তু মন্ত্রীৰ নির্দেশ ফুটুকাৰ ফেনত পৰিণত হ’ল আৰু বিগত আঢ়ৈ বছৰত সোণোৱাল চৰকাৰৰ নির্লিপ্ততা কিম্বা গোপন বুজাবুজিত চিমেণ্ট আৰু ষ্টীল কোম্পানীসমূহে নির্বিঘ্নে দাম বঢ়াই আহিছে৷
“দুদিনমান চলালে নিজেই শিকি যাব দাদা।
কৰ্ণাটকৰ অডিয়ুৰত ভয়ংকৰ ভূমিস্খলন।
দেশৰ লগতে বাংলাদেশৰ ৪টাকৈ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব এইবাৰ গ্ৰন্থমেলাত ।
এই জঘন্য ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পিতৃয়ে দলগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
ইয়াৰ পূৰ্বে বুমৰাহে চতুৰ্থ অ’ভাৰতে ডেৰেন ব্ৰেভ’, ছেমৰ ব্ৰুকছ আৰু ৰোষ্টন চেছক আউট কৰি হেট্ৰিক অৰ্জন কৰে। তদুপৰি. ইয়াৰ পূৰ্বৰ অ’ভাৰটোতে যশপ্ৰীতে জন কেম্পবেলক পেভেলিয়নলৈ পঠাইছিল।
মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনা আগবাঢ়ি আছে ৩২খনত।
তাৰ মাজতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো মডেলিটী তৈয়াৰ নকৰাকৈয়ে পুনৰবাৰ সেই বিষয়টো চৰ্চালৈ আনি কেন্দ্ৰীয় চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সন্মিলিতভাৱে আন্দোলনত নমা দল-সংগঠনসমূহৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ নতুন ৰাজনীতিৰ পাতনি মেলিছে।
আন্তঃগাঁথনিৰ অভাৱত প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে ৰোগী তথা শিক্ষাৰ্থীসকল।
বিজেপিয়ে আনন্দ-উল্লাস কৰি থকাৰ সময়তে আছুৰ কর্মীয়ে পুনৰ ক’লা পতাকা লৈ ৰাস্তালৈ ওলাই আহে৷ যাৰ ফলত আছুৰ কর্মী আৰু বিজেপিৰ কর্মী সন্মুখ সমৰত লিপ্ত হোৱাৰ পৰিস্থিতি উদ্ভৱ হয়৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণলৈ আনে যদিও উক্ত সময়তে বিজেপিৰ সাংসদ, বিধায়কদ্বয়, সভাপতি, মুখ্য কার্যবাহী সদস্যই তৎক্ষণাৎ স্থান ত্যাগ কৰি আঁতৰি যায়৷ বিজয় উৎসৱৰ সভা আধাতে সামৰি আঁতৰি যোৱাৰ পাছত পৰিস্থিতি সম্পূর্ণৰূপে নিয়ন্ত্রলৈ আহে৷ উল্লেখযোগ্য যে বিধায়ক প্রশান্ত ফুকনে নাগৰিকত্ব সংশোধনী বিধেয়কখন পূর্বৰে পৰা সমর্থন কৰি আহি খিলঞ্জীয়াৰ বিপৰীতে থিয় দি আহিছে বুলি আজি আছুৰ কর্মীসকলে প্রতিক্রিয়া প্রকাশ কৰে৷
এদিন খেৰ আৰু নৰাৰে সজা সাধাৰণ ভেলাঘৰ আছিল।
মিডিয়া উদ্যোগৰ কিছুসংখ্যক খুব নামজ্বলা ব্যক্তিয়ে ধাৰণ (conceptualise) কৰা এই টি জে এছৰ পৃষ্ঠপোষকতা কৰিছে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট আৰু টে’কনলজিয়ে।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বৰহোলাত যুৱ-ছাত্ৰৰ বাইক ৰেলী
দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তো ছাত্ৰ একতা সভাৰ সভাপতি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা হিচাপে জেটলী আছিল সক্ৰিয়।
নগদ পাঁচশ টকা দি উপহাৰটো লৈ গৈছোঁ, নোখোৱাকেনো কেনেকৈ গুচি আহোঁ।
দিচাংমুখত পুত্ৰই প্ৰহাৰ কৰি হত্যা কৰিলে নিজ মাতৃক; অভিযুক্তক গ্ৰেপ্তাৰ
কেন্দ্ৰীয় চৰকাৰে কুকিল কণ্ঠী গায়িকা গৰাকীলৈ আগবঢ়াইছে ‘ ডটাৰ অফ দ্য নেশ্যন’ সন্মানৰ খিতাপ।
যাৰ পৰিপেক্ষিতত ঘাইপথছোৱা অধিক বিধস্ত হৈ সাধাৰণ ৰাইজৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে ৷ স্থানীয়  বিধায়ক ভাষ্কৰ শৰ্মাৰ স্থিতিকো ৰাইজে তীব্ৰভাৱে সমালোচনা কৰি ৰাইজে বাৰিষাৰ পূৰ্বে শীঘ্ৰে ঘাইপথছোৱা মেৰামতি কৰিবৰ বাবে চৰকাৰক আহবান জনাইছে ৷
কিছুমান হতাশগ্রস্ত মানুহৰ হতাশাৰ বলি?
বছৰটোৰ দ্বিতীয়টো অসম বন্ধক ৰাইজৰ উপেক্ষা
কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যত সংঘটিত ব্যপক দুৰ্নীতি-অপশাসনৰ অভিযোগেৰে ‘পৰিবৰ্তন’ৰ শ্লগান দি শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ তিনিটা.
ভাবি জানো চাইছোঁ?
আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সাক্ষাৎ বিচাৰিও বিফল হৈছে ৰিংকু।
মোৰ দৰে এজনৰ খবৰ জুবিন দাই ল’ব জানো?
বিভাগটোৰ গাফিলতিৰ বাবে সঘনাই বিপদত পৰিবলগীয়া হৈছে জনসাধাৰণ৷ গোৱালপাৰা চহৰৰ মাজমজিয়াত বিদ্যুৎ বিভাগে কেনেকৈ ৰাইজক বিপদ সংকুলভাৱে যোগান ধৰিছে বিদ্যুৎ সেয়া প্ৰত্যক্ষ কৰিলে আপুনিও হতভম্ব হৈ পৰিব।
সাৱধান, এইবাৰ কাক জুৰি বিয়ানাম গাব ঠিক নাই ।
বিজেপিৰ শীৰ্ষ নেতৃত্বৰ দিচপুৰৰ বিধায়কগৰাকীলৈ দৃষ্টি পৰা নাই।
ৰাজ্যৰ ৰচ্ছ্রটা লোক সভা সমষ্টিৰ ভিতৰত বিজেপিয়ে মিত্র দল অগপক তিনিটা সমষ্টি ক্রমে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী এৰি দিয়াৰ উপৰি আনটো মিত্র দল বি পি এফক দিছে কোকৰাঝাৰ সমষ্টিটো৷ সেই অনুসৰি আগন্তুক নির্বাচনত বিজেপিয়ে দহটা লোক সভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব৷ কিন্তু কালি জ্জ্বটা লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিলেও দলটোৱে এতিয়াও তেজপুৰ আৰু নগাঁও লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিব পৰা নাই৷
সন্ধিয়া ৮ৰ পৰা ১০ বজালৈকেহে ফটকা আদি ফুটাব পাৰিব বুলি ইতিমধ্যে অসমৰ সকলো জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে।
শংকৰ দেৱ শিশু বিদ্যা নিকেতনৰ আধ্যয়নৰত কিশোৰজনৰ নাম ৰাজ শইকীয়া ৷ 
আজি বকলীয়াঘাটততো সদৌ অসম ছাত্ৰ সন্থাৰ বকলীয়াঘাট গোটৰ দ্বাৰা CAA বিৰোধী প্ৰতিবাদ উলিওৱা হয়।
এই সফলতা লাভ কৰাৰ পাছত মনজিতক নিঃসন্দেহে অসম আৰক্ষীয়ে তেওঁৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে আনসকলো যাতে অনুপ্ৰাণিত হয় তাৰ বাবে বিভাগীয় পদোন্নতি দিয়াৰ কথা নিশ্চয় চিন্তা-চৰ্চা কৰিব পাৰিলে হয়।
অহা ৰঙ্ম–চচ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত হ’ব লগীয়া তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছৰ খো খো ইভেণ্টৰ বিভিন্ন বয়স গ্রুপত ডিব্রুগড় জিলা খো খো সন্থাৰ মুঠ চৰগৰাকী ল’ৰা আৰু ছোৱালী খেলুৱৈয়ে অসম দলত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি ডিব্রুগড় জিলা খো খো সন্থাৰ সম্পাদক তথা অসম খো খো সন্থাৰ উপ-সভাপতি মনোৰঞ্জন হাজৰিকাই জানিবলৈ দিয়ে৷
সাহায্য কৰিলেই তিৰোতাৰ ধৰ্ম হয়,. . /
