text
stringlengths
10
210k
কিন্তু সেইসকল কৰ্মচাৰী প্ৰায় ৪৫ মাহ ধৰি বঞ্চিত হৈ আছে প্ৰাপ্য বেতনৰ পৰা।
বাৰৈগ্রাম বজাৰৰ জল নিষ্কাসন ড্রেইনৰ কামত চুড়ান্ত দূর্নীতি।
বাংলাদেশ আৰু ভুটানৰ পিছত আলফা (স্বাধীন)ৰ শেষ আশ্ৰয়স্থল ম্যানমাৰৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ২০০৩ৰ “অল ক্লিয়াৰ”সদৃশ পৰিস্থিতিৰ আশংকা।
আমি ইয়াত চিঞৰ-বাখৰ কৰি থাকিলেই সকলো হৈ যাব বুলি ভৱাটো ভুল।
বৈঠকত উপস্থিত থকা স্থানীয় নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী সমিতিখনৰ সদস্য সকলৰ ভিতৰত আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, এমএমকে, জিলা সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, জিলা মহিলা সমিতি আদিৰ বিষয়ববীয়া।
চেষ্টা, যত্ন আৰু একাগ্ৰতাই তেওঁক পৰ্যায়ক্ৰমে আজি এই শিল্পী স্তৰলৈ আগুৱাই নিলে।
শুকুৰবাৰে গুজৰাট বিধান সভাৰ দিন ঘোষণা  কৰাৰ সম্ভৱনা আছে।
ইয়াৰ পাছতেই শ শ খালী চকীৰ সন্মুখতেই ভাষণ দিবলৈ আৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
ইফালে স্থানীয় ৰাইজে লগে লগে দুয়োক উদ্ধাৰ কৰি দক্ষিণ শালমাৰা থানালৈ নিয়াৰ পিছত অৱস্থা সংকটজনক দেখি আৰক্ষীয়ে দুয়োক দক্ষিণ শালমাৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।
অনুষ্ঠানটোত স্বপ্না বেজবৰুৱাৰ কৰ্মৰ প্ৰশংসা কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে কয়, স্বপ্না বেজবৰুৱা অতি সাহসী সাংবাদিক।
তদুপৰি বিত্তশালী কোনো কোনোৱে আকৌ আজিৰ সন্ধিয়াটো পৰিয়ালৰ সৈতে স্ফুৰ্তি-তামাচাৰে কটোৱাৰ উদ্দেশ্যে ঢাপলি মেলিছে ৰেষ্টুৰা, ধাবা কিম্বা বিলাসী হোটেললৈ৷ ইফালে, আজিৰ অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ যুগত নৱ বৰ্ষৰ শুভেচ্ছা জনোৱাৰ বাবে 'গ্ৰীটিংছ কাৰ্ড'ক এৰি নৱ প্ৰজন্মই ম’বাইলৰ জৰিয়তে মেছেজিং পদ্ধতিৰ যি পৰম্পৰা গঢ়ে তুলিছে তাৰ ব্যতিক্ৰম নহ’ল নগঞা যুৱক-যুৱতীৰ ক্ষেত্ৰটো৷ মুঠতে সৰ্বতে কেৱল আনন্দ-উছাহৰ ঢল বৈছে৷
মুলত নাম ভৰ্তিকৰণত ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি, সংৰক্ষণ নীতি মানি চলা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত এবছুৱে সোমবাৰৰ ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যখনৰ তাপমান ২২ ডিগ্ৰী চেলছিয়াচলৈ নামিছে।
অথচ দিগদাৰী এইখিনিতে যে ঘটনা বৰ্ণাবলৈ অৱশ্যম্ভাৱী ভাবে কেইটামান অদৰকাৰী চৰিত্ৰ আহি পৰে, যাৰ উপস্থিত গল্পটোত হয়তো তিমান দৰকাৰী নহয়, অথচ ইঁহতৰ কথা নক’লেও ঘটনাটো পোনপটীয়াকৈ বৰ্ণাব নোৱাৰি ।
