text
stringlengths
10
210k
নির্বাচন বিভাগৰ সূত্রটোৰ মতে, নির্বাচন আয়োগৰ পৰা এইক্ষেত্রত কোনো নির্দেশ অহা নাই ৷ কংগ্রেছৰ ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙৰ পদত্যাগৰ পাছত খালী হৈ থকা দুখন আসনৰ লগতে বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ আসনখন খালী হ’বলৈ আৰু মাত্র ৬ মাহহে বাকী আছে।
২০১৮ বৰ্ষত ৰাজনীতিৰ জগতখনে হেৰুৱা ৰথী-মহাৰথী নেতাসকল হ’ল
নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰচণ্ড গুলিয়াগুলী।
সকলোৱে জানি থওঁক, ১৯ নৱেম্বৰত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ সঞ্চালকমণ্ডলীৰ বৈঠকত ১ লাখ কোটি টকা মুকলি কৰি দিবলৈ চৰকাৰে নিৰ্দেশ দিব।
ৰমেনে সকলো বুজি উঠিল৷ লাহে লাহে গছজোপাৰ পৰা তললৈ নামি আহি ভূতটোক ধৰিলে গবা মাৰি৷
চিনাকি মানুহ দেখি সেই নিমন্ত্ৰণ গ্ৰ্হণ কৰিলোঁ।
মধুমেহ আৰু উচ্চৰক্তচাপ জনিত ৰোগত আক্ৰান্ত কৃষক নেতা অখিল গগৈৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ দাবীত যোৱা ২০ ডিচেম্বৰৰ পৰা নিজ গৃহৰ সন্মুখত আমৰণ অনশনত বহিছিল।
এদিন আপুনি ক’বলৈ বাধ্য হ’ব ‘হয় আমি আটাইতকৈ সুখী পিতৃ-মাতৃ’, জীৱনৰ ৰংবােৰেৰে আবিৰ সানি তােলক।
বিশ্বনাথ  চাৰিআলি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰপৰা বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়া হৈ দ-গাঁওলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা অতিকৈ সুচনীয়।
প্ৰীতি উষা বাইদেউ।
এতিয়া প্ৰশ্ন হয় গড়কাপ্তানী বিভাগৰ দ্বায়িত্বত থকা প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা ওদালগুৰি জিলা প্ৰশাসনে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰিবনে ব্যৱস্থা?
উপকূলীয় ক্ষেত্ৰৰ সংৰক্ষণ তথা সুৰক্ষাৰ উদ্দেশ্যক গুৰুত্ব প্ৰদান কৰি পৰিবেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বৰ্ষ ১৯৯১ত উপকূলীয় নিয়ামক মণ্ডল অধিসূচনা প্ৰণয়ন কৰিছিল যাৰ ২০১১ চনত সংশোধন কৰা হৈছিল৷ এই সম্বন্ধত সময়ে সময়ে প্ৰাপ্ত অনুৰোধসমূহক গুৰুত্ব প্ৰদান কৰি অধিসূচনাক সংশোধিত কৰা হৈছে৷ সামুদ্ৰিক তথা উপকূলীয় পৰিবেশতন্ত্ৰৰ প্ৰৱন্ধন তথা সংৰক্ষণ, উপকূলীয় ক্ষেত্ৰৰ বিকাশ, পৰিবেশতন্ত্ৰীয় পৰ্যটন, উপকূলীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ সৈতে জড়িত বিকল্প তথা সামূহিক বিকাশ ইত্যাদি সম্বন্ধীয় ব্যৱস্থাসমূহৰ ব্যাপক সমীক্ষাৰ বাবে বিভিন্ন উপকূলীয় ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ সৈতে অন্য হিতাধিকাৰীসকলৰ তৰফৰ পৰা প্ৰাপ্ত অনেক অনুৰোধৰ আধাৰত এই অধিসূচনাৰ ব্যাপক সংশোধনী কৰাৰ প্ৰযোজনীয়তা অনুভৱ কৰা হৈছে৷
আজি পুৱা তেনেকুৱা এক বাতৰিৰ সংক্ৰান্ততে মহানগৰীৰ এটা পলিউশ্যন কেন্দ্ৰত ‘প্ৰতিদিন টাইম’ চেনেলৰ মহিলা সাংবাদিক এগৰাকীক  দুৰ্ব্যৱহাৰ কৰে।
লগে লগে মোৰ হুলস্থুল লাগি গ’ল।
সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত মহান শিল্পীগৰাকীৰ ষষ্ঠ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তি নিৰ্মাণৰ শিলান্যাস স্থাপন কৰা হয়৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ স্থানীয় এটি চাৰি বছৰীয়া শিশুয়ে সুধাকণ্ঠৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা যি দৰে প্ৰদৰ্শন কৰিলে তাক প্ৰত্যক্ষ কৰি সকলো স্তম্ভিত হৈ পৰে৷ কাৰণ, বৰ ৰাইদঙীয়াৰ টংকেশ্বৰ বৰা নামৰ সাংস্কৃতিবান লোকজনৰ চাৰি বছৰীয়া পুত্ৰ অম্লান বৰাই এটা খুচুৰা পইচাৰ ভৰ্তি টেমা সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নিৰ্মাত খৰছ কৰিবৰ বাবে উদ্যোক্তাসকলক প্ৰদান কৰে৷
সমগ্ৰ ৰাজ্য জুৰি বিদ্যুৎ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ৷ উৎকট গৰমৰ দিন কেইটাতো অনিয়মীয়া বিদ্যুৎ যোগানে মানুহক হাৰাশাস্তি কৰাৰ সময়তে বিদ্যুৎ বিভাগৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ নগাঁও জিলাৰ খালৈগাঁৱৰ ৰাইজে বুধবাৰে নিশা খালৈগাঁৱৰ ১৩২/৩৩ kv গ্রীড পাৱাৰ ষ্টেচনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
ডিফুৰ চীল কৰা কোষাগাৰত ভিজিলেঞ্চে চলাব অভিযান, গ্ৰেপ্তাৰ বিষয়া-কৰ্মচাৰীক জেৰা আৰক্ষীৰ
আনহাতে , বিদ্যুত্‍স্পৃষ্ট হৈ আহত হোৱা সকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।
সোণৰ পদক প্ৰাপ্ত আৰক্ষী বিষয়াসকল হৈছেঃ
শম্ভুনাথঃ কিয়?
দৰং জিলতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু দলংঘাট শাখা ছাত্ৰ সন্থাই যৌথভাৱে গণ প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিল কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷
চামগুৰিঃ কথা মতে কাম কৰিছে চৰকাৰে৷ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷ নগাঁও জিলাৰ চামগুৰিস্থিত ৰূপহী শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক স্তৰৰ বিদ্যালয়সমুহত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়৷
টেষ্ট ক্ৰিকেটত ৫০০০০০ ৰান কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড।
কাৰ্ডহোল্ডাৰৰ দেউতাকৰ নাম
১৯। ১১নং কালাচান্দ সমষ্টি – ৰতন জাৰাম্বুছা (বিজেপি)
কৰি থকাসকলেই এই কাণ্ড সংঘটিত কৰিছে আৰু সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাব বিচাৰিছে, যি কার্যক কোনো কাৰণতে আছুৱে সহ্য নকৰে বুলি লুৰিণজ্যোতি গগৈয়ে কয়৷ উক্ত চক্রটোক চিনাক্ত কৰি শীঘে গ্রেপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়৷ লগতে সাম্প্রদায়িক আৰু বিভাজনকামী চক্রটোৰ বিৰুদ্ধে শীঘ্রে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰক দাবী জনায়৷ কোনো অশুভ শক্তিয়ে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে জনসাধাৰণক সংযম বর্তাই ৰাখিবলৈ আহবান জনাইছে৷ অসমৰ ৰাইজে এখন বিদেশীমুক্ত এখন ৰাষ্ট্রীয় নাগৰিকপঞ্জী পায় সেই লক্ষ্যত উপনীত হ’ব লাগিব৷ লুৰিণজ্যোতি গগৈয়ে কয় যে আছুৰ কার্যালয় আক্রমণ, আছু কর্মীক আক্রমণ কৰা চক্রক কোনো কাৰণতে সহ্য কৰা নহ’ব আৰু ভয় ভাবুকিৰে আছুৰ গতি স্তব্ধ কৰিব নোৱাৰিব৷
এনেকৈয়ে এতিয়া উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আমি আকৌ উভতি যাব লাগিব আশী-নব্বৈৰ দশকলৈ।
# অবহেলিত,ৰজাদিনীয়া পিঠাগুৰিদৌল,শুকানী পুখুৰী সংৰক্ষণৰ দাৱী ৷
পিছত ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ উক্ত লোকসকলক নিজৰ জিম্মাত লয়।
সামগ্ৰী যোগনীয়াৰে জোখত ঠগে।
ৰাজ্যপালগৰাকীয়ে দেশৰ ভিন্ন প্ৰান্তৰ তুলনাত অসমৰ মানুহ ধাৰ্মিক বুলিও মন্তব্য কৰাৰ লগতে অসমৰ মন্দিৰসমূহৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে ।
জিলাৰ সদৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ প্ৰধান পথসমূহ জোৰ সমদলত অংশগ্ৰহন কৰা প্ৰতিবাদাকী সকলে পৰিদৰ্শন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখেৰে হাটশিঙিমাৰী-মানকাচৰ পথৰ ওপৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আমিও আমাৰ ঘৰলৈ নতুন কইনা অনাৰ ফূৰ্তিতে হাঁহিমুখে ঘৰলৈ বুলি বাট ল’লোঁ।
যত নেকি পূৰ্বৰ পৰা চলি থকা ৫০০, ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি নতুনকৈ ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল।
আজি তুলসীবাৰী বজাৰত বিদ্যুৎ বিল আদায়ৰ বাবে উপস্থিত হোৱা এনজিঅ’ৰ কৰ্মচাৰীৰক গ্ৰাহকে আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
পাঠশালাৰ শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ।
Nov 25, 2018 ত শেষ সম্পাদনা কৰা হৈছে
কম খৰছত ডিজিটেল জীৱন সকলোৰে প্ৰাপ্য।
দিব্যজ্যোতি শইকীয়াক কনকচন্দ্র শর্মা সাংবাদিকতা বঁটা প্রদান
যদিও সেইবছৰেই বানে দলঙখন উটুৱাই নিয়াত সম্প্ৰতি পুনৰ অঞ্চলবাসী ভীষণ সমস্যাৰ সন্মুখীন হৈছে।
য়েলাহংকাত চলি থকা এয়াৰ শ্ব’ত এই ঘটনা
তেওঁ অসম আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনসমূহতো আৰক্ষী বিভাগে এনেদৰে ৰাইজৰ সেৱা কৰি যাবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে।
জুৱাৰ ঘাটিত পৰিণত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা
আনহাতে, কেইদিনমান পূৰ্বেও গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগৰ এটা দলে খটখটিত বাহৰ পাতি অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও অবৈধ সুৰা অথবা সুৰাৰ চোৰাং ব্যৱসায়িক আটক কৰিবলৈ সক্ষম নহল যদিও মঙলবাৰে বোকাজানৰ মহকুমাৰ খটখটিত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এক ট্ৰাক অবৈধ অৰুণাচলী সুৰা জব্দ কৰে।
এই উপলক্ষে বৃহস্পতি বাৰে অসম ৰাজ্যিক সংগ্ৰহালয়ত অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই কথা সদৰী কৰি চলচ্চিত্ৰ খনৰ পৰিচালক কেনি বসুমতাৰীয়ে।
একেদৰে মেঘালয়তো পোৱা গৈছে ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতিৰ বাতৰি।