গানৰ আড্ডা নাথাকিলেও মই নগ’লে বন্ধুজনৰ আগত খবৰ খাটি ৰখা আনকি মাকেও এই ক্ষেত্ৰত আগবাঢ়ি বৰ আদৰ সাদৰেৰে খবৰ লোৱা কৰিলে৷ আড্ডা বন্ধ হল কিন্তু চলি থাকিল আমাৰ মাজত খবৰ খাটি লোৱা।
নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ “আগলি বতাহে কপালে কলৰে পাত” আৰু “কৃষ্ণচূড়া কৃষ্ণচূড়া” মায়াশ্ৰী বৰকটকীৰ এই দুটি গীত এওঁৰ জীৱনৰ প্ৰথম গীত।
অসমৰ ৰাইজৰ তীব্র বিৰোধিতাৰ পাছতো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষেই অহা ৭ জানুৱাৰীত সংসদত নিজৰ প্রতিবেদন দাখিল কৰিব যুটীয়া সংসদীয় কমিটীয়ে৷
কিন্তু স্বৰাজোত্তৰ পাছৰে পৰা অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত যমৰ যাতনা ভুগি আহিছে৷ পূর্বে উক্ত স্থানত চৰকাৰীভাৱে নাও চলাচল কৰে যদিও ভৰ বাৰিষাৰ সময়ত ৰাইজৰ নাজল-নাথল অৱস্থা হয়৷ বহু চৰকাৰ আহিল আৰু গ’ল৷ কিন্তু নগৰবেৰা দোকুছি, পাহাৰপাৰা, ভখুৰাদিয়া, ৰংগেশ্বৰী পাৰঘাটত আজিলৈ নহ’ল কোনো স্থায়ী পকী দলং৷ চৰকাৰে ৰাইজৰ এনে দুখ-দুর্গতিৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত উপায়ান্তৰ হৈ ৰাইজে গাঁঠিৰ ধন ভাঙি শংকৰ-আজান সমন্বয় সেতু নামেৰে নির্মাণ কৰে এখন দীঘলীয়া বাঁহৰ দলং৷
নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মিনাক্ষী লেখিয়ে।
জনকল্যাণহিত চিন্তাই হ'ল সত্ৰৰ ধৰ্ম।
ইয়াৰ উপৰিও চিৰিয়াখানাৰ সুন্দৰপুৰৰ পৰা চিন্ময় লস্কৰ, নগাঁৱৰ চলচলীৰ পৰা ইন্দ্ৰমোহন বৰা নামৰ আন দুজনকো আটক কৰা হৈছে।
তাই ফুচফুচাই কথা পাতে
বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তানে তেনে সুবিধা লাভ নকৰে৷ কিন্তু দৰিদ্ৰতা সফলতাৰ অন্তৰায় নহয়৷ যদিহে প্ৰতিভাৰ গৰাকী হয়৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীৰ বাদল দাস নামৰ সপ্তম শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এগৰাকীৰ এনে এক সফলতাৰ কাহিনী পোহৰলৈ আহিছে৷ পেলনীয়া সামগ্ৰীৰে এটিএম মেচিন এটাৰ দৰে বুটাম টিপিলেই টকা উলিয়াব পৰাকৈ সাজু কৰি উলিয়াই চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ মেধাসম্পন্ন বাৰ বছৰীয়া ছাত্ৰগৰাকীৰ সফলতাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে৷
গুৱাহাটীঃ ৰাজ্যখনৰ বিভিন্ন দিশত একগ্ৰতাৰে কাম কৰি অহা তথা সমাজ, জাতিৰ বাবে বিভিন্ন দিশত অৰিহণা যোগোৱা কেইবাগৰাকী বিশিষ্ট লোকক বঁটা প্ৰদান কৰিব অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে৷ অহা ২৯ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত ৰাজ্যৰ অন্যতম সামাজিক, সাংস্কৃতিক, ক্ৰীড়াৰ হৈ কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০১৭ বৰ্ষত বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকসকলক বঁটা প্ৰদান কৰিব৷
টিকট নাপাই উভতিবলগীয়াও হৈছে বহু দৰ্শক।
এজন যাত্ৰীয়ে ম’বাইলত সংগ্ৰহ কৰিছিল এই দৃশ্য।
চতুর্থতে, মেননে জোৰ দি কৈছে যে ৰাজনীতিকৰ বৰ বৰ কথা বা সম্পাদক আৰু এংকৰৰ ৰণপ্রিয় অন্ধ দেশপ্রেমৰ ক্লান্তিকৰ দীঘলীয়া আলোচনাৰ ওপৰত বিদেশ নীতিৰ সফলতা নির্ভৰ নকৰে, ই নির্ভৰ কৰে শান্ত, ধীৰ কর্মৰ ওপৰত৷ এই ক্ষেত্রত এটা উদাহৰণ হ’ল modus vivendi (কার্যসাধনোপায়), আনুষ্ঠানিক নিষ্পত্তি নোহোৱাকৈ যিটো ভাৰত-চীন সীমান্তত উপনীত হোৱা গৈছিল৷ অল্পখ্যাত যদিও এইটো আকর্ষণীয় কথা যে হিংসাত্মক বা সীমা অতিক্রমণৰ ঘটনাৰ ক্ষেত্রত ভাৰত-পাকিস্তান সীমান্ত আৰু আনকি ভাৰত-বাংলাদেশ সীমান্ততকৈ ভাৰত-চীন সীমান্ত অধিক শান্তিপূর্ণ৷ তদুপৰি, মেননে আঙুলিয়াই দিয়াৰ দৰে, ‘সীমাতকৈ ভাৰত-চীনৰ বাবে আৰু অধিক আছে৷’ যোৱা দুটা দশকত সত্তৰগুণ বৃদ্ধিৰে দ্বিপাক্ষিক বাণিজ্য দৃঢ়ভাৱে বৃদ্ধি পাইছে৷ আমি ভাৰত-চীনৰ যুটীয়া সামৰিক অনুশীলনো দেখিছোঁ৷ চীনত ১০,০০০তকৈ অধিক ভাৰতীয় ছাত্র আছে৷ মেননৰ কথাত কার্যসাধনোপায় কিদৰে, ‘এক সফল পৰিণাম লাভ কৰাৰ চাবিকাঠী আছিল ৰাজহুৱা বাগধাৰাক শান্ত ৰখা, শক্তি প্রদর্শন কৰা আৰু বিৰোধৰ সমাধান কৰা, যিটো আছিল আমি পচন্দ কৰা সমাধান৷ ২০১৩ চনৰ মে’ৰ (যেতিয়া দেছপাঙত চীনৰ দ্বাৰা ব্যতিক্রমি এক সীমা অতিক্রমণ হৈছিল) সেই তিনিটা সপ্তাহত টুইট কৰা বা কিছু ভাৰতীয় টেলিভিছন আৰু ভাষ্যকাৰে ৰাজহুৱাকৈ চিঞৰা, আমাৰ পাৰমাণৱিক অস্ত্রৰ আস্ফালন কৰা বা যুদ্ধৰ ভাবুকি দিয়াটো নহয়৷’ কিতাপখনৰ শেষৰফালে মেননে কৈছে, ‘মই বিশ্বাস কৰোঁ যে ‘চীনৰ উত্থান আৰু আমাৰ চাৰিওদিশৰ অন্যান্য পৰিৱর্তনৰ পৰিণামৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত ‘কোমলকৈ কথা কোৱা আৰু এডাল ডাঙৰ লাখুঁটি লোৱা’টো ভাৰতৰ বাবে অধিক ফলদায়ক নীতি হ’ব৷’ তাৰ পাছত তেওঁ কৈছে, ‘শৰশয্যাত থাকোঁতে ভীষ্মই ৰজাসকলক দিয়া উপদেশৰ দৰে, ‘যি মৌন হৈ থাকে তেওঁ অনুগামী লাভ কৰ়ে, সংযমীজনে জীৱনত সকলো উপভোগ কৰে৷’ এই কথাবোৰ নতুন দিল্লী আৰু ইয়াৰ বাহিৰতো মনোযোগ দিয়া উচিত৷
উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ অভিযোগত নিয়াৰ আদালতে দোষী সাব্যস্ত কৰাৰ পাছতে সর্বসাধাৰণৰ উন্নয়নৰ পুঁজি লুটি-পুতি খোৱা তিনি মূল অভিযুক্ত আৰ এইচ খান, জুৱেল গালোর্ছা আৰু নিৰঞ্জন হোজায়ে অপৰাধ মাফ কৰিবলৈ আদালতক আৱেদন কৰে৷ শাস্তি প্রদানৰ পূর্বে দোষীসকলক আত্মপক্ষ সমর্থন কৰিবলৈ কোৱাৰ সময়তে আৰ এইচ খানে বিগত আঠ বছৰে নকৰা কাণ্ডটো কৰি পেলালে৷ ২০০৯ চনতে গ্রেপ্তাৰ হৈ এইপর্যন্ত কাৰাগাৰৰ কাল কুঠৰীৰ মাজত আবদ্ধ হৈ আদালতলৈ অসংখ্যবাৰ তাঁত-বাটি কৰাৰ পাছতো নিজকে নির্দষী সাব্যস্ত কৰিবলৈ সক্ষম বুলি বুকু ডাঠ কৰি থকা আৰ এইচ খানে আজি প্রথমবাৰলৈ হাতযোৰ কৰি আদালতত দোষ মাফ কৰিবলৈ আৱেদন কৰে৷ আনহাতে ডি এইচ ডিৰ (জে) প্রাক্তন অধ্যক্ষ জুৱেল গালোর্ছা াৰু মুখ্য সেনাধ্যক্ষ নিৰঞ্জন হোজায়েও আদালতত তেওঁলোকৰ দোষ মাফ কৰিবলৈ অনুৰোধ জনাই তেওঁলোক কাৰাগাৰত থাকিলে ডিমা হাছাও জিলাৰ উন্নয়ন বাধাপ্রাপ্ত হোৱাৰ অজুহাত দেখুৱায়৷ উল্লেখযোগ্য যে ধনবল আৰু বাহুবল খটুৱাই আদালতত নিজৰ সকলো দোষ লুকুৱাই নিজকে নির্দষী সজাবলৈ বিগত প্রায় আঠ বছৰে চেষ্টা কৰি আহিছিল সমাজ কল্যাণ বিভাগৰ প্রাক্তন উপ-সঞ্চালক আৰ এইচ খানে৷ ইমানদিনে জামিন বিচাৰিও ভাগৰি নপৰা খানে কাৰাগাৰত যিদৰে ধনবলৰ সহায়ত ভি আই পি আতিথ্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে আদালততো নিজকে নির্দষী সজাব পাৰিব বুলি বিশ্বাসী হৈ কোনোদিনে মূৰ তল কৰা নাছিল৷ আনকি তেওঁৰ দেহৰ অংগী-ভংগীও আছিল একপ্রকাৰৰ উদ্ধত৷ কিন্তু আজি নিজকে ৰক্ষা কৰাৰ সকলো আশা নির্বাপিত হোৱাৰ পাছত তেওঁ আদালতক মূৰ তল কৰি আৰু হাতযোৰ কৰি মাফ খুজিবলৈ বাধ্য হয়৷ তেওঁৰ আচৰণত একপ্রকাৰ ন্যায়াধীশো আচৰিত হৈ পৰে৷ খানে হাতযোৰ কৰি ন্যায়াধীশক কয় যে তেওঁৰ নাবালক সন্তান আছে আৰু তেওঁৰ ভাতৃৰ দেহাৱসান ঘটিছে, গতিকে তেওঁৰ দোষ মাফ নকৰিলে পৰিয়াল চোৱাচিতাত অসুবিধাৰ সৃষ্টি হ’ব৷ অৱশ্যে তেওঁৰ আৱেদনৰ প্রতি আদালতে কিমান গুৰুত্ব দিব কাইলৈ শাস্তি ঘোষণাৰ সময়তহে গম পোৱা যাব৷ আনহাতে নিৰীহৰ ৰক্তৰে হাত ৰাঙলী কৰা আৰু অতি নৃশংস বুলি পৰিচিত ডি এইচ ডিৰ (জে) দুই শীর্ষনেতা জুৱেল আৰু নিৰঞ্জনেও আজি নিজৰ কৃতকর্মৰ অনুতাপ কৰিবলৈ বাধ্য হয়৷ তেওঁলোকেও আদালতক নিজৰ দোষ মাফ কৰিবলৈ আৱেদন জনায়৷ কিন্তু তেওঁলোকৰ কর্মৰ বাবে মাফ লাভ কৰাৰ কোনো পথ নথকাৰ বাবে দুয়ো ৰাজনৈতিক পথৰ অজুহাত গ্রহণ কৰে৷ নিৰঞ্জন হোজায়ে বর্তমান জনপ্রতিনিধি হোৱাৰ লগতে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ বর্তমানৰ কার্যবাহী সদস্য হৈ থকাৰ উপৰি তেওঁৰ লগত গড়কাপ্টানীকে ধৰি তিনিটা গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত থকা বুলি সদৰী কৰে৷ তেওঁ কাৰাবন্দী হোৱাৰ লগে লগে বিভাগসমূহৰ আঁচনিৰ কাম স্থবিৰ হৈ পৰিব আৰু জিলাখনৰ উন্নয়নত বাধা আহি পৰিব বুলি সদৰী কৰি মাফ কৰি দিবলৈ আদালতক আৱেদন কৰে৷ আনহাতে জুৱেল গালোর্ছায়ো জনপ্রতিনিধি হোৱাৰ লগতে তেওঁ কাৰাবন্দী হ’লে ৰাইজৰ উন্নয়নৰ কামত স্থবিৰতা আহি পৰিব বুলি কয়৷ লগতে তেওঁৰ পত্নী সম্প্রতি মানসিকভাৱে অসুস্থ আৰু সন্তানটিও সৰু হৈ থকাৰ কথা সদৰী কৰি আদালতক তেওঁৰ দোষ মাফ কৰাৰ আৱেদন কৰে৷ কিন্তু তেওঁলোকক ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে আৰু কাইলৈ স্পষ্ট হ’ব কিমান দিনৰ বাবে তেওঁলোক কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হ’বলগীয়া হ’ব৷ উল্লেখযোগ্য যে আজি দুয়োজনে আদালততে অগ্রিম জামিন বিচাৰি আৱেদন কৰিছিল যদিও তেওঁলোকৰ আৱেদন নাকচ কৰি আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰে৷
২৪ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰত দ্ৰুতগতিত বৃদ্ধি পাই অহা যান-জঁট নিয়ন্ত্ৰণৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগে চিটি বাছসমূহক টাইম কাৰ্ড প্ৰৱৰ্তন কৰে।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশনখনলৈ আহিবলগীয়া অৰ্ধলক্ষাধিক ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি ৷ ইতিমধ্যে অধিবেশনত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা  হেজাৰ হেজাৰ ভক্তপ্ৰাণ বৈষ্ণৱৰ সোঁত বৈছে নাৰায়ণপুৰলৈ।
নিজৰ ভাষণৰ ‘জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে’ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ কথাও আওৰায় বিধায়কজনে।
লোকসভাৰ পৰিবৰ্তে বিধানসভাৰ নিৰ্বাচনতহে প্ৰতিদ্বন্দ্বিতাৰ আগ্ৰহ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে৷
২০১৪ চনৰ আজিৰ দিনটোতে ভুমি পট্টাৰ দাবীত নিজৰ গাত জুই লগাই আত্মজাহ দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰণৱ বড়োৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী।
”মই মানুহ।
শ্বাহনাৱাজ আলম হিজবুল মুজাহিদীনৰ লিংকমেন বুলি আৰক্ষী অধীক্ষকে প্রকাশ কৰিছে৷ কামৰুজৰ লগত সঘন যোগাযোগ থকা যমুনামুখৰ শ্বাহনাৱাজ আলমৰ বিৰুদ্ধে হোজাইৰ আৰক্ষীয়ে যমুনামুখ থানাত 124/18 U/S 120 (b) 121/121(A) IPC R/W SEC 10(A)/17/18/19 Of UA (P) ACT নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ শ্বাহনাৱাজে লিংকমেন হিচাপে কাম কৰিছিল অসমত৷ এই মন্তব্য আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ৷
গুৱাহাটী,৮ অক্টোবৰঃ সুৰক্ষিত নহয় দেশৰ নিৰাপত্তা।
তেনেকৈ যুৱকসকলেও চিনেমাৰ নায়কে পৰিধান কৰা সাজ-পোছাকৰ ডিজাইনবোৰ বিচাৰি চলাথ কৰে।
পিছে আপুনি কেতিয়া আহিল?