Home > শিলিগুৰিত ইউ এন ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ
পুৱাৰ ভাগৰেই পৰা নাম-প্ৰসঙ্গ, ভাগৱত পাঠ আদিৰে আৰম্ভ হোৱা আজিৰ এই কাতিমহীয়া নামভাগিত ভিন্ন ঠাইৰ ভক্তৰ আগমন ঘটে।
সেই অনুপাতে গ্ৰাহকৰো ভিৰ নথকা নহয়।
আমি খেলুৱৈ সকলক সন্মান কৰো।
তেও কলে যে এই সম্পৰ্কত তেও কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
আনহাতে, ভাৰতৰ প্রায় ৮০ দৰিদ্রই গ্রামাঞ্চলত বাস কৰে৷ উল্লেখযোগ্য যে মোদীৰ আগতে দেশত দৰিদ্রতা নির্মূলৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা আনকেইজন প্রধানমন্ত্রী আছিল ইন্দিৰা গান্ধী, ইন্দ্র কুমাৰ গুজৰাল, অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং৷ মনমোহন সিঙৰ নেতৃত্বৰ ইউ পি এ চৰকাৰে চি ৰংগৰাজনৰ নেতৃত্বত গঠন কৰা এখন কমিটীয়ে ভাৰতত দৰিদ্রতাৰ হাৰ নির্ধাৰণ কৰিছিল প্রায় ২৯.৫ বুলি৷ ইফালে, ভাৰতত ক্ষুধাতুৰৰ সংখ্যাও বৃদ্ধি পাইছে৷ আন কথাত ভাৰতত ক্ষুধাতুৰৰ সমস্যাই এতিয়া গুৰুতৰ ৰূপ লৈছে৷ এই কথা জানিব পৰা গৈছে বিশ্ব ক্ষুধাতুৰ সূচকাংকৰ পৰা৷
মুখ‍্যমন্ত্ৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট, গ্ৰেপ্তাৰ মাজুলীৰ যুৱক
পিছে সমস্ত দোষ চৰকাৰৰ ওপৰতে জাপি দি নাগৰিক সমাজে হাত সাবটি বহি থাকিব নোৱাৰে৷ লিংগ সংৱেদনশীলতাৰ দৃষ্টিৰে মাথোন বিচাৰকসকলকেই নহয়, তদন্তকাৰী বিষয়া আৰু তেওঁলোকৰ সহায়কাৰী কর্মচাৰীসকলকো প্রশিক্ষিত কৰি তোলাৰ দায়িত্ব নিশ্চয়কৈ চৰকাৰৰ়, কিন্তু সামাজিক ক্ষেত্রত বা নিজৰ ঘৰখনতে পুৰুষসকলক আৰু বালকসকলক লিংগ সংৱেদনশীলতাৰ পাঠ শিকাব কোনে?
সোমবাৰে ‘কা’ৰ বিৰোধী এক সমাবেশত আছু, যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ মহিলা মঞ্চকে ধৰি কেইবাটাও দল-সংগঠনে শিল্পী কেইজনক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰতিযোগিতাখনত কোকৰাঝাৰ দলে ৩-১ গ’লৰ ব্যৱধানত ডিব্ৰুগড় দলক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।
আহিছিল সেই ক্ষণতো সোনকালেই।
লোকসভা নিৰ্বাচন আৰু তাৰ পাছতো ৰাজ্যখনত কেইবাটাও ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত সোমবাৰে পুৱা বৰেকপুৰ জিলা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫০ টা সক্ৰিয় বোমা।
বিৰ্তক অথবা প্ৰতিক্ৰিয়া হলেও অহা ১১ এপ্ৰিলৰ পৰা অসমত লোকসভা নিৰ্বাচন আৰম্ভ হোৱাটো নিশ্চিত।
কালি এই কথা প্ৰকাশ কৰে জিএছটি আৰু শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ মুখ্য আয়ুক্ত এছ আৰ বৰুৱাই।
দিল্লী আৰক্ষীৰ উক্ত দাবীৰ পিছতে বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰে কপিলৰ পিতৃয়ে৷ সংবাদমেলত পিতৃ গজে সিঙে দিল্লী আৰক্ষীৰ উক্ত মন্তব্যক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি দাবী কৰি কয় যে তেওঁলোকৰ পৰিয়ালৰ দূৰ-দূৰণিলৈ আপ দলৰ সৈতে কোনো সম্পৰ্ক নাই৷ 
মন্ত্ৰীপদ আৰু বাংলোক লৈ এনচিপি আৰু কংগ্ৰেছ বিধায়কৰ মাজত হতাহতি পৰ্যন্ত সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
মৰিয়নীঃ মেলেং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি।
২০০৫ চনত চতুৰ্থ সংশোধনীৰেও বিদেশীৰ সতি নাগৰিকত্ব দিলে।
সুদীৰ্ঘ দিন আত্মগোপনৰ অন্তত বুধবাৰে ডবকা থানাৰ তদন্তকাৰী বিষয়া এইচ এ মজুমদাৰে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিল্পৱ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অসমৰ সাংসদ ৰামেশ্বৰ তেলীয়ে খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।
আনহাতে ‘২০ বছৰ আগৰ অসম নহয়, আমাৰ গাত হাত দি চাওক’ বুলি দে’ই কৰা মন্তব্য ‘কেঞ্চাৰ বেমাৰৰ নিচিনা’ বুলি মন্তব্য কৰিছে তাহানিৰ অগপ চৰকাৰৰ মন্ত্ৰী হাজী আব্দুল ৰৌফে।
ছবিখনত জুবিন গাৰ্গে নায়ক কৰ্ণেল গোস্বামীৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰু যিয়ে তেওঁৰ তিনিজন বিশ্বস্ত সহযোগী সৈনিকৰ সৈতে ভাৰত-চীন সীমান্তত ৰাজনৈতিক কাৰণত অপহৰণ কৰি নিয়া এগৰাকী কণমানি ছোৱালীক উদ্ধাৰ কৰিবলৈ অভিযান চলায়।
উল্লেখ্য যে, আজিৰে পৰা ১৫ মে’লৈ অনুষ্ঠিত এচিয়ান ফুটবল ফেডাৰেচনৰ ‘গ্ৰাছ ৰুট’ দিৱসৰ লগত সংগতি ৰাখি আভা স্পৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনে এই ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
ইয়াৰ উপৰিও এনে ব্যৱস্থাপনা সৃজনগ্ৰামতো অব্যাহত আছে আৰু প্ৰয়োজনীয় সাহায্য বিতৰণ কৰি থকা হৈছে।
বেছি তেজ ওলোৱা নাইতো?
একেদৰে এ এম চি এইচতো এনে ভাইৰাছত আক্ৰান্ত হ'ব পৰা ৰোগীৰ তাৎক্ষণিক চিকিৎসাৰ বাবে দহখন বিচনাযুক্ত সুকীয়া ৱাৰ্ডৰ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি তেওঁ উল্লেখ কৰে।
ফটহুঃ- এয়া বয়সৰ দোষ- কাৰণ নদীৰ সিটোপাৰৰ ঘৰটোত পাৰ চৰাইটোৰ প্ৰেমিকাজনী আছিল আকৌ।
ডিজিটেল ডেস্কঃ ফোন ছাৰ্জিঙৰ সময়ত বিস্ফোৰণ হোৱা ঘটনা নতুন নহয়।
ইফালে ঘটনাক লৈ ৰাইজে আৰক্ষীক খবৰ দিয়াত ফুলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি জনা গৈছে।
পি অ’ কেত হাজাৰ হাজাৰ লোকৰ পাকিস্তানৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন
বৌ:- কি যে কয় নহয়!
নেহা বাৰ্মা তেজা সিং সুতন্তৰ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী।
বেলট পেপাৰ বিসংগতিৰ বাবেই ভোটগ্ৰহণ স্থগিত।
বাকী আন পদসমূহত ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈকে দৰমহা দিয়া হ’ব।
আৰু তুমি কৈছা তাই মেচিয়ৰ।
জীৱকুলৰ শৰীৰ বাবে অতি ক্ষতিকাৰক মেংগানিজ৷ ৷নগাঁও কলেজৰ পৰীক্ষাগাৰত কৰা হৈছিল এই পৰীক্ষা৷ দুয়োখন নদীৰে পানী সেৱন কৰাটো জীৱৰ যথেষ্ট বিপদজ্জনক বুলি ঘোষণা কৰে বিশেষজ্ঞ দলটোৱে৷ ইফালে, এই খবৰ বিয়পি পৰাত সম্প্ৰতি নগাঁৱৰ নৈপৰীয়া ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুয়ো খন নদীৰ পানী স্থানীয় ৰাইজে অতীজৰে পৰা গা-ধুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে৷
গৰুচুৰি কৰি দীৰ্ঘদিন ধৰি বিক্ৰি কৰিছিল শ্বিলঙত।
    দেশ মাতৃৰ বাবে প্ৰান আহুতি বীৰ জোৱান সুনীল কলিতাৰ  পহৰেদ আলী আহমেদ, : ১৫ জুন :২৮ মে’ত ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত আহত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ বীৰ জোৱান সুনীল কলিতাই।
বিদেশী ন্যায়াধিকৰকণে বিদেশী নহয় বুলি নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত গোচৰসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।
এই প্লেটফৰ্মত ভিলেজ ৰকষ্টাৰ্ছকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি উপদেষ্টা উৎপল বৰপূজাৰীয়ে জনাইছে।
পাছত দিনৰ ১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কলেজখনৰ অধ্যক্ষা ৰেচমা ইয়াছমিনে।
প্ৰায় পঁচপন্ন লাখ টাই-আহোম লোকৰ গৰিষ্ঠসংখ্যকৰে অৰ্থনৈতিক অৱস্থা অতি শোচনীয়।
পৰিয়ালৰ সদস্যই বহু ঠাইত বিচাৰ -খোচৰ কৰাৰ অন্তত অৱশেষত যুৱতী গৰাকীক বিচাৰি নাপাই  কচুগাঁও থানাত ২০১৬ চনৰ ১২ আগষ্টত এক এজাহাৰ(নং ০৩/১৬ ) দাখিল কৰে ।
দলনি বোলা ঠাইডোখৰৰ অলপ আঁতৰত এখন মীন পামৰ দৰে আৰু বাম যেন লগা এটা পুখুৰীহে আছে৷ কোনোৱে ক’লে মাটিখিনি ৰাজহুৱা৷ কোনোৱে ক’লে পুুখুৰীটোৰ মাটিখিনি এজন লোকৰ ব্যক্তিগত৷ নানা মুনিৰ নানা মত৷ ব্যক্তিগত হ’লে ৰাজহ বিভাগৰ কথা৷ ৰাজহুৱা হ’লে সাধাৰণ প্রশাসনৰ কথা৷ চৰকাৰী মীন পাম হ’লে চৰকাৰৰ মীন বিভাগৰ কথা৷ চৰাই-চিৰিকটিৰ নিয়মিত বিচৰণ আৰু বাসস্থান হ’লে আৰু চৰকাৰে পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দি ঘোষণা কৰিলে, বন বিভাগৰ কথা৷ তাত গছ-গছনি, অৰণ্য একো নাই৷ পথাৰৰ দলনিৰ মাজত বা ৰাজহুৱা বা কাৰোবাৰ ব্যক্তিগত পুখুৰীত মাছ খাবলৈ চৰাই আহিলে সেয়া পক্ষী অভয়াৰণ্য নহয়৷ মোক দেখা পাই তাত গোট খোৱা লোকসকলৰ ভালেকেইজনক অকাই-পকাই প্রশ্ন কৰি একো সদুত্তৰ নাপালোঁ৷
‘আমি ৰাজ্যখনত দ্ৰুত উদ্যোগীকৰণ বিচাৰো’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘কিন্তু একে সময়তে আমি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ সমৰ্থকো হ’ব নোখোজো।
আজি পঢ়া নাই, পঢ়িবহে৷ বেলকনিৰ চকী দুখনৰ মাজৰ সৰু মেজখনত থৈ গৈছে কাইলৈ বিলৰ পইচা নিবলৈ আহিব।
ভাৰতৰ ইনিংছত শিখৰ ধৱনে ৩১ ৰাণ কৰে।
ৰহিলা:–কৈছোঁ, কৈছোঁ।
বৰ্তমানলৈ হোৱাটছ এপ গ্ৰুপত কোনোৱাই আপোনাক এদ কৰি দিলে আপোনাৰ সেই গ্ৰুপটো ভাল নালাগিলে হাতত থকা একমাত্ৰ উপায়টো হ’ল সেই গ্ৰুপটোৰ পৰা ওলাই অহা।
অনুষ্ঠানটোত প্ৰায় দুকুৰি কবি, বিশিষ্ট লোকে কবিতা, গীত আৰু অনুভৱ ব্যক্ত কৰি আদৰ্শ পিতৃ-মাতৃৰ প্ৰশংসা কৰাৰ লগতে তৰংগিনী বৰ্মনৰ ভবিষ্যত উজ্জ্বল কামনা কৰে।
২৫. ৬ ডিচেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পানীপট।
-সি ইমান ব্যস্ত নে ফোনটো অনবৰত ব্যস্ত থাকে।
তাৰোপৰি বিদ্যুৎ পৰিষদে এনেদৰে গ্ৰাহকক হাৰাশাস্তি কৰি ধন সংগ্ৰহ কৰা কাৰ্য বন্ধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। . Recent News
বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডুবা নাৰামাৰী চুৱা গাঁৱৰ অন্তৰ্গত পিতৃ ললিত বড়োৰ পুত্ৰ বিনোদ বড়োক আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
ইমান ছাত্র-ছাত্ৰীক মাত্ৰ এগৰাকী শিক্ষকে গোটেইবোৰ বিষয় পঢ়াবলগীয়া হোৱাত বিদ‍্যালয়খনৰ শিক্ষাৰ মানদণ্ড সহজেই অনুমেয়।
যদি মাত্ৰ টকাৰ বাবে কোনো লোকে শিক্ষকতা কৰিছে তেন্তে তেনে শিক্ষকৰ পৰা যে ছাত্ৰ- ছাত্ৰীয়ে উচিত শিক্ষা নাপায় সেয়া প্ৰায়ে নিশ্চিত।
কানাডাক ২-০ ব্যৱধানত পৰাস্ত কৰি ভাৰতে বিশ্ব মহিলাৰ দলীয় স্কোৱাছ চেম্পিয়নশ্বিপত নৱম স্থান দখলেৰে অভিযান সামৰিছে৷ ভাৰতৰ জ্যোৎস্না চিনাপ্পাই প্রতিদ্বন্দ্বী হলী নাউঘটনক ১৩-১১, ১১-৫, ৭-১১ আৰু ১১-৭ ব্যৱধানত হৰুৱাই দলক ১-০ৰ অগ্রগতি প্রদান কৰাৰ পাছত ৰাষ্ট্রীয় চেম্পিয়ন দীপিকা পাল্লিকালে ছামান্থ কর্নেটক ১১-৭, ১১-৫, ১১-২ৰ পোনপটীয়া ব্যৱধানত হৰুৱাই দলৰ জয় নিশ্চিত কৰে৷ জ্যোৎস্না আৰু দীপিকাৰ জয়েৰে ফলাফল নিশ্চিত হোৱাত ভাৰতৰ তৃতীয়গৰাকী খেলুৱৈ আকাংক্ষা ছালুংখে ক’র্টত নামিব লগীয়া নহ’ল৷ উল্লেখযোগ্য যে প্রতিযোগিতাৰ কোৱার্ৰ ফাইনেলত প্রৱেশত ভাৰতীয় দলটো ব্যর্থ হ’লেও ২০১৪ চনৰ শেহতীয়া সংস্কৰণত চতুর্দশ স্থানত ৰোৱা দলটোৱে নৱম স্থান দখলেৰে পাঁচটা স্থানৰ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে৷
আজি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত শুনানি গ্রহণ
এওঁৰ আকৌ সব কথাতে মোক অবিশ্বাস কৰাৰ স্বভাৱ এটা আছে।
এক অৰ্থত ক’বলৈ গ’লে মই তেওঁক বহুত ভাল পাই পেলালো আৰু তেওঁ মোৰ ছাঁটো হৈ আজীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিলে।
কিন্তু প্ৰথমটো পদক্ষেপতেই পুনৰাই সমালোচিত হৈছে এসময়ৰ গোৰখনাথ মন্দিৰৰ সন্যাসী মুখ্যমন্ত্ৰীগৰাকী।
পুডুচেৰীঃ  ১৮ এপ্ৰিল
প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ দাবী- বৰ্দ্ধিত ফ্ৰীজৰ আমি ১ টকাও পৰিশোধ নকৰো।
বিবেক দাসৰ ‘এজন দেশদ্ৰোহীৰ(?
 নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ 'চাইড বাম'ৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে।
আমেৰিকাত ধুমুহাত ২২ জন লোকৰ মৃত্যু
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীৰ কমলাবাৰী সত্ৰত অনুষ্ঠিত সভাত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ এই সন্দৰ্ভত দিল্লীত কি স্থিতি গ্ৰহণ কৰিছিল জানিব বিচাৰে৷ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে অসমীয়া জাতিৰ আঘাত হানিব পৰা কোনো কাম সত্ৰ মহাসভাই নকৰে বুলি কয়৷ সভাত আক্ৰাছু, টিএমপিকে উপস্থিত থাকে৷
উন্মুক্ত সীমান্তইদি কেৱল খাটি খোৱা বাংলাদেশীৰে আগমন ঘটা নাই৷ আগমন ঘটিছে বিভিন্ন ধৰণৰ মৌলবাদী শক্তিৰো়, যাৰ বাবে অসমখনত মৌলবাদীৰ ঘাটিৰ সৃষ্টি হৈছে৷ বিভিন্ন মৌলবাদীৰে অসম ভৰি পৰিছে৷ এনে অৱস্থাত ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষিত হ’ব পাৰেনে?
আজি বিয়লি ৩:৩০ বজাত নলবাৰী ৰাজহুৱা শ্মশানত তেওঁৰ  শেষকৃত্য সম্পন্ন কৰা হ'ব।
লোকসভাই মত দিছে এই বিধেয়কক লিংগ ন্যায় হিচাপে, আনফালে বিৰোধীয়ে কৈছে এই বিধেয়ক কেৱল মুছলমান পুৰুষ পৰিপন্থী।
বৃহস্পতিবাৰে পাথৰিঘাতৰ ৰ‌ইনাকুছি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত  বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অনুষ্ঠিত এখন সজাগতা সভাত ভাগ লৈ  এই দিশত অভিভাৱকৰ লগতে  সমাজ সচেতন প্ৰতিগৰাকী লোককে সজাগ,সচেতন হৈ বাল্য বিবাহ ৰোধত আগবাঢ়িবলৈ মুকলি আহ্বান জনায় ।
বীয়াৰ গ্ৰীলছৰ বন্য অভিযানত ইতিমধ্যে সংগ দিছিল ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণৰ চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ৰজনীকান্তে।
এইবোৰ কলিতে মোহাৰি নেপেলালে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব।
বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল।
ডিজিটেল ডেস্ক, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাইছিল অবৈধ কাঠৰ বেহা৷ এই কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগে তীব্ৰ অভিযান চলাইছিল৷
সেয়েহে ৰাইজৰ যদি বেছি হেঁচা পাওঁ আৰু বিজেপিৰ তৰফৰ পৰা মোক আমন্ত্ৰণ জনোৱা হয়, আৰু যদি মন্ত্ৰীত্ব দিয়ে তেন্তে নিশ্চয় বিজেপি দললৈ যাম।
“কোনো কিন্তু নাই৷ অতপৰে কথা পাতি গম পাইছোঁ-তোমাৰ আৰু মোৰ মনৰ ভালেখিনি মিল আছে৷ যদি আমি দুয়োটা একলগ হওঁ, তেন্তে গড প্ৰ’মিছ কৈছোঁ-অসম আকৌ দপদপাই উন্নতিৰ পথলৈ আহি যাব৷ ল’ৰা-ছোৱালীবোৰৰ মুখত হাঁহি বিৰিঙিব৷ তেন্তে, মিলোৱা হাত….
পিছে দাইটি মোক্ হ’লে চাৰমিনাৰ ২ পেকেট লাগিব দেই।
ওদালগুৰিৰ পৰা ৰিজুল হক  :
বিষ্ণুদা এতিয়া চিতাত”।
সভাকক্ষৰ বাহিৰত সংবাদমাধ্যমক কয় যে- ‘বৈঠক ত্যাগ কৰাৰ বিশেষ কোনো কাৰন নাই।
প্ৰদৰ্শনীহে যেন চৰকাৰে কৰিলে তেনে এক অৱস্থাই দেখিবলৈ পোৱা গ’ল।
যি সময়ত আমি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বৰাই কৰিছোঁ, চন্দ্র অভিযান চলাইছোঁ, সেই সময়তে এনেবোৰ ঘটনাই এই কথা স্পষ্ট কৰি দিয়ে যে আজিও কন্যা সন্তান মানুহৰ বাবে প্রয়োজনত পেলাই দিব পৰা কাগজৰ ফুল৷ ভাবিলে আচৰিত লাগে, যি সন্তানৰ কামনাত মানুহে মন্দিৰে-মছজিদে-নামঘৰে আৰাধ্য শক্তিৰ আৰাধনা কৰে সেই সন্তানৰেই একাংশক কেৱল কন্যা হোৱাৰ ‘অপৰাধ’তেই পৰিত্যক্ত কৰে অথবা মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ আমি কাৰোঁ ধর্মীয় ভাবনাক লৈ সমালোচনা কৰা নাই৷ কিন্তু যিখন দেশত কুমাৰী পূজা কৰা হয়, সেইখন দেশতেই কুমাৰীৰ অৱস্থা কিমান শোচনীয়হ্ল
ইয়াতেই বায়ুসেনাৰ বিমানে আকাশ মাৰ্গত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।
মাৰুতিয়ে ডিচেম্বৰ মাহত মুঠ ১,২২,৭৮৪ খন বাহন বিক্ৰী কৰিছে।
কেৱল মমতা বেনার্জীয়ে নহয়, এই দিশত কংগ্রেছ দলটোৰ ভূমিকা অতিকৈ নিন্দনীয়৷ এন আৰ চিত ৪০ লাখ লোকৰ নাম বাদ পৰাত যি সময়ত অসমৰ খিলঞ্জীয়া লোক উৎফুল্লিত হৈছে, সেই সময়ত ৪০ লাখৰ সংখ্যাটোক লৈ কংগ্রেছ দল আতংকিত হৈছে৷ এন আৰ চিৰ খচৰা প্রকাশ পোৱাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই ৪০ লাখৰ সংখ্যাটোক লৈ আশ্চর্য প্রকাশ কৰিছে৷ একেই প্রতিক্রিয়া প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ৷ গগৈৰ মতেও ৪০ লাখৰ সংখ্যাটো বিশ্বাসযোগ্য নহয়৷ কিন্তু গগৈ, ৰিপুন বৰাই পাহৰি গ’ল যে ইউ পি এ চৰকাৰৰ দিনত গৃহৰাজ্য মন্ত্রীয়ে সংসদত দিয়া বিবৃতিত কৈছিল যে অসমত ৫০ লাখ বাংলাদেশী আছে৷ আচলতে মমতাৰ দৰে সংখ্যালঘু আৰু বিদেশীৰ ভোট হেৰুওৱাৰ ভয়ত কংগ্রেছ দলে ধোঁৱা-কোঁৱা দেখিছে৷ প্রকৃতার্থত অসমত বিদেশী সমস্যাই ভৰপক ৰূপ লোৱাৰ বাবেই প্রধানতঃ কংগ্রেছ দলেই দায়ী৷ বিদেশীৰ ভোটৰ মোহত অন্ধ কংগ্রেছে তাহানিৰে পৰা বিদেশী সম্পর্কত সদায় চকু মুদি থাকিল৷