প্রসিদ্ধ প্রতিষ্ঠানসমূহে প্রস্তুত কৰা জেনেৰিক ঔষধসমূহৰ মান নিম্ন পর্যায়ৰ নহয় যদিও আমাৰ বজাৰত অজ্ঞাতকুলশীল প্রতিষ্ঠান কিছুমানে প্রস্তুত কৰা তথা মানৰ কোনো নিশ্চয়তা নথকা বহু জেনেৰিক ঔষধ উভয়নদী ৰূপত পোৱা যায়৷ আনহাতে বহুতে ভবাৰ দৰে জেনেৰিক ঔষধৰ খুুচুৰা বিক্রী মূল্য ইয়াত গুণমানসম্পন্ন নন প্রপাইটৰি ব্রেণ্ডেড ঔষধতকৈ কোনো গুণে কম নহয়৷
লগতে আটক কৰে ঘটনাত ব্যৱহাৰ কৰা মোবাইল ফোনটো।
দেওবাৰে পুৱাই সিন্ধুপালচ’কত ৪০ গৰাকী যাত্ৰী কঢ়িয়াই দিয়া এখন বাছ দুৰ্ঘটনাত পতিত হয়।
 চিৰাং জিলাৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতি বাৰে বিয়লি ৩ বজাত এখন সজাগতা সভা অনুষ্ঠিত হয়।
কিন্তু এই সকলো উত্তেজনা আৰু অত্যুৎসাহে যেন নতুন প্রজন্মৰ উদাৰ মনোবৃত্তিক, তেওঁলোকৰ নতুন আয়তনৰ চিন্তাৰ বাট ৰুদ্ধ নকৰে সেয়াও ভাবিবলগীয়া কথা৷ অমূল্যাই যদি ভুল কৰিছে তেন্তে তেওঁৰ আইনমতে শাস্তি হওক, কিন্তু আধৰুৱা মতামত এটাৰ আধাৰতেই তেওঁৰ বিৰুদ্ধে একপ্রকাৰ ‘মৃত্যু পৰোৱানা’ জাৰি কৰা, এখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে নক্সালৰ সৈতে সম্পর্কৰ বিচাৰ আৰম্ভ কৰা সমানেই বিপজ্জনক কথা৷ বিগত ক্রিকেট বিশ্বকাপৰ সময়ত এগৰাকী পাকিস্তানী সমর্থকে ভাৰতৰ ৰাষ্ট্রীয় সংগীত গোৱাৰ ভিডিঅ’ই খুব চর্চা লাভ কৰিছিল৷ সকলোৱে প্রশংসাও কৰিছিল৷ ভাৰত-পাকিস্তানৰ ক্রিকেটৰ সমর্থকৰ সমন্বয়ৰো নিদর্শন দেখা পোৱা গৈছিল৷ এইবোৰ কথাক সকলোৱে ইতিবাচক বুলিয়েই কিন্তু গ্রহণ কৰিছে৷ তেনে ক্ষেত্রত এগৰাকী কম বয়সীয়া ছাত্রীয়ে নিজৰ দেশৰ লগতে যদি চুবুৰীয়া দেশসমূহৰো কল্যাণ কামনা কৰে তেন্তে ই ‘ভয়াৱহ অপৰাধ’ হিচাপে গণ্য কৰা হ’ব নে নাই সেই কথাক লৈ চিন্তাৰ অৱকাশ নিশ্চয় আছে৷ তদুপৰি এনেবোৰ প্রসংগই অধিক গুৰুত্ব পোৱাৰ অর্থই হৈছে কা-ৰ বিৰুদ্ধে মানুহৰ মনোবল হ্রাস হোৱা৷ বিজেপিয়ে কা আন্দোলনৰ সৈতে পাকিস্তানৰ সম্পর্কৰ বিচাৰ আৰম্ভ কৰিছেই৷ গতিকে এনে জটিল আৰু স্পর্শকাতৰ ৰাজনৈতিক পৰিস্থিতিত নাগৰিকসকল অধিক সজাগ, সচেতন হোৱাৰ গত্যন্তৰ নাই৷
'অৰ্ধ প্ৰস্ফূতিত ৰঙা গোলাপৰ বৃন্তচ‍্যুত পাহি' নামৰ গল্প সংকলনখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে লেখক জিতেন কুমাৰ বৰুৱাৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি কয় যে অৱসৰ জীৱনৰ পিছৰ সময়ছোৱাত লেখকে কলমৰ মাধ্যমেৰে সমাজৰ বিভিন্ন দিশ আঙুলিয়াই সাহিত্য চর্চাত নিমগ্ন হোৱাটো সমাজৰ বাবে সুখবৰ।
ভোকৰ তাড়না আৰু পৰিয়াল তথা সমাজৰ দায়িত্ব লৈ শিক্ষকসকলে কেতিয়াবা ভাগৰি পৰে।
ইয়াৰে ছহিদুল হকক উদমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদত আৰু মুৰ্শিদা আলমক আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদৰ সদস্য পদত অ গ পৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।
 নিশা বন্দুক-বাৰুদেৰে সুসজ্জিত হৈ  অহা ডকাইতৰ দলে নিশা গৃহস্থক এটা কোঠাত বন্দী কৰি লুটি নিছিল সোণৰ অলংকাৰ আৰু নগদ ধন ৷ ইপিনে ডকাইতি সংঘটিত কৰিয়েই দলটো হাতীবাটৰ দিশে পলাই যাওঁতেই হাতীবাটত গাঁওৰক্ষী বাহিনীৰ মুখামুখি হৈছিল।
ৰাহুল গান্ধী কোন হয়?
১৫. উত্তৰ কাশীত ভূমিকম্পৰ জোকাৰণি।
ৰাজ্যিক কেন্দ্রীয় ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাই আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে আজি আগৰতলাত দ্বিতীয়খন আগৰতলা-বেংগালোৰ হমছফৰ এক্সপ্ৰেছৰ সেৱা শুভাৰম্ভ কৰে।
বিভিন্ন সময়ত ষ্টেছনটোৰ দুর্বল নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে অভিযোগ উঠি অহাৰ পাছতো এইক্ষেত্রত কোনোধৰণৰ গুৰুত্ব প্রদান নকৰিলে উত্তৰ-পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই৷ উল্লেখযোগ্য যে গুৱাহাটী ৰে’ল ষ্টেছনত মুঠ ৩৬ টা চি চি টিভি কেমেৰা আছে৷ ইয়াৰে ২২ টা চি চি টিভি কেমেৰা আৰ পি এফৰ নিয়ন্ত্রণত আৰু ১৪টা চি চি টিভি কেমেৰা জি আৰ পি এফৰ নিয়ন্ত্রণত আছে৷ কিন্তু নামতহে আছে ষ্টেছনৰ অধিকাংশ চি চি টিভি কেমেৰা৷ কাৰণ অধিকাংশ চি চি টিভি কেমেৰাই বিকল হৈ থকাৰ লগতে পূর্বৰ দৃশ্যাৱলীৰ ৰেকর্ড নাথাকে৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কালাম আজাদে আৰু মূখ্য অতিথি হিচাপে সভাত উপস্থিত আছিল দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া , দক্ষিণ শালমাৰাৰ বিধায়কৰ প্ৰতিনিধি আহিনুৰ মুল্লা, দক্ষিণ শালমাৰাৰ চিকিৎসালয়ৰ চিকিৎসক ড.
সতীর্থ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে সাম্প্রদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিধানসভা নির্বাচনৰ প্রচাৰৰ সময়ত বৰপেটা সত্রক লৈ ৰাহুল গান্ধী বিতর্কৰ আৱর্তত সোমাই পৰাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে অভিযোগকাৰীসকলে৷ ‘ধর্মীয় মেৰুকৰণৰ ৰাজনীতি আৰু নিকৃষ্ট মানসিকতাৰ পৰিচয় দি ৰকিবুল হুছেইনে ৰাহুল গান্ধীৰ ভ্রমণৰ আগনিশা বৰপেটা সত্রত নিজৰ ফটো ওলোমাইছিল৷’
পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিশিষ্ঠ অতিথি হিচাপে ৰাজ্যৰ বিঞ্জান-প্ৰযুক্তিবিদ্যা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, সাহিত্যিক দিলীপ চন্দ্ৰ বৰা আৰু বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া উপষ্ঠিত থাকিব৷
৪০০ পুৰুষ ভক্তৰ বন্ধ্যাকৰন কৰাৰ অভিযোগত চিবিআই আদালতত গোচৰ ৰজু হৈছিল
ফটা-প্ৰেম – অনুভৱ আকাশ
এনে সময়তে ৰাস্তাৰ কাষত কিছু জোপোহা থকা অলপ সুচল ঠাই পাই দ্ৰাইভাৰে গাড়ীখন ৰখালে।
ইয়াৰ লগতে ছপা মাধ্যমৰ সাংবাদিক সকলৰ সুবিধা হোৱাকৈ তথ্য প্ৰযুক্তি আৰু গ্ৰাফিক্স কলাৰ আলোকপাত কৰাৰ বাবে এখন চেমিনাৰো আয়োজন কৰা হৈছে।
জীৱনত ঘটা কিছুমান ঘটনা পাহৰো বুলিও পাহৰিব নোৱাৰি।
অভাৱেই আৱিষ্কাৰৰ মূল বুলি কয় নহয় !