খানাপাৰাত এখন জনসভাত অংশগ্ৰহন কৰিব তেওঁ।
মন্ত্ৰীগৰাকী আৰু আন আন বিশিষ্ট ব্যক্তিসকলে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে।
আনহাতে,আজি পুৱা স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাৰ নেতৃত্বত ৭৫জন বিশিষ্ট ব্যক্তিয়ে ৭৫খন পতাকা উত্তোলন কৰে।
সদায় খোলা থক
ৰসেশ্বৰে বায়েক যোৱাৰ ফালে চাই থাকে দুখমনেৰে আৰু কয় পাগলী কৰি দিলে মোৰ বাইদেউক।
“এইটো কিবা প্ৰশ্ন হ’ল নেকি, ভোলা হাজৰিকা আকৌ।
জোৱাৰ আহাৰ সময়ত এই বিকল্প পথটোৱেই হৈ পৰে বাহিৰৰ জগত খনৰ লগত যোগাযোগ ৰখাৰ একমাত্র উপায় ।
বেদুইন যাত্ৰা মালিতাখন যোৱা বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত চন্দ্ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰে।
নেতাগৰাকীয়ে ৰাফেল কেলেংকাৰীৰ নায়ক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে।
Home > লেখাপানীত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ দুজনক আটক
কিন্তু হিমন্তবিশ্ব শর্মা আৰু গৌতম ৰায়ৰ বিজেপিত পদার্পণৰ বিষয়টো একে নহয়।
আনহাতে, কিছুদিন পূৰ্বে প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয় লৈ সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘আমাৰ ৫৫৩/২০২০ লেখ আবেদনৰ ভিত্তিত কালি উচ্চ ন্যায়ালয়ে এক ৰায় প্ৰদান কৰে।
গড়কাপ্তানী বিভাগে শিঘ্ৰে এই  সমস্যাৰ  সমাধান নকৰিলে ভবিষ্যত সময়ত এই পথে ভয়াবহ ৰুপ ধাৰণ কৰিব।
বাহনসহ উদ্ধাৰ হৰেন বৰাৰ পৰিয়ালৰ মৃতদেহ
ডোনাল্ড ট্রাম্পৰ বক্তব্য :
১) পতিয়ে গা ধুই আহি যদি তেখেতে টাৱেলখন বিচনাত নথৈ ক’ৰবাত মেলি থৈছে তেনেহ’লে মৰম আৰু যত্নৰ পৰিমাণ বঢ়াওক।
গতিকে চেচনেলডাল ভাল হৈ থাকিলে আচল পৰীক্ষাত অলপ কম হ’লেও চলি যায় গৈ আমাৰ নিচিনাবোৰৰ।
স্থানীয় হাস্পতালত প্ৰাথমিক চিকিৎসাৰ কৰাৰ পাছত তেওঁক পাটনালৈ প্ৰেৰণ কৰা হৈছে।
পুৱা ১০.০২ বজাতঃ সেনা-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি বন্ধ হৈছে।
“ময়ূৰী ওজাৰ মাক কুইন ওজা ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী।