text
stringlengths
10
210k
ইয়াৰে ১৪ বছৰ অনুৰ্দ্ধৰ আৰু ১৭ বছৰ অনুৰ্দ্ধ্ধৰ দলীয় শাখাত মুঠ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু আৰ্টিষ্টিক আৰু ৰিডমিক শাখাত মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
কেইবাদিনো তেজ হাগনি কৰি আৰু বটিয়া বটিয়াই অচিন মুলুক অসমত, লেফটেনেণ্ট কৰ্ণেল জৰ্জ মেক মোৰেঁই মৃত্যুৰ সহযাত্ৰী হ’লহি।
মোবাইল হাৰ্ডৱেৰ যেনে বেটাৰীৰ সমস্যা,কী-বোৰ্ডৰ সমস্যা,মাইক্ৰ'ফোনৰ সমস্যা, শব্দৰ সমস্যা আৰু মোবাইলৰ ছফটৱেৰ যেনে ডাটা ডাউনলোড,মেডিয়া ডাউনলোড,পৰিচালনা প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি সমাধানৰ যোগেদি মাহিলি ২০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি।
আনহাতে,মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনসাধাৰণক নিজৰ দায়িত্ব পালন কৰি আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনাইছে।
চীনত হোৱা এক আৰম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক প্ৰদান কৰে হয় এই সন্মান।
কিন্তু তাৰপিছতো দেউতাকে মাত দিলে, “শুনা বিজয়, মই হ’লে কেঞ্চেল কৰি থৈ অহাটো খাটাং”।
নিশাৰ ৰাজপথত আৰক্ষীৰ সন্ধানত এগৰাকী মহিলা
পূর্ণিমাসম জ্বলয় বদন৷
ছানাউল্লাহৰ পত্নীৰ নাম এনআৰচিত আছে যদিও তেওঁ আৰু তেওঁলোকৰ তিনি সন্তানৰ নাম নাই এনআৰচিত।
ব্যস্ত আশীৰ্বাদ থিয়েটাৰৰ আখৰা গৃহ : "ধুৰন্ধৰ ৰোমিও"ৰ আখৰা চাই আপ্লুত দৰ্শক
বাৰিষা ব্রহ্মপুত্রৰ জলপৃষ্ঠৰ উচচতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত প্রতিবছৰৰ দৰে এইবাৰো গুৱাহাটী-উত্তৰ গুৱাহাটীলৈ অহা-যোৱা কৰা যাত্রীসকল চিন্তিত হৈ পৰিছে৷ বিভিন্ন সময়ত ভৰা ব্রহ্মপুত্রৰ বুকুত ইঞ্জিন বিকল হৈ আবদ্ধ হৈ পৰা ফেৰীৰ বাবে যাত্রীসকল বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷
অৱশ্যে মজদুৰৰ দৰমহা বৃদ্ধিৰ ফলত কোম্পানীয়ে কিছু ধনৰ বোজা অতিৰিক্ত লব লগীয়া হৈছে।
com পঠিয়াবলৈ আলােচনা সত্ৰৰ সমন্বয়ক ড° সঞ্জীৱকুমাৰ শৰ্মা আৰু ড° খগেন শর্মাই এক বিবৃতিযােগে আহ্বান জনাইছে ।
নেত্ৰ-বৃক্ক নহয়, ‘বক্ষদান’ কৰিব বলীউডৰ আইটেম গাৰ্ল ৰাখী ছাৱন্তেঃ VIDEO
সন্ধিয়া ৭.১০ বজাঃ বহুদিনৰ মূৰত মাতৃভাষাত কথা কৈছো।
নলবাৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক চিত্তৰঞ্জন পাঠক সহ কেইবাজনো বিষয়াৰ উপস্থিতিত আঁচনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিধায়ক শৰ্মাই নলবাৰী নাৰ্ছিং হোষ্টেলৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলি কয়।
মহিলাসকলৰ বাবে এই আন্দোলন এক সামাজিক আন্দোলন হওঁক।
তুমি অহাৰ বাটত
আৰক্ষীৰ লাঠী চালনাত বহু কর্মচাৰী আহত
বঙাইগাঁওঃ ৪ অক্টোবৰঃ’ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰে’ল শিল্পক কৰ্পৰেট গোষ্ঠীৰ হাতত বিক্ৰী কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচিছে ৷ কিন্ত এবাৰ যদি ৰে’ল ব্যক্তিগত খণ্ডৰ হাতলৈ যায় , তেন্তে ৰে’ল আৰু সাধাৰণ মানুহৰ যাতায়তৰ মাধ্যম হৈ নাথাকিব ৷ কাৰণ য’ত মাত্ৰ ৫০ টকাতে মানুহ ২০০ কিলোমিটাৰ যাব পাৰিছে , সেয়া বহুত বেছি খৰচী হৈ পৰিব মাথো ব্যক্তিগত খণ্ডৰ মুনাফাৰ স্বাৰ্থত ৷’এই ভাষ্য উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসৰ ৷ আজি অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ আহ্বানমৰ্মে কেইবাখনো ৰে’ল ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰাৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে প্ৰতিবাদ দিৱস পালন কৰৰ সমান্তৰালভাৱে বঙাইগাঁও ৰে’ল ষ্টেচনতো উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ উদ্যোগত আৰু ইউনিয়নৰ নিউ বঙাইগাঁও বিজি , কাৰখানা আৰু ৰানিং শাখাৰ সহযোগত ৰূপায়িত কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এইদৰে কয় নেতাগৰাকীয়ে ৷ তেওঁ কয় যে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন আৰু উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নে এয়া কাহানিও হবলৈ নিদিয়ে আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাস , বঙাইগাঁও শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে দ্বীপেন বৰা আৰু শম্ভু প্ৰসাদ দাস , কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক নিৰ্মল চক্ৰৱৰ্তী আৰু পৱিত্ৰ বৰ্মণ , নিউ বঙাইগাঁও শাখাৰ সভাপতি মনোৰঞ্জন নায়ক প্ৰমূখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷ উল্লেখ্য যে বঙাইগাঁৱৰ লগতে মালিগাঁও, লামডিং, আলিপূৰ আৰু তিনিচুকীয়া আদি স্থানতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব কল্লোল দেৱ শৰ্ম্মাই জানিবলৈ দিছে ৷
ইয়াৰ বিপৰীতে তেওঁ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী ঠাজি গিচাক কিওগিক সম্পূৰ্ণৰূপে সহায় আগবঢ়াব।
যিহেতু অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অনুপ্রৱেশ কৰাসকল ভাষা-ধর্ম নির্বিশেষে সকলো বিদেশী হিচাপে চিহিুত হৈছে, সেয়ে ১৯৭১ চনৰ ভোটাৰ তালিকাক ভিত্তি বছৰ হিচাপে লৈ নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হৈছে৷ এই নতুন নাগৰিকপঞ্জীৰ ভিত্তি বর্ষক লৈ সকলো দল-সংগঠন তথা অসমৰ ৰাইজে সর্বসন্মতিত উপনীত হৈছে আৰু সেয়ে সমগ্র অসমবাসীয়ে অসম চুক্তি অনুসৰিয়ে বিদেশী চিনাক্তকৰণ আৰু নাগৰিকপঞ্জীৰ উন্নীতকৰণ বিচাৰিছে৷
অৱশ্যে, চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা নোপোৱাৰ বাবে তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াব পৰা নাই।
দিল্লীত ভয়াৱহ অগ্নিকাণ্ড
” তথাপিও তাইৰ ওচৰত লাজত পৰিবলৈ মন নগ’ল আৰু সেয়ে চমুৱাই কৈ থলোঁ, “মই একো গম নাপাওঁ নহয়. . ”।
মুদ্ৰাদোষ – মৌচুমী বৰুৱা
বিশ্বত শ্ৰমিক দিৱসৰ তাৎপৰ্য যিমানে বৃদ্ধি হৈছে সিমানে একাংশ শ্ৰমিকে পাহৰিব ধৰিছে শ্ৰমিক দিৱসৰ স্মৃতি।
গাড়ীত বহিয়েই ৰত্ন খুড়াই বকলা মেলিলে৷
ৰাজ্যসভাৰ বৰ্তমানৰ মুঠ সদস্য সংখ্যা ২৪০জন আৰু যদিহে আটাইকেইজন উপস্থিত থাকে আৰু ভোট দিয়ে তেতিয়া চৰকাৰক এই বিধেয়কখন গৃহীত কৰাবলৈ প্ৰয়োজন হ’ব নিচেই কমেও ১২১জনৰ ভোট।
জাগৰণ ১৯৮২ যুগল কুমাৰ শইকীয়া
মহাত্মা গান্ধীৰ হত্যাৰ আঁৰত আৰএছএছ, অভিযোগ খাৰিজ ৰাহুল গান্ধীৰ
এই দাবীৰ প্ৰতি সমৰ্থন জনাই আজি অসম চৰকাৰৰ পৰিবহণ বিভাগে ৩০ শতাংশ ভাড়া বৃদ্ধিৰ অনুমোদন জনায় ৷ অহা ৯ অক্টোবৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ ।
অসম-অৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ অৱস্থাত থকা নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ প্রকল্পক লৈ পুনৰ উত্তাল হৈছে লখিমপুৰ৷ বিশেষকৈ নামনি সোৱণশিৰি প্রকল্পক লৈ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে প্রদান কৰা সেউজ সংকেতৰ পাছতে লখিমপুৰ-ধেমাজিত বিভিন্ন সন্থা-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদেও ধাৰাবাহিকভাৱে প্রতিবাদী কার্যসূচী পালন কৰি অহাৰ পাছত শেহতীয়াকৈ আজি বিয়লিৰে পৰা আৰম্ভ কৰিছে এন এইচ পি চিৰ নির্মাণ সামগ্রী অৱৰোধ কার্যসূচী৷
গতিকে নিজৰ মুলকত তেওঁ যে অন্য অশ্বিনী পুনাপ্পাৰ জন্ম দিব পাৰিব সেয়া ভাবিবৰ নিশ্চয় থল আছে!
এতিয়া আমাৰ সদস্যৰ সংখ্যা ২০হাজাৰৰো অধিক।
জানিব পৰা মতে, অহা মাহৰ পৰাই প্ৰশান্ত কিশোৰে মমতা বেনাৰ্জীৰ হৈ কাম আৰম্ভ কৰিব।
ৰঙিয়া বন সংমণ্ডলত চৰম অৰাজকতা
এই পৰ্যটনৰ প্ৰধান উপাদান তিনিটা হৈছে পৰিৱেশ-প্ৰকৃতি, পৰ্যটন আৰু স্থানীয় বাসিন্দা।
অসমৰ যুৱকৰ কেৰালাত কৰুণ মৃত্যু
দৰিদ্ৰতা নিৰ্মূলৰ নামত অৰ্থ ব্যৱস্থাৰ উন্নয়ন, সামাজিক উন্নয়ৰ নামত কংগ্ৰেছে একো কৰা নাই।
১৯৬৯ চনত শ্বিলঙত তেওঁ কাব্যচর্ আৰম্ভ কৰি প্রথমটো কবিতা লিখে৷ কবিতাটো পশ্চিম বংগৰ এখন আলোচনীত প্রকাশ পায়৷ কিন্তু যোৰহাটত থকা কালছোৱাত তেওঁ অসমীয়া ভাষাতো কাব্যচর্ আৰম্ভ কৰে৷ ১৯৭১ চনত তেওঁ প্রথমটো অসমীয়া কবিতা ‘সংশয়’ ৰচনা কৰে৷
দলৰ জেষ্ঠ্য নেতাসকলৰ ভাষ্য হ’ল, ‘আমি নিপ’লাল হোজাইৰ এটা কাৰ্যকাল দেখিলো।
প্রিয়ংকা চোপ্রা অবিহনে শ্বুটিং চলিব অসম পর্যটনৰ
কিন্তু একাংশ লোকে নিৰ্মাণ কাৰ্যত বৃহৎ কেলেংকাৰী সংঘটিত কৰি ভেকোঁভাওনা পতাৰ গুৰুতৰ অভিযোগ উঠে।
বৃহস্পতিবাৰে দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰগৰাকীৰ অধ্যয়ণ কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়সকলে স্থানীয় ৰাইজৰ সহযোগত উদণ্ড টেম্প চালকসকলক নিয়ন্ত্ৰণ কৰা, অনুজ্ঞাপত্ৰ অবিহনে দুচকীয়া বাহনৰ লগতে অন্যান্য বাহনৰ চালক সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু বিদ্যালয়ৰ সন্মুখত গতিৰোধক নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
‘আছে হেনদাং লোৱা নাই, ল’লে হেনদাং ৰক্ষা নাই’- এই বাক্যশাৰী এতিয়া ৰাইজে অনুভৱ কৰিছে।
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫ বছৰৰ মূৰকত পুনৰ একেলগ হৈছে ৰূপালী পর্দাৰ অন্যতম সফল যুটি অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত।
চিকিৎসা শিৱিৰটোত শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুন্টুৰৰ এখন জনসভা সম্বোধন কৰি অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক ‘লোকেশ কা পিতা’ বুলি কৈ ইতিকিং কৰাৰ পিছতে দেওবাৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
যাৰ ফলত মুৰে কপালে হাত দিবলগীয়া হৈছে  মীন পালনেৰে  পৰিয়াল পোহপাল দিয়া   যুবক জন   ।
হঠাৎ চেচা বতাহ এজাক খিৰীকীয়েদি সোমাই অহাত মই সাৰ পাই গ’লোঁ।
কিন্তু খিলঞ্জীয়া লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলাই অহা তীব্ৰ আন্দোলনৰ সন্দৰ্ভত টু এটা শব্দও তেওঁ নক’লে।
এন আৰ চিৰ কাম চলি থকাৰ সময়তে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ সেৱা সপ্তাহ: শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সাংসদ তপন গগৈৰ ৰক্তদান
উল্লেখযোগ্য যে এছ’চিয়েশ্যনৰ সাংস্কৃতিক সম্পাদিকা গৰিমা শইকীয়া গাৰ্গে ব্যক্তিগত কাৰণবশতঃ আজিৰ এই সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলে।
মাতাল হৈ গভীৰ নিশা কেতিয়াবা তাতেই শুই পৰে আৰু কেতিয়াবা হলং পলংকৈ আহি সোমাই নিজৰ ৰুমত।
পিছে শিক্ষামন্ত্ৰীৰ এনে এক ঘোষণাই নিশ্চিতভাৱে টে’ট উত্তীৰ্ণ শিক্ষকসকলক কিছু হ’লেও সকাহ দিছে।
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাত শুকুৰবাৰে সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ফকিৰগঞ্জৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুছ ছালামৰ সভাপতিত্বত এখন নাগৰিক সভা অনুষ্ঠিত হয়।
ছক্ৰেটিছ একা?
ডাঃ চমুৱাই নগাঁও পৌৰ সভাৰ অন্তৰ্গত প্ৰতিটো মহলাত কংগ্ৰেছ দলৰ ভেটি মজবুত কৰিবৰ বাবে চেষ্টা চলাবলৈ সকলোকে আহ্বান জনায়।
একেদৰে এতিয়াৰ পৰা যিকোনো দুৰ্ঘটনাজনীত কাৰণত প্ৰযোজ্য হ'ব এই কাৰ্ড সেৱা।
: হোৱাটচ্‌ আপ্‌ত পিটিকি থাকোঁতেই মানুহবোৰলৈ কিবা কিবি গুচি গ’ল নেকি!
লগতে আহ্বান জনোৱা হ'ল ঘৰত গৈ কোনোবা এডোখৰ ঠাই উলিয়াই গছ পুলি সমূহ ৰুবলৈ।
" জামিন সন্দৰ্ভত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকি এইদৰে কয় মালিয়াৰ সৈতে আদালতৰ পৰা একেলগে ওলাই অহা এগৰাকী সহযোগীয়ে।
বৃদ্ধ- বৃদ্ধাৰ পৰা প্ৰথমবাৰৰ বাবে ভোট দিবলৈ অহা কিশোৰ-কিশোৰীৰ লানি নিচিগা ভীৰে উৎসাহিত কৰিছে প্ৰতিটো ৰাজনৈতিক দলক ।
হিংসাত্মক ঘটনা সন্দর্ভত বিজেপিৰ প্রার্থীক আটক : নগাঁৱৰ নিজা প্রতিবেদক : নগাঁও জিলাৰ ৰাইদঙীয়াত কালি ভোটগ্রহণৰ দিনা সংঘটিত মাৰপিটৰ ঘটনা সন্দর্ভত স্থানীয় জাজৰি আৰক্ষীয়ে প্রাঞ্জল দাস নামৰ বিজেপিৰ প্রার্থী এজনক আটক কৰে৷ উল্লেখযোগ্য যে বটদ্রৱা সমষ্টিৰ অন্তর্গত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক সদস্য পদৰ প্রার্থী প্রাঞ্জল দাসৰ নেতৃত্বত একাংশ গুণ্ডাই অগপৰ ৰাইদঙীয়াৰ নির্বাচনী প্রচাৰ সমিতিৰ সম্পাদক নিতুমণি বৰাক ৰড আৰু লাঠীৰে আক্রমণ কৰি আহত কৰিছিল৷
ভাৰতৰ দৰে এখন সমৃদ্ধ এখন দেশৰ নাগৰিকে সমৰ্থন জনালে মুক্তিকামী কুৰ্দ সকলৰ  সপোন সফল হোৱাটো নিশ্চিত, এয়া মাৰিৰ মন্তব্য।
বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাত অচলাৱস্থা [1]
যুৱকজনৰ ঘৰ বিহাৰৰ বৈশালিত বুলি জানিব পৰা গৈছে।
দিল্লীৰ লগতে মাদ্ৰিদতো একলগে অনলাইনযোগে মুকলি কৰা হ'ব
হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে বৈকুণ্ঠধামলৈ পৰিণত লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ।
আজিৰ এই সমাৱেশত নগাঁও চহৰকে ধৰি ইয়াৰ পাশ্ববৰ্তী অঞ্চলৰ ব্যৱসায়ী সকলে নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচীতুঢ অংশগ্ৰহণ কৰে।
অন্তঃসাৰশূণ্য অসুখী দাম্পত্য জীৱনত বন্দী হৈ মৰিবলৈ নিবিচাৰি বিবাহ-বিচ্ছেদৰ জৰিয়তে তাৰ পৰা মুক্তি পাব বিচাৰিছে আৰু তাই বিচৰা ধৰণেই এটা নতুন জীৱন যাপন কৰাৰ কথা ভাবিছে।
এই সামগ্ৰিক ঘটনা প্ৰবাহৰ পৰা বিজেপি-অগপৰ মিত্ৰতা যে কোনো নীতিৰ আধাৰত হোৱা নাছিল, বৰঞ্চ ই ক্ষমতা দখলৰ এক বুজাবুজিহে আছিল, সেইটোৱেই মূৰকত প্ৰমাণিত হোৱাৰ লক্ষণ ফুটি উঠিছে।
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ ফেব্ৰুৱাৰী*
আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজন বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে গোৱালপাৰাৰ পৰা উত্তৰ শালমাৰা হৈ বঙাইগাঁওলৈ আহি থকা এ এছ-১৯ এ- ৫৭২১ নম্বৰৰ যাত্ৰাবাহী বাছখনৰ সৈতে বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশে গৈ থকা এ এছ- ০১ চি চি -৬৩৬০ নম্বৰৰ টাটা চুম'খনৰ মাজগাঁৱত মুখামুখী সংঘৰ্ষ হয় ৷ বাছ আৰু চুম'ৰ মাজত সংঘটিত এই মুখামুখী সংঘৰ্ষৰ ফলত বাছখন পথৰ ওপৰতে লুটি খাই বাগৰি পৰাৰ বিপৰীতে চুম'খন পথৰ দাঁতিৰ দ খাৱৈলৈ নামিগৈ পানীত পৰে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বাছখনৰ আহত যাত্ৰীসকলৰ মাজত চিঞৰ - বাখৰ আৰম্ভ হয় ৷
দাস, কালাইন ব্লক মন্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভূপেন্দ্র বৈষ্ণৱ, কালাইন সমবায় সমিতিৰ চেয়াৰমেন অচিত বৰণ দে, প্রকাশক বিধান চন্দ্র দাস, এনই ইন্ডিয়া অসম নিউজ পোর্টালৰ দক্ষিন অসম ব্যুৰো চিফ প্রদীপ্ত পুৰকায়স্থ, কবি মানসকান্তি চক্রৱর্তী।
সভাত বিশিষ্ট অভিনেতা জ্যোতি ভূঞা, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য হাজৰিকা নাগৰিক সন্থাৰ সম্পদক বিদ্যুৎ শৰ্মা আদিয়ে অংশ লয়।
বৰ্তমান চলি আছে পুনৰ আবেদন প্ৰক্ৰিয়া৷
তথাপিও হাৰ মনা নাছিল চেনীৰামে৷ যেনেকৈ নহওক সন্তান দুটাক ভাল কৰাৰ বাবে টকা ধাৰ লৈ হ’লেও চিকিৎসা কৰি গৈছিল৷ দুয়োটা সন্তানৰ চিকিৎসা কৰি থকাৰ সময়তে ঘৰখনলৈ আহিল তৃতীয়টো সন্তান৷ তৃতীয় সন্তানটোও একেই ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোৰ আলাই-আথানি নোহোৱা হয়৷ 
তেওঁৰ খা-খবৰ লোৱাৰ পাছত এইবোৰ কথা তেওঁৱেই কৈ গৈছিল-
“এনেই প্ৰতিবাদ কৰিলোঁ?
উদ্ধাৰকাৰী সকলে বোলে মৃতদেহ বোৰৰ পেটটো পানীৰ তলতে কাটি দিয়ে, যাতে মৃতদেহবোৰ উদ্ধাৰ নহয়।
ই-কমার্চক দৈনন্দিন জীৱনৰ এটা অংশত পৰিণত কৰাৰ তেওঁলোকৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমত তেওঁলোকে ডেলিভাৰী নেটৱর্ক সম্প্রসাৰিত কৰিছে৷ ইয়ে তেওঁলোকৰ গ্রাহকসকলক অধিক উন্নত সেৱা আগবঢো়ৱাত সহায় কৰিব, বিশেষকৈ উৎসৱৰ বতৰত৷ ৰাছলানীয়ে লগতে কয়, তেওঁলোকৰ ডেলিভাৰী নেটৱর্কৰ এই বৃদ্ধিয়ে স্থানীয় উদ্যমীসকলৰ বাবেও বহু সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰি দিব৷
উল্লেখ্য যে প্রতিষ্ঠানটোৱে এই পর্যন্ত ছেল্টছ গাড়ীখনৰ ৩২,০৩৫ খন বুকিং অর্ডাৰ লাভ কৰিছে।
আপোনালোকে নাজানে, ফিৰিঙ্গীৰ বিৰুদ্ধে ভাটিৰ ফালে পছোৱা বতাহ এজাক বলি আছে।
‘চৰকাৰে মহিলাসকলক নিৰাপত্তা দিয়াত বিফল হৈছে।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সমান্তৰালকৈ সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানৰ সেনাই যুদ্ধ বিৰতি উলংঘাৰে আক্ৰমণ চলাই আহিছে।
এইফালে, মুখ্য মন্ত্রীও নিবোকা চামোন৷ মাথোন, শ’লঠেকত পৰিলে, গায়ত্রী গোৱাৰ দৰে সেই একে আষাৰ মন্ত্র়, হেনো অসমৰ স্বার্থ হানি হোৱা একো কাম কৰিবলৈ নিদিয়ে৷ তেখেতৰ প্রাচীন বান্ধৱৰো মৌন সমর্থন৷ পূর্বৰ ব্রহ্মাণ্ড জাতীয়তাবাদীসকলো লাহে লাহে ভিজা মেকুৰী হৈ আহিছে৷ এতিয়া মুখত বাংলাদেশীক কর্ম (মানে পৰিশ্রম) অনুজ্ঞাপত্র দিয়াৰ কথা– ‘ৱর্ক৲ পার্মিট৲’হ্ল অসমীয়াক আলস্য উদ৲যাপন, নিদ্রা উদ৲যাপন আৰু আহাৰ মহীয়া ব’হাগী বিদায় উদ৲যাপনৰ অনুজ্ঞাপত্র দিয়াৰ প্রয়োজন নাই৷ অসমীয়াৰ সংস্কৃতি এনেয়েও সেয়ে৷ ইফালে মমতা দিদিয়ে হৰেক প্রকাৰে নিজৰ হৰেক ষড়যন্ত্র জাৰি ৰাখিছে৷ দিদিৰ অভিধানত বাঙালী আৰু বাংলাদেশীৰ মাজত একো পার্থক্য নাই৷ ১৯৫৬ চনত অতুল্য ঘোষৰ (অবিভক্ত) গোৱালপাৰা গ্রাস অভিযানৰ দৰে এতিয়া দিদিৰ পশ্চিম বংগৰপৰা পোন্ধৰ হাজাৰ সেনানীৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী বন্ধ৲ তথা সাৰা আসাম গ্রাস অভিযান৷ এয়াও এক ৰাষ্ট্রীয় স্বার্থৰক্ষা অভিযানহেহ্ল মমতা বেনার্জী, অর্ধেন্দু দে’, সুষ্মিতা দেব (বাংলাত ‘ৱ’ নাই) আৰু গৌতম ৰয় আদিৰ লগত মোদীৰ পার্থক্যটো বুজিবলৈ কচৰৎ কৰিব লাগিব৷ কিন্তু প্রশ্ন হ’ল– অসমৰ থলুৱাহঁত যাব ক’লৈ?
উজানবজাৰৰ নামঘৰত চুৰি কৰা দুই গভাইত চোৰক গ্ৰেপ্তাৰ
উল্লেখযোগ্য যে ,১৯৯৯ চনৰ ১৮ জানুৱাৰীত উক্ত গোচৰটো গোলাঘাটৰ ছেচন আদালতৰ ন্যায়াধীশ বি. চি. মেধিৰ আদালতত উঠে।
সময় সলনি হওক কিন্তু সময়ক বিষাত্তু কৰি সেই বিষাত্তু পৰিৱেশত লুতুৰি-পুতুৰি হ’লে নিজলৈ ঘাটি৷
এই প্রসংগতেই আমি সুধিব খুজিছোঁ আন এটা প্রশ্ন– আজি ৰাজ্যৰ কৃষিভূমি বৃহৎ পুঁজিপতিৰ গোষ্ঠীক গতাই দিয়াৰ যি ব্যৱস্থা চলিছে সেই ব্যৱস্থাৰ পাছত ৰাজ্যৰ কৃষিৰ উন্নতিৰ স্বার্থত মন্ত্রী-বিষয়াৰ ভিয়েটনাম ভ্রমণ হাস্যব্যংগাত্মক নাটকৰ দৰে নালাগেনে?
কিন্তু চি চি ব্ল’কেৰে পথচোৱা নিৰ্মাণ হ’ব লাগিছিল যদিও কিন্তু এচপৰাও ইটা নপৰিল পথচোৱাত।
কিন্তু দেশৰ আগশাৰীৰ বেচৰকাৰী প্ৰকৃতি সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ উদ্যোগত ৰাম টেৰাং গাঁওখন হাতী দণ্ডিৰ পৰা অপসাৰিত কৰি পুনৰ সংস্থাপিত কৰাৰ পাছত পুনৰ মুকলি হৈ পৰিছিল এই হাতী দণ্ডিটো।
আনহাতে নাগালেণ্ডত কে এল চিচিক প্ৰদান কৰা হৈছে হৈছে প্ৰাৰ্থিত্ব।
কোচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই জোঁৰ সমদল।
ছপা মাধ্যমত শ্রেষ্ঠ দৈনিক জনমভূমি
চিকিৎসালয়লৈ যাব অহা লোকজনক কি দুৰ্ব্যৱহাৰ কৰিছে তাক দাঙি ধৰিছে এই লেখাটোত।
লোকজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৫ পেকেট গাঞ্জা।