দেশী-বিদেশী পর্যটকসকলে নিজৰ ভাষাত কথা পাতিবলে পালে ভাল পাব আৰু ইয়াৰ ফলত আমাৰ ৰাজ্যখনলে অহা বিদেশী পর্যটকৰ সংখ্যা বাঢ়িব ।
অধ্যাপকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে জম্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  মনোজ কুমাৰ ধাৰে।
২. দিল্লীৰ মোংগা নগৰৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড।
প্ৰাপ্তখবৰুনৰি দুজন বন্ধু সৈতে বন্ধুৰ সৈতে ওদালগুৰিৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত কোনো দুৰ্বৃত্তই এখন দুচকীয়া বাহনেৰে আহি পিষ্টলেৰে আক্ৰমনৰ চেষ্টা কৰে।
ভাগৰুৱা দেহাত কেতিয়া টোপনিটোৱে হেঁচি ধৰিছিল গম নাপালোঁ।
বঙাইগাঁৱত ৰে'ল শিল্পক ব্যক্তিগতকৰণৰ বিৰুদ্ধে উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বাইক ৰেলী- প্ৰতিবাদী সভা
সৰুৰে পৰাই এক জাতীয়তাবাদী মন লৈ ৰাজ্য তথা দেশখনৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে নিজকে নিয়োজিত কৰি অহা বুলি কৈ এই সন্মান প্রাপ্তিয়ে নিশ্চয় মোক এইখিনি মুহূর্তত আৱেগিক কৰি তুলিছে৷ মই আনন্দিত হৈছোঁ যদিও এই আনন্দৰ মাজতেই এটা কথাই মোক বাৰে বাৰে আমনি কৰিছে ৰাজ্যখনত মোতকৈও যোগ্য শিল্পী এই বঁটাৰ পৰা বঞ্চিত হৈছে নেকি?
শীঘ্রেই প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সম্পূৰ্ণ খচৰা সম্পৰ্কত সৰ্বসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে বিশ্বনাথ জিলা প্ৰশাসন আৰু গহপুৰ মহকুমা প্ৰশাসনে ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে।
সমাজ সংস্কাৰৰ প্ৰতি শংকৰদেৱ আছিল সচেতন।
উক্ত পথসভাখনত বক্তব্য ৰাখে দলৰ কৰিমগঞ্জ   জিলা কমিটিৰ সম্পাদক কমৰেড  অৰুনাংশু  ভট্টাচাৰ্য্য‌ই।
বহুতেই হাতত থকা টকা কেইটা আগবঢ়াইছিল।
উল্লেখ্য যে, ছপাকামৰ বিলৰ ধন আদায় দিয়াৰ বিনিময়ত অতশী দত্তই সুজিত চন্দৰ পৰা ৯৮ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল।
চাহ শ্রমিকৰ প্রতি বাজেটত যথেষ্ট উৎসাহী ব্যৱস্থাৰ কথা ঘোষণা কৰিছে যদিও শ্রমিকৰ শ্রমৰ নিৰাপত্তা, অন্যান্য সা-সুবিধা, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত গুৰুত্ব দিয়াটো মংগলজনক হ’লহেঁতেন৷ বেংকৰ একাউণ্টত টকা জমাতকৈ শ্রমিকৰ শ্রমৰ মর্যাদাপূর্ণ অৱস্থা এটাৰ প্রাপ্তিৰ বাবে সেই টকা ব্যয় হ’লে ভাল হ’লহেঁতেন৷ বাগিচাত শ্রমিকে ইতিমধ্যে পাই থকা সুবিধাবিলাক কাঢ়ি নিয়াৰ বিপৰীতে চৰকাৰে সিবোৰৰ অধিক সুবিধা প্রদানৰ প্রস্তাৱ দিয়া হ’লেহে বেছি উপকাৰ হ’লহেঁতেন৷
ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।
কিন্তু বিত্ত বিভাগে ধন মোকলাই দিয়াত পলম হোৱাৰ বাবে উদ্যান কর্তৃপক্ষই হাইলেণ্ড নির্মাণৰ ঠিকা যোৱা ২১ মার্চতহে আবণ্টন দিবলৈ সক্ষম হৈছিল৷ উদ্যানখনৰ সঞ্চালক সত্যেন্দ্র সিঙে প্রকাশ কৰা অনুসৰি হাইলেণ্ড নির্মাণৰ বাবে ২৬জন ঠিকাদাৰক যোৱা ২১ মার্চত ঠিকা আবণ্টন দিলেও ২৮ মার্চৰ পৰা আৰম্ভ হোৱা বৰষুণে ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত হাইলেণ্ড নির্মাণৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিলে৷ যাৰ ফলত ঠিকাদাৰে বানৰ পূর্বে এটাও হাইলেণ্ড সম্পূর্ণকৈ নির্মাণ কৰিবলৈ সক্ষম নহ’ল৷ ২৮ মার্চৰ পৰা প্রতি চাৰি-পাঁচ দিনৰ মূৰে মূৰে অহা বৰষুণৰ ফলত হাইলেণ্ড নির্মাণত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিলে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালকজনে কয় যে অৱশ্যে বৰষুণৰ মাজতো ঠিকাদাৰসকলে ৩৩টা হাইলেণ্ডৰ প্রায় ৩০-৩৫ শতাংশ কাম সম্পূর্ণ কৰে আৰু এইবাৰৰ বানত বহু বন্যপ্রাণীয়ে এই ৩০-৩৫ শতাংশ কাম সম্পূর্ণ হোৱা হাইলেণ্ডত আশ্রয় গ্রহণ কৰিছে৷ কাম সম্পূর্ণ নোহোৱাৰ বাবে কোনো ঠিকাদাৰক ধন আদায় নিদিয়া বুলি প্রকাশ কৰি সঞ্চালক সত্যেন্দ্র সিঙে কয় যে অহা নৱেম্বৰ মাহৰ পৰা হাইলেণ্ডসমূহৰ নির্মাণকার্য পুনৰ আৰম্ভ হ’ব৷ এইবাৰৰ বানত ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত আৰু কিমান বন্যপ্রাণীয়ে প্রাণ হেৰুৱাবলগীয়া হ’ল সেয়া পানী শুকোৱাৰ পাছতহে পোহৰলৈ আহিব৷ ইফালে এক সূত্রই প্রকাশ কৰা অনুসৰি বানৰ সময়ত কার্বি আংলঙৰ পাহাৰৰ দিশে যোৱা এশিঙীয়া গঁড় নিধনৰ বাবে চোৰাং চিকাৰীৰ কেইবাটাও দলে শেহতীয়াকৈ কার্বি পাহাৰ এলেকাত অৱস্থান গ্রহণ কৰিছে৷
কেন্দ্ৰীয় মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালে দেওবাৰে সম্পূৰ্ণ কৰিলে ১০০দিনৰ কৰ্মসূচী।
কিন্তু সমস্যাটো হ’ল দেউতাৰ কাপোৰ-কানিক লৈ।
প্ৰত্যুত্তৰত মিডিয়া কিং দলটোৱে চাৰি অভাৰত এটাও উইকেটৰ নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয় ।
ডিগবৈত পুৱতি নিশা অগ্নিকাণ্ড।
: অহ, সেইটো শিকাব লাগে।
মিষ্টাৰ লেণ্টিনে চকু-মুখত বিয়পি পৰা পৃথিৱীৰ সমস্ত আশ্বৰ্যৰে নেকলেচডাল টেবুলৰ পৰা তুলি ল’লে আৰু দোকানখনৰ পৰা ওলাই গ’ল।
মানুহজন এজন চৰকাৰী কৰ্মচাৰী।
*মিত্রতাক লৈ আৰম্ভণিৰে পৰা কোনোবাখিনিত কেৰোণ আছিল নেকি?
ৰোগীগৰাকীৰ দেহত সংকটপূৰ্ণ হাইপ’থাইৰ’ডিজম ধৰা পৰা বাবে এনাষ্ঠেছিয়া প্ৰয়োগ আৰু অস্ত্ৰোপচাৰৰ বাবেও জটিলতা আহি পৰিছিল।
ধানৰ চোপৰ সেউজীয়া অংশ খাই নষ্ট কৰাৰ ফলত ধানৰ পাতবোৰ হালধীয়া হ’ব ধৰে৷ পোকে জন্ম দিয়া পলুবোৰে পাতৰ ভিতৰতেই ডাঙৰ হৈ বিঘাই বিঘাই কৃষিভূমি নষ্ট কৰে যদিও কৃষকে গমকে নাপায়৷ যি সমূহ পথাৰত চৰহা পোকে বাৰে বাৰে আক্ৰমণ কৰে তেনে পথাৰৰ পূৰ্বৰ নৰাবোৰ পুৰি পেলাব লাগে বুলি কৃষি বিশেষজ্ঞ সকলে পৰামৰ্শ আগবঢ়ায়৷ নৰাৰ মূঢ়াবোৰত শতিকালৈ বাস কৰে পোকসমূহে৷
বৰ্তমানেও এই কবুচাপৰিটো জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ এক অনুপম নিদৰ্শন হিচাপে চিহ্নিত হৈ আছে।
ইয়াৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৪৮১ গৰাকী, ধিং এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ১৫ গৰাকী আৰু জখলাবন্ধা এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৩২ গৰাকীৰ দেহত ভয়াবহ এইচ আই ভি পজিটিভ ধৰা পৰাৰ তথ্য সন্নিবিষ্ট হৈছে৷ ইফালে, এই এইডছ আক্ৰান্ত সকলৰ ২২১ গৰাকী পুৰুষ, ২২৭ গৰাকী মহিলাৰ লগতে ৩১ টা শিশুৱে নিয়মিতৰূপত চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে৷
এসময়ত দেশৰ কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰা সত্যমূৰ্তিয়ে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু সেনা বাহিনীৰ বুজাবুজিৰ অভাৱ বুলি তীৰ্যক মন্তব্য কৰে।
তেনেদৰে এতিয়াও অব্যাহত আছে শিশু নির্যাতন, সৰবৰাহ আৰু বাল্য বিবাহৰ দৰে ঘটনা৷ উল্লেখযোগ্য যে অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ ওচৰত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যাই এই কথা অধিক স্পষ্ট কৰি তুলিছে৷ তথ্য অনুসৰি ২০১৬ বর্ষৰ পৰা চলিত বর্র্ষৰ নৱেম্বৰ মাহলৈকে অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ ওচৰত পঞ্জীয়ন হৈছে ৪৪১টা গোচৰ৷ ইয়াৰে ২০১৬ বর্ষত ৭২টা, ২০১৭ বর্ষত ৯৮টা, ২০১৮ বর্ষত ১৪৬টা আৰু চলিত বর্ষৰ ১১টা মাহত ১২৫টা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ ইয়াৰে অধিকাংশই শিশুক যৌন নির্যাতন চলোৱা আৰু শ্রমিক হিচাপে কামত ব্যৱহাৰ কৰাৰ ঘটনা৷
ইফালে পুত্ৰৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰিছে পিতৃ নিৰ্মল বৰচেতিয়া।
মাত্ৰ ৫২.৮৮ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ সম্পন্ন কৰি পদক জয় হিমাৰ।
প্ৰাণৰ মমতাত ঘৰ বাৰী এৰিছে এই অঞ্চলৰ ৰাইজে৷ কিন্তু কাণষাৰ নাই জনপ্ৰতিনিধীৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।