text
stringlengths 10
210k
|
---|
লগতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ ওচৰত ৰাফেল চুক্তিৰ ফাইলৰ উপলব্ধতাই ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলিও মন্তব্য কৰে। |
আমি কিবা কৰিব লাগিব যদি ক’বি তহঁতে। |
চিকিৎসক হ’লেও আমি মানুহ। |
আনহাতে, পক্ষীৰ বিলখনৰ লগতে লাগি আছে বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্বত নাম থকা ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান৷ এই ৰাষ্ট্রীয় উদ্যানখনৰ এক সুকীয়া পৰিচয় আছে৷ জৈৱ-বৈচিত্র্যৰে ভৰপূৰ ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যানখন নদীদ্বীপ ৰাষ্ট্রীয় উদ্যান৷ ৰাষ্ট্রীয় উদ্যানখনৰ ব্যতিক্রমী প্রাকৃতিক সৌন্দর্যই পর্যটকসকলৰ মন জয় কৰিবলৈ সক্ষম হয়৷ ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত সুযোর্দয় আৰু সূর্যাস্তৰৰ দৃশ্য দৃষ্টিনন্দন হৈ পৰে৷ মাগুৰি মটাপুং বিল আৰু ডিব্রু- ছৈখোৱা ৰাষ্ট্রীয় উদ্যান পৰিদর্শন কৰিবৰ বাবে বহুকেইটা ইক’টুৰিজিম কেম্পে ব্যৱস্থা কৰি দিয়ে৷ ডিব্রু নৈত শিহু দর্শনৰো ব্যৱস্থা কৰে৷ যন্ত্রচালিত নাৱৰ দ্বাৰা অৱসৰ বিনোদন কৰাৰ সম্পূর্ণ সুযোগ, থকা-খোৱাৰ ব্যৱস্থা এই ইক’টুৰিজিম কেম্পসমূহে ব্যৱস্থা কৰি দিয়ে৷ |
ইফালে কাৰ্যসূচীৰ মাজত শিশু সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যি চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দেশপ্ৰেমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। |
চলচ্চিত্র নির্মাণৰ ক্ষেত্ৰত কাৰিকৰী দিশত যথেষ্ট উন্নতি হৈছে। |
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰত স্প্ৰে মেন, সোপাধৰা, চূুৰি কাৰ্যৰ দৰে অসামাজিক কাৰ্যকলাপ চলি থকাৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই হেৰ’ইনৰ দুজন কুখ্যাত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ |
নিৰ্ভয়াৰ দোষীকেইজনৰ কাইলৈ অৰ্থাৎ ১ ফেব্ৰুৱাৰিত ফাঁচী হোৱাৰ কথা আছিল। |
গুৱাহাটীৰ বিভিন্ন থানাৰ আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰা একাধিক ড্রাগ৲ছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি লতাশিল আৰক্ষীয়ে উজান বজাৰৰ নিজা বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনসহ অভিনেতা নীৰেন শর্মাক গ্রেপ্তাৰ কৰে৷ তেওঁৰ ঘৰৰ পৰাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ নিষিদ্ধ ড্রাগছৰ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ |
আনহাতে,স্কৰপিঅ’ গাড়ীখন গোৱালপাৰা উপায়ুক্ত কাৰ্যালয়ৰ বুলি জানিব পৰা গৈছে ৷ স্কৰপিঅ’ গাড়ীখনেৰে এটি বিষয়াৰ দল অগ্ৰসৰ হৈছিল দুধনৈৰ কুশধোৱা উন্নয়ন খণ্ডৰ গ্ৰামীন স্বৰাজ যোজনাৰ কাম-কাজ পৰ্যবেক্ষণ কৰিবলৈ ৷ গাড়ীখনৰ আৰোহী আছিল গোৱালপাৰা জিলাৰ সহকাৰী আয়ুক্ত স্নিগ্ধ মিঠাক পাংছৰ, গ্ৰামীন স্বৰাজ যোজনাৰ নেশ্যনেল লেভেল মনিটৰিং প্ৰভাৰী সৌৰভ কুমাৰ (দিল্লী),সহযোগী বিষয়া প্ৰভাষ তনী(দিল্লী) আৰু গাড়ীখনৰ চালক আফটাব হুছেইন ৷ |
ডিজিটেল ডেস্কঃ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক অব্যাহতি দিয়াৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ অভিযোগ কৰিছে সদৌ অসম অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই। |
বুধিমতে আটাইকেইটাই তাকে কৰিবলৈ ধৰিলে আৰু ইফালে শিয়ালটোৱে গাঁতৰ মুখলৈ আহি বাঘ-বাঘিনীয়ে নেদেখাকৈ কিন্তু ভালকৈ শুনি পোৱাকৈ ক’বলৈ ধৰিলে – “ইহঁতে কেৱল বাঘহে খায়, ৰাতিপুৱাৰপৰা কেইটা যে বাঘ খালে পেটেই ভৰা নাই! |
গুৱাহাটীঃ গণশিল্পী, বিহু সম্ৰাট খগেন মহন্তৰ শনিবাৰৰ দিনটো ওপজা দিন। |
নতুন নিয়ম অনুসৰি SBIৰ যিসকল গ্ৰাহকে এতিয়ালৈকে নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন নাই কৰা তেওঁলোকৰ অনলাইন বেংকিং সেৱা বন্ধ হৈ পৰিব পাৰে শনিবাৰৰ পৰা । |
তাই কৈ থাকিল ইফালে মোৰ আকৌ মুখৰপৰা লিটাৰৰ হিচাপত পানীও পৰিবলৈ ধৰিলে। |
ব্ৰহ্মাদেৱে সকলো মেনেজ কৰিব। |
আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰাৰ আশ্বাস। |
Home > জামিন পালে মুখ্যমন্ত্ৰীক জোকোৱা(! |
আপুনি তদন্ত ঘোষণা কৰিছিল যদিও আজিলৈকে ৰিজাল্টসমূহ আপুনি ৰাজহুৱা নকৰিলে,”-বড়োৱে মন্তব্য কৰে। |
কিন্তু বিশেষ অসুবিধাৰ বাবে এই মহোৎসৱখনি বৰ্তমান স্থগিত ৰখা হৈছে ৷ অনুষ্ঠানৰ পৰৱৰ্তী দিন অচিৰেই ঘোষণা কৰা হ'ব বুলি মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে জানিবলৈ দিছে ৷ |
নতুন এক্সপেৰিয়েন্স হ’ল আমাৰ। |
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পাকিস্তানে বহু বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে। |
বিজেপি চৰকাৰে দেশত চিন্তা আৰু মত প্রকাশৰ স্বাধীনতা খর্ব কৰিছে |
তাই বৰ ভাল পাব। |
মা আৰু খুৰীয়ে চোতালত ধান মেলি দিছে। |
সি তাৰ ধর্মক নিজে নিৰ্বাচন কৰা নাই, |
উল্লেখ্য যে এই পিয়লৰ সমাপ্তি ঘটিব ২৮ মাৰ্চত। |
ডিজিটেল সংবাদ ,হৰিশিঙা : যোৱা সোমবাৰৰে পৰা ওদালগুৰি জিলাৰ ৰবি কছাৰী মিনি ষ্টেডিয়াম, হৰিশিঙাত ২০ তম্ সৰ্ব্ব ভাৰতীয় জোহোলাও বালিৰাম বড়ো স্বৰ্ণ কাপ ফুটবল টুৰ্নামেন্টৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ হয় । |
সকলাে যাত্রীয়ে এজন এজনকৈ নামি পথৰ দাঁতিৰ দোকানৰ বাৰাণ্ডালৈ দৌৰ দিলে। |
কেইদিন মোক জেলত সুমুৱাই ৰাখে চাওঁ,”- এইদৰে প্ৰত্যাহ্বান জনাই কয় হাজৰিকাই। |
দেওবাৰ আছিল সিদিনা৷ ১২ আগষ্ট৷ ২০১৮ চন৷ এঘণ্টা চল্লিশ মিনিট আগতে ১২ আগষ্টৰ দেওবাৰটোত সোমাইছে৷ সেই সময়তেই গভীৰ ৰাতি হোষ্টেলত কোঠাৰ পৰা মানসে মোলৈ মেছেজ পঠাইছে– ‘Librarians day r xuvessa৷’ ১-৪০ বজাত৷ মই পঢ়িছিলোঁ ৰাতিপুৱা শুই উঠি৷ দেওবাৰ আছিল সিদিনা৷ ১২ আগষ্ট, ২০১৮ চন৷ |
কিন্তু কোনো গুৰুত্ব নাই বিধায়কজনৰ । |
নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে মাকুমত কেইবাহাজাৰ লোক সমবেত হয়৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷ |
গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিষয়াগৰাকীৰ নাম গৌড় প্ৰসাদ বৰ্মন। |
লগতে অহা ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত এইবিলাক বিষয়ত ক্ষেত্ৰ পৰিদৰ্শন কৰি জ'নেল আৰু ছেক্টৰ বিষয়াসকলক প্ৰতিবেদন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ |
আজি এটা বিবৃতিযোগে সদৌ টাই আহোম ছাত্র সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে কয় যে মাজুলীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে প্রস্তাৱ গ্রহণ কৰাৰ ২৪ ঘণ্টাৰ পাছতে ২৬টাকৈ বাঙালী সংগঠনে মূৰ তুলিবলৈ সাহস কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্রত বিজেপি আৰু সর্বানন্দ সোণোৱাল- নেতৃত্বাধীন চৰকাৰখন প্রত্যক্ষভাৱে জড়িত আছে বুলি অভিযোগ কৰে৷ |
অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে মহকুমা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে। |
” মাকে চিঞঁৰিলে। |
পশ্চিম বংগত চিকিৎসকৰ ওপৰত হোৱা নিৰ্মম আক্ৰমণৰ প্ৰতিবাদত ১৭ জুনত সমগ্ৰ দেশজুৰি চিকিৎসালয়সমূহ বন্ধ থাকিব। |
অধিবিদ্যা পৰিষদ, অসমৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যকৰী সভাপতি অনন্ত চৰন শৰ্মা, সাহিত্যিক পৰশুৰাম বৰুৱা সহ ৫৫গৰাকী বিশিষ্ট লোকে ৰচীদ বহী উন্মোচন কৰে৷ অধিবেশন সফল কৰাৰ বাবে দৰং জিলাৰ সৰ্বপ্ৰকাৰৰ লোকৰ সহায় সহোগ কামনা কৰে সভাই৷ |
কিন্তু শেহতীয়াকৈ অসমত সংগঠনটো অধিক শক্তিশালী হৈ পৰা আৰু বিগত তিনি-চাৰিদিনত নামনি অসমত ৭জনকৈ জেহাদী গ্রেপ্তাৰ হোৱাত একপ্রকাৰ চিন্তিত হৈছে আৰক্ষীয়ো৷ কাৰণ ২০১৪ চনৰ পৰাই চলোৱা অভিযানত পশ্চিম বংগ আৰু অসমত অর্ধ শতাধিক জেহাদী গ্রেপ্তাৰ হোৱাৰ পাছত জেহাদী প্রায় উৎখাত হোৱা বুলি আৰক্ষী নিশ্চিত হৈছিল৷ কিন্তু আৰক্ষীৰ সেই অনুমান ভুল বুলি প্রমাণিত হ’ল৷ বিগত বছৰকেইটাত অভিযান তীব্রতৰ নকৰাৰ ফলত নামনি অসমৰ বৰপেটা, চিৰাং, নলবাৰী, বঙাইগাঁও, কোকৰাঝাৰ আদিত অধিক শক্তিশালী হৈ উঠে জে এম বি বা জে এম আই৷ |
তাৰোপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰৰ শিক্ষাও প্ৰদান কৰা হয়। |
প্রণিধানযোগ্য যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ তীব্র হেঁচাৰ বাবে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ গুৱাহাটীৰ পৰা বাংলাদেশৰ লগতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে বিমান সেৱা আৰম্ভ কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিছে৷ সেই অনুসৰি যোৱা মাহৰ পৰা গুৱাহাটী-ঢাকা সংযোগী বিমান সেৱা আৰম্ভ হৈছে৷ আশা কৰা হৈছে অনাগত দিনত দক্ষিণ-পূব এছিয়াৰ আন আন দেশসমূহলৈকো গুৱাহাটীৰ পৰা বিমান সেৱা আৰম্ভ হ’ব৷ |
দিল্লীৰ সকলো জিলা ন্যায়ালয় বন্ধ থাকিব মঙলবাৰে। |
সকলোকেইজন খেলুৱৈ প্ৰায় একে সমান ওখ আছিল। |
আৰু প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত এক পেনাল্টীৰ জৰিয়তে ডেনিয়েল ছেখ’ভিয়াই বেংগালুৰু দলক সমতালৈ আনে। |
আনহাতে নিৰ্বাচনত ব্যবহাৰ কৰিবলগীয়া ইলেক্ট্ৰনিক ভোটিং মেচিনসহ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কাইলৈ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ১০ টা অস্থায়ী কাউন্টাৰৰ পৰা বিতৰণ কৰা হ'ব বুলিও অৱগত কৰে ৷ সেয়ে সকলোৱে পুৱা ৬ বজাৰ আগতে বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হ'বলৈ আহবান জনায় । |
গতিকে কোনো আগ পিছ নাভাৱি এদিন বিহু মাৰি গামোচাৰ পতাকা উৰুওৱা উইংগাৰ গাড়ীখনত সিহঁতৰ দলটোৰ সৈতে ঘৰলৈ গৈ থাকোঁতে হঠাৎ বিপুলৰ হাতখন খামোচ মাৰি ধৰিছিল পাহাৰীয়ে৷ তাৰ পিছত হাতত গুজি দিছিল তিনি পৃষ্ঠাৰ এখন চিঠি৷ ক’বলৈ সেয়া প্ৰেম প্ৰস্তাৱৰ চিঠি আছিল যদিও আনে দেখাৰ পৰা বচাবলৈ যাওঁতে যাওঁতে সেইখন হাতৰ মাজতে চিঠি লাডুলৈ পৰিণত হৈছিল৷ যেন সেই মুহূৰ্ততে বিপুলে লাড়ুটো হাতৰ পৰা নি মুখত ভৰাই গিলি দিব আৰু উগাৰ মাৰি ক’ব “মইও তোমাক ভালপাওঁ পাহাৰী” ৷ |
৫ ৰ পৰা ৭.৫ লাখ আয়ৰ সকলৰ বাবে নিৰ্ধাৰণ ১০% কৰ |
ইপিনে, জাগীৰোড কাগজ কলৰ অব্যহৃত ভূমি চৰকাৰে বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰো অভিযোগ আনে আদিত্য খাখলাৰীয়ে। |
লগে লগে ফ্লেচবেক দেখুৱাব। |
মাৰোৱাৰী ব্যৱসায়ীয়ে হিচাপৰ বহীৰ একেবাৰে ওপৰত ‘শ্ৰীলাভ’ৰ চিম্বলটো অংকন কৰাৰ দৰে নোটবুকত ওপৰত উল্লেখ কৰা নামটো লিখি তলত আঁচ দুডাল টানি বহি আছোঁ। |
মটৰ ভেহিকল সংশোধন বিল, ২০১৭ আৰু পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে আহি পৰা সমস্যাসমূহ সমাধানৰ বাবে পথ পৰিবহণ শ্ৰমিক সংগঠনসমূহৰ সদৌ ভাৰত সমন্বয় সমিতিয়ে চৰকাৰৰ লগত আলোচনা কৰিও বিফল হোৱাত ২৪ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ বেচৰকাৰী বাছৰ লগতে টেক্সী, চৰকাৰী বাছ, স্কুল বাছ, পৰিবহণৰ বাছ-ট্ৰাক, অট’ৰিক্সা আদি সকলোৱে এই ২৪ঘণ্টীয়া বন্ধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ মটৰ পৰিবহণ সংশোধনী বিল, ২০১৮ক ইতিমধ্যে লোকসভাই অনুমোদন জনাইছে ৷ ৰাজ্যসভাত অনুমোদন পালেই আইনলৈ ৰূপান্তৰিত হ’ব ৷ |
বিশেষ দিনটোত খানাপাৰাত ৰাজ্যপাল জগদীশ মুখীয়ে গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰিব। |
বিয়াৰ পিছত দুই পুত্ৰ সন্তানৰ পিতৃ হয় শেষাদ্ৰী ওৰফে আব্বাছ। |
যাৰ বাবে চোৰৰ গাঁৱখনত চকু ৰাখে আৰক্ষীয়ে। |
প্ৰাপ্ত তথ্য মতে প্ৰথম বিবাহ বাৰ্ষিকী উপলক্ষ্যে পত্নীৰ বাবে আমনিৰ পৰা উপহাৰ লৈ বন্ধু বিনয়ৰ সৈতে এ এছ -১২ ডব্লিউ -৪৩৯৭ নম্বৰ আপাচি বাইকেৰে আমলখি বাগিচাস্থিত নিজ ঘৰলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। |
ফাংগিয়াৰৰ বিধায়ক লেইছিও কেইছিঙে তেওঁৰ ভাষণত সকলো সম্প্ৰদায়ৰে পৰম্পৰা সংস্কৃতি সংৰক্ষণ কৰাৰ ওপৰত জোৰ দিয়ে। |
এই কাৰ্ডখনৰ আছে কেইবাটাও বিশেষত্ব। |
ডিজিটেল সংবাদ, বোকাজানঃ ভাৰতবৰ্ষৰ ৰাজপথ ২৪ ঘণ্টাই মহিলাৰ বাবে সুৰক্ষিত। |
বৃহস্পতিবাৰে পুনৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত জিলা খনৰ সকলো প্ৰকাৰৰ লোক ৰাজপথলৈ ওলাই আহে৷ দৰিদ্ৰ শ্ৰমিক, কৃষক, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, সমাজ সচেতন লোক, সাহিত্যিক আদিকে ধৰি সমাজৰ প্ৰতিটো স্তৰৰ লোক লখিমপুৰৰ ৰাজপথলৈ ওলাই আহে৷ |
পানেৰীত শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ |
সাধাৰণতে ইতিহাস অধ্যয়নৰ অনেক মাধ্যম, সমল বা উৎসৰ ভিতৰত লেখত ল’বলগীয়া এটা উৎস হৈছে পুৰণি তাম্রফলি অধ্যয়ন৷ তাম্রফলিত খোদিত লিপি, ছবি, চিহু ইত্যাদিৰ তুলনামূলক, তাত্ত্বিক আৰু বিশ্লেষণাত্মক অধ্যয়নেৰে ইতিহাস অনুসন্ধানৰ প্রয়াস প্রতিগৰাকী ইতিহাসবিদেই কৰে৷ লেখক প্রাঞ্জল শর্মা বশিষ্ঠই সমসাময়িক ভাৰতীয় ইতিহাস অধ্যয়নৰ বাবে বাছি লৈছে কেইখনমান বিখ্যাত গ্রন্থ৷ প্রাচীন তাম্রফলি সদৃশ গ্রন্থকেইখনৰ লেখকসকল হ’ল– অমর্তয সেন, সুধীৰ কাকৰ আৰু কেথেৰীনা কাকৰ, হিৰণ্ময় কার্লেকাৰ, গুৰুচৰণ দাস, নিৰোদ কুমাৰ বৰুৱা, পৱন কুমাৰ বার্মা, এন আৰ নাৰায়ণমূর্তি, কুলদীপ নায়াৰ, ইন্দ্র কুমাৰ গুজৰাল, চন্দ্রশেখৰ কম্বাৰ, ৰামচন্দ্র গুহ, ব্রিটিছ লেখক তথা সাংবাদিক অলিভাৰ বেলচ আদি৷ ভাৰতীয় লেখক সমাজৰ ভিতৰত কোনোবা এগৰাকী যদি নোবেল বঁটা বিজয়ী অর্থনীতিবিদ আন এগৰাকী আকৌ প্রসিদ্ধ সাংবাদিক অথবা ইতিহাসবিদ৷ বিখ্যাত লেখক-সমালোচক, ৰাজনৈতিক ব্যক্তি, মানৱ অধিকাৰ কর্মী, উদ্যোগপতি, মনোবিদ ইত্যাদিৰ ৰচনাৰ যোগেদি উজলি উঠা সমসাময়িক ভাৰতবর্ষখনক প্রাঞ্জল শর্মা বশিষ্ঠয়ো সংক্ষেপতে যি ধৰণে এই গ্রন্থখনত তুলি ধৰাৰ প্রয়াস কৰিলে– সেয়া সঁচাই আদৰণীয়৷ অসমীয়া ভাষাত বোধকৰো এনেধৰণৰ কিতাপৰ সংখ্যা তেনেই নগণ্য বা এনেধৰণৰ নতুন বিষয়ক একেটা সূত্রৰে বন্ধা কিতাপ নাই বুলিবই পাৰি৷ লেখক-প্রকাশকে গ্রন্থখন ৰচনা আৰু প্রকাশ কৰি এক মহৎ কর্ম সাধন কৰিছে যেন আমাৰ ধাৰণা হয়৷ |
তাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাইজ শান্তি প্ৰিয় বুলি কয়। |
আলীয়ে শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। |
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল দেশৰ নিয়োগ খণ্ডৰ এই মন্দাৱস্থাত আটাইতকৈ বেছি প্রভাৱ পেলাইছে বিমুদ্রাকৰণৰ দৰে হঠকাৰী সিদ্ধান্তই৷ এই কথা মোদী চৰকাৰে স্বীকাৰ নকৰিলেও পৰিসংখ্যাই এতিয়া সেই কথা প্রমাণ কৰি দিছে৷ নৰেন্দ্র মোদীৰ এই ভয়ংকৰ পদক্ষেপে যে দেশৰ অর্থনৈতিক ক্ষেত্রখনত সুদূৰপ্রসাৰী নেতিবাচক প্রভাৱ পেলাইছে সেই কথা লুকাই ৰাখিবলৈ যিমানেই চেষ্টা নকৰক লাগে ই কেতিয়াও লুকাই ৰাখিব পৰা কথা হৈ থকা নাই৷ এই প্রতিবেদনতে এটা কথা উল্লেখ কৰা হৈছে যে বিমুদ্রাকৰণৰ পাছতেই, ২০১৭ চনৰ প্রথম মাত্র চাৰি মাহৰ ভিতৰত দেশত ১.৫ নিযুততকৈও অধিক চাকৰি লোপ পাইছিল৷ বিমুদ্রাকৰণে ক্ষুদ্র উদ্যোগ, ব্যৱসায়কে ধৰি বিভিন্ন সৰু সুৰা নিয়োগ ক্ষেত্রক কিদৰে প্রভাৱিত কৰিছিল সেই লৈ যথেষ্ট চিন্তা-চর্ হৈ আহিছিল৷ এতিয়া ই নিয়োগ ক্ষেত্রখনক কিমান ভয়ংকৰভাৱে প্রভাৱিত কৰিছে সেই কথাৰ প্রমাণ সকলোৰে সন্মুখত তুলি ধৰিলে৷ দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ দুর্নীতি হিচাপে চিহিুত হোৱা এই বিমুদ্রাকৰণৰ দৰে সিদ্ধান্তই দেশক যে প্রকৃততে একো দিয়া নাই বৰং দেশৰ অর্থনীতি বহু কাললৈ কঁকাল পোনাব নোৱৰাকৈ বেঁকা হৈ পৰিছে সেই কথাৰ ইয়াতকৈ ডাঙৰ প্রমাণ আৰু কি লাগে? |
টপৰাই ক’লে, |
এই আন্দোলনৰ ফলতেই অসমৰ পাঁচ জনকৈ নিৰীহ তেজাল যুৱক ফেচিষ্ট অসম চৰকাৰ তথা অসম চৰকাৰৰ ভেৰোণীয়া আৰক্ষী বাহিনীৰ গুলীত প্ৰাণ আহুতি দিয়ে। |
সাংবাদিক সকলৰ চিনাকি পৰ্ব আৰু আদৰণি অনুষ্ঠানৰ আত ধৰে এন ই লাইভ ট্যুডেৰ সম্পাদক ছহিজুল আলীয়ে আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে বৰপেটাৰ ষ্টাফ ৰিপ’ৰ্টাৰ সামেজ উদ্দিন আহমেদে। |
তেওঁ দিনমজুৰি কৰি জীৱন যাপন কৰি আহিছিল। |
২৬ মে’ত NDA নেতৃত্বই সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক |
ছাত্ৰ কেইজনে সদৰী কৰা মতে তেওলোকে পৰীক্ষাগৃহত কোনো ধৰনৰ অসৎ উপায় অৱলম্বন কৰা নাছিল আৰু কোনো নিৰীক্ষকে ৱাৰ্নিং বা নকল কৰা বুলি লিখা নাছিল। |
ছাত্ৰ, গৱেষক আৰু বৃত্তিজীৱীসকলৰ বাবে ই হ’ব. . . বিনিময় প্ৰথাৰে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয় দিন |
নিৰ্বাচনৰ পূৰ্বে হীৰেন গোহাঁইকে ধৰি যি সকল বুদ্ধিজীৱিয়ে বিজেপিক ভোট প্ৰদান নকৰিবলৈ কৰা আহ্বানৰ প্ৰতিফলন বৰ্তমান অসমৰ ৰাইজে পাইছে বুলি ছাত্ৰ নেতাগৰাকীয়ে মন্তব্য কৰে। |
কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ মাৰ্কিন পত্নী সহ বন্দীত্বৰ দুৰ্বিষহ ৫ বছৰৰ কথা কৈ শিয়ৰি উঠে। |
চিলনী কি খাই জীয়ে। |
সেয়েহে এন আৰ চি কর্তৃপক্ষই কিয় এনে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হ’ল তাৰ এক প্রত্যয়জনক ব্যাখ্যা মঞ্চই দাবী কৰে৷ লগতে এদিন বা দুদিনৰ সময় দি এনে শুনানিত উপস্থিত থাকিবলৈ নির্দেশ দিয়া বিষয়টো বাস্তৱসন্মত সিদ্ধান্ত নহয় বুলি প্রকাশ কৰি সাধাৰণ লোকৰ ওপৰত এনে এক অমানৱীয় হেঁচা প্রদান নকৰি তেওঁলোকক এক ব্যাৱহাৰিকভাৱে গ্রহণযোগ্য সময় প্রদান কৰিবলৈ এন আৰ চি কর্তৃপক্ষৰ ওচৰত দাবী জনায়৷ |
তমসাহঁতৰ নতুনকৈ বিয়া হৈ ঘৰত থকা সৰুজনী খুৰীয়েকক দেখুৱাই আন এজনী খুৰীয়েকে কৈছিল, “কেনে দেখিলে বাইদেউ ? |
অতি পৰিতাপৰ কথা যে শিক্ষাৰ পোহৰে ভাৰতবর্ষৰ বহু গাঁও এতিয়াও স্পর্শ কৰিব পৰা নাই৷ স্পর্শ কৰিছে কেৱল শিক্ষাৰ বিভিন্ন আঁচনিবোৰৰ ঢোক-ঢাল প্রচাৰ ব্যৱস্থাৰ, ৰেডিঅ’, টেলিভিছন, বাতৰিকাকতসমূহৰ বৰ বৰ বিজ্ঞাপনত৷ কেৰালা, অসম আদিকে ধৰি ভাৰতবর্ষৰ কেইখনমান মুষ্টিমেয় ৰাজ্যৰ বাহিৰে ভাৰতবর্ষৰ বহু ৰাজ্যত আজিও শিক্ষিতৰ হাৰ দুখ লগা৷ শিক্ষাৰ অধিকাৰ আইন, সর্বশিক্ষা অভিযান মিছন আদিৰ জৰিয়তেও ভাৰতীয় শিক্ষা ব্যৱস্থাই শিক্ষিতৰ সীমা চুবগৈ পৰা নাই৷ ক’ৰবাত বিদ্যালয় আছে, ছাত্র-ছাত্রী নাই, ক’ৰবাত ছাত্র-ছাত্রী আছে বিদ্যালয় নাই, আন ক’ৰবাত আকৌ এই দুয়োটা আছে কিন্তু শিক্ষক- শিক্ষয়িত্রী নাই৷ ই চৰম বিফলতা৷ লক্ষ লক্ষ কোটি টকাৰ বৃহৎ আঁচনি, পৰীক্ষা, পৰিকল্পনা, মধ্যাহু ভোজনৰ প্রৱর্তন কৰাৰ পাছতো আজি এই দুৰৱস্থা৷ প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচচ শিক্ষাৰ প্রতিষ্ঠান, বিশ্ববিদ্যালয়, আই আই টি আদি পর্যায়লৈকে সমস্যা একেই৷ বহু প্রতিষ্ঠানত পঢ়িবলৈ ছাত্র-ছাত্রীৰ অভাৱ আৰু আন বহু অনুষ্ঠানত ছাত্র-ছাত্রীৰ অনুপাতে আসন যথেষ্ট হোৱা নাই৷ বহু মেধা ছাত্রই আই আই টিৰ নিচিনা উচচ শিক্ষাৰ প্রতিষ্ঠানত অতি সীমিত সংখ্যক আসনৰ বাবেই আজি বঞ্চিত হ’ব লগা হয়৷ |
দল আৰু প্ৰাৰ্থীৰ বেনাৰ-পোষ্টাৰেৰে পৰিপূৰ্ণ নিৰ্বাচনী কাৰ্যালয়ত দৃষ্টিকটু পৰিৱেশ৷ |
পোনাকন নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনে গছৰ মুঢ়াটোত বহি মাথোঁ কান্দিছে। |
ছবিখনৰ কাহিনীও তেওঁৰেই। |
উল্লেখ্য যে কামপুৰৰ ৰাস পথাৰত কেন্দ্ৰীয়ভাৱে উদ্যাপন কৰা হয় স্বাধীনতা দিৱস । |
শেহতীয়াকৈ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত অসম চৰকাৰৰ বিশেষজ্ঞ দলে কৰা পৰিদর্শনত ওলাইছে নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ এই প্রকৃত স্বৰূপ৷ উল্লেখযোগ্য যে নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্রকল্পই লখিমপুৰত সৃষ্টি কৰা ধবংসলীলাৰ পাছত লখিমপুৰৰ বিভিন্ন সন্থা-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে কৰা প্রবল প্রতিবাদৰ ফল স্বৰূপে অসম চৰকাৰে পৰিষদৰ বিষয়ববীয়াৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল৷ |
ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত খালী আছে শ শ পদ; ২০১২ চনৰ পৰা হোৱা নাই নিযুক্তি |
স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয় যে এই বিষটো মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো আৰু অতি সোনকালে এইখিনি কৰাৰ চেষ্টা কৰিম। |
সিফালৰপৰা দেখিলো, ছোৱালী এজনী কাণত হেডফোন লগাই বৰ ষ্টাইলত কিবা গাই গাই খোজ কাঢ়ি (যেন নাচি বাগিহে) আহি আছে৷ লগত ল’ৰা এজনেও পিচে পিচে মোবাইলত গান লগাই আহি আছে৷ যিমানে ওচৰ পাইছে সিমানে তাইৰ চিঞৰটোও বেচিকৈ শুনা গৈছে৷ |
লগতে কয়, ভোটাৰশ্বিপ মানৱ জাতিৰ সকলো সমস্যা সমাধানৰ মাজেৰে সৃষ্টি হোৱা এটি নতুন জীৱন। |
দূৰৈৰ পৰা তাৰ আও-ভাওৰ পৰা ধৰিব পাৰিলোঁ সি আজি সফল হৈছে। |
‘নাগৰিকত্ব সংশোধন বিধেয়ক কাৰ্য্যকৰী কৰিলে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয়’ বুলি সংগঠনটোৱে যোৱা ১৭ এপ্ৰিলত নাগৰিকত্ব সংশোধন বিধেয়কক লৈ দিল্লীত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত মত প্ৰকাশ বুলি যোৱা ২২ এপ্ৰিলত হোজাইত সংবাদমেলযোগে সদৰী কৰিছে। |
বৈঠকখনত সভাপতিত্ব কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে। |
আনহাতে কিশোৰীগৰাকীয়ে ৰঙিয়াত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত ভয়াৱহ দিনৰ কথা সোঁৱৰে। |
আৰক্ষীৰ বেশত ডকাইতি কাণ্ড কেনেকৈ কৰিবলৈ সাহস পালে দুৰ্বৃত্তই সেয়া ৰহস্য জনক। |
এতিয়া তিনিজন দিগ্গজ নেতাৰ মাজত আৰম্ভ হৈছে টিকটৰ যুদ্ধ । |
লগতে ব্ৰক্ষ্মপুত্ৰ জিলা পৰিষদৰ অন্তৰ্গত পূৱ মিছামৰা গাওঁ পঞ্চায়তৰ কংগ্ৰেছ ২ আৰু বি জে পিয়ে ৮ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে । |
ফোনযোগে তেলীক সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হবলগীয়া মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে। |
কিন্তু তেওঁ গাঁৱে-ভূঞে ঘূৰি এক শ্ৰেণীৰ অনুগামীৰ জৰিয়তে গ্ৰাম্যাঞ্চলত ক’ব নোৱাৰাকৈয়ে এক সাম্যবাদী চিন্তাৰ প্ৰসাৰ কৰিছিল। |
‘অৰ্থাৎ বুদ্ধদেৱ বসুৰ নিচিনা বঙালীসকল স্বভাৱতেই চাহাব, হিন্দু সভ্যতাৰ নহয়, গ্ৰীক আৰু খ্ৰীষ্টীয় সভ্যতাৰ উত্তৰাধিকাৰী। |
এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশৰ দিহা কৰা হৈছে। |
ডাঙৰ মূৰ্তী সাজি সমূহীয়া ভাবে কৰা হৈছে পূজা । |