text
stringlengths 10
210k
|
---|
এই ভ্ৰমণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰেছ ক্লাবৰ সদস্য আৰু সাংবাদিক সকলৰ মাজত এলানি মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। |
তবিব : বেছি কৰি নাথাকিবা কিন্তু! |
বক্স অফিচৰ দ্বিতীয় দিনাৰ যুঁজতো পৰাজয় হয় বাটলা হাইছৰ। |
চকলেটত পোক ওলোৱা খবৰ নতুন নহয়। |
আনহাতে মন্ত্রী ড০ শর্মাই লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা আত্মসহায়ক গোটৰ এখন সভাতো ভাষণ দিয়ে৷ সভাত ৫টা আঞ্চলিক গোট আৰু ৪টা আত্মসহায়ক গোটক ২৫ হাজাৰকৈ সাহায্য বিতৰণ কৰে৷ মহিলা সবলীকৰণৰ এখন সভাত মন্ত্রীগৰাকীয়ে কেইবাখনো আঁচনি ঘোষণা কৰে৷ ইয়াৰ ভিতৰত কনকলতা মহিলা সবলীকৰণ, ইন্দিৰা মিৰিৰ নামত বিধৱা পেঞ্চন আঁচনি আছে৷ অহা ছেপ্টেম্বৰ মাহৰ পৰা বিধৱাসকলক ২৫ হাজাৰকৈ নগদ সাহায্য প্রদান কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ জিলা পুথিভঁৰালৰ প্রেক্ষাগৃহত অনুষ্ঠিত সভাত মন্ত্রী নৱ কুমাৰ দলে, সাংসদ প্রদান বৰুৱা, বিধায়ক উৎপল দত্তৰ লগতে জিলা প্রশাসনৰ মুৰববীসকল উপস্থিত থাকে৷ |
১৯৬৯চনৰ পৰা ২০১১ চনলৈ কৰুণানিধি ৫ বাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছিল। |
উল্লেখযোগ্য যে চোৰ দুজনে যোৱা ২০ নৱেম্বৰ তাৰিখে গোলাঘাট নগৰৰ ‘কে বি ইলেকট্ৰনিকছ’ নামৰ এখন দোকানৰ পৰা উক্ত মূল্যৱান স্মাৰ্ট ফোনকেইটা চুৰি কৰিছিল। |
NASA TVতো ২০ মিনিটৰত এই দীঘলীয়া কথা-বতৰা সম্প্ৰচাৰ কৰা হয়। |
বিপদ সীমাৰ তললৈ গ’ল পানী, কিন্তু বিপদমুক্ত নহ’ল ডিৰাক-চুমনি বান্ধ। |
পুলিছে সন্দেহ কৰে স্কুলৰ মাষ্টৰ এজনক, যিজনে তান্ত্ৰিক সাধনা কৰে শ্মশানলৈ গৈ। |
চীনত ন’ৱেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৯৪৩ লৈ বৃদ্ধি |
আনকি, উজনিৰ সুৰা ট্ৰেজেদিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ পিছতো পশ্চিম নগাঁৱৰ এইবোৰ চুলাই ভাতিত এই পৰ্যন্ত উচ্ছেদ অভিযান চলোৱাৰ পৰা বিৰত থকা বিষয়টোয়ে আবকাৰী আৰু আৰক্ষীৰ লগত অবৈধ ব্যৱসায়ীৰ যে গোপন বুজাবুজি আছে সেইটো স্পষ্ট হৈ পৰিছে৷ |
মুঠতে শিশু দিৱস উপলক্ষে অনুষ্ঠিত কৰা ৰাসলীলা নাটকত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰি বিদ্যালয়খনৰ চৌহদ এক বৃন্দাবনলৈ ৰূপান্তৰিত কৰে। |
ৰাইজে আশা কৰিছে অনাগত দিনত এই ধৰণৰ কৰ্মই নিৱনুৱা সমস্যা সমাধান কৰাত সহায়ক হব আৰু প্ৰগতিৰ বাট মুকলি হব। |
অৱশ্যে অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। |
অসমৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে । |
সভাত মানুহ নহয় বাবেই হিমন্তই নৃত্য কৰিছে এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। |
৬০৮। শ্বহীদ ত্ৰৈলোক্য ভূঞা |
কিন্তু ইয়াৰ বিৰুদ্ধে শ্ৰম বিভাগে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। |
শাসকীয় অগপ-বিজেপিৰ স্থিতিৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সুস্পষ্ট ছবি অসম তথা দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবেই শাসকীয় পক্ষৰ দ্বাৰা পৰিচালিত কোনো শক্তিয়ে যেন লক্ষ্য কৰি লৈছে অন্য দুই এক চেনেলৰ লগতে ‘প্ৰতিদিন টাইম’কো। |
এই প্ৰতিভা সম্পন্ন কবি গৰাকীৰ সফলতাত এতিয়া আনন্দিত সকলো। |
. তপনৰ ল’গ লাগি মই নিজেই কিমানদিন খেৰ বিচাৰি কিমান ঠাই ঘূৰিছো৷ . |
তদন্তৰ দায়িত্বত থকা ডিব্ৰুগড় আৰক্ষীয়ে জালিয়াতিৰে চাকৰি লাভ কৰা বিষয়াৰ আৰু এখন দীঘলীয়া তালিকা সাজু কৰা বুলি জানিব পৰা গৈছে। |
২৮) ‘হিটছ৲ অব৲ আৱাহন’ কি? |
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম গণ মঞ্চ লেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰা অসম দিৱসত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে এক বিশাল বাইক ৰেলী উলিয়ায়। |
গৰুকেইটালৈ চালো, বেয়া লাগি গ’ল। |
আন্দোলনৰ মাজতে স্বগোষ্ঠীয় আমাৰ যিসকলে জাতিৰ স্বাৰ্থত আত্ম বলিদান দিলে তেওঁলোকৰ সপোনকআমি বাস্তৱায়িত কৰিব লাগিব ৷ আনহাতে সাধাৰণ সম্পাদক গোকুল বৰ্মনে ছহিদ দিৱস দিনাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নী দি কয় যে বিগত দিনসমূহত যিধৰণে আমাক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি আহিছে তাৰ পৰিণাম ভুগিব লাগিব ৷ কাৰণ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত ইতিমধ্যে বহু যুৱক ছহিদ হৈছে ৷ |
সেই সময়ত উদ্ভৱ হোৱা খৰাং পৰিস্থিতিৰ কাৰণে জাবৰ শইকীয়াৰ অধীনত এতিয়াৰ গড়াজান তেলডিপোৰ ওচৰতে এটা পুখুৰী খন্দাই থকা হৈছিল। |
এই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰায় ডেৰটা বছৰৰ অন্তত শুকুৰবাৰে আনোৱাৰৰ হত্যাৰ ৰায়দান কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪ ধাৰাৰ অধীনত দুই হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ ইফালে পুত্ৰ হত্যাৰ ন্যায় লাভ কৰি পুত্ৰৰ শোকৰ মাজতে আনন্দ প্ৰকাশ কৰিছে নিহত আনোৱাৰৰ পিতৃ-মাতৃয়ে৷ |
দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত উদ্দেশ্যি ত্রিশূল মাৰি পঠিয়ালে। |
শাহুমাকবোৰে এনেকৈ বোৱাৰীয়েকবোৰৰ তাৰীফ কৰাটো কিন্তু বৈদ্য ডাঙৰ কথা! |
বহু সময় পিছত দৰ্জা খুলি দিয়ালৈ প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত অজ্ঞান হৈ পৰিছিল যুৱকজন। |
সোণালী যাৰ গাৰ ৰং, মৃত্যুৰ ত্রূুৰ আৱেগ তাৰ দৃষ্টিত৷’ |
তেজপুৰত স্বচ্ছতা হি সেৱা পষেক উপলক্ষে সজাগতা সমদল |
থানে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ফ্লেটটোৰ গৰাকী ৰাজু জ্ঞানো খাৰেৰ সৈতে অভিযানকালত উদ্ধাৰ কৰা হৈছিল এনচিপি দলৰ বিধায়কগৰাকীকো। |
পিছে এই যে এটা পৰিণতি পোৱাৰ আগৰ যিটো অৱস্থা-প্ৰেমিকা হৈ থকাৰ এই অৱস্থাটো ছোৱালী জীৱনৰ বৰ ৰঙীন, বৰ মিঠা অধ্যায়। |
চুক্তিত কৈছে যে অসম চুক্তিৰ জৰিয়তে অসমৰ জনসাধাৰণে যিহেতু ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ বিদেশীৰ বোজা ল’লে সেইবাবে অসমৰ খিলঞ্জীয়া জনসাধাৰণে সাংবিধানিক ৰক্ষাকৱচ পাব৷ অর্থাৎ ১৯৭১ চনলৈ বিদেশীৰ বোজা লোৱাৰ বাবেহে সাংবিধানিক ৰক্ষাকৱচৰ কথা কোৱা হৈছে৷ এতিয়া সংখ্যালঘু বিধায়কসকলে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অহা বিদেশীখিনিকো খিলঞ্জীয়া কৰিব খুজিছে৷ মূল কথা হ’ল– ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অহা মানুহখিনিৰ পৰা অসমীয়া মানুহ বাছিব খুজিছে৷ |
তেওঁ কয়, ‘কিছুসংখ্যক মানুহে কোৱা মতে, পুলৱামাৰ আক্ৰমণকাৰী আদিল আহমদ ডাৰক আৰক্ষীয়ে চৰ মাৰিছিল, সেই কাৰণে সি সন্ত্ৰাসবাদী হৈ আতংকৰ সৃষ্টি কৰিছিল। |
তাৰ বিভিন্ন দিশৰ আলোচনাৰ বাবেই ১২ জানুৱাৰিৰ বৈঠকখন আহ্বান জনোৱা হৈছে। |
দৰঙী কলাকৃষ্টিৰ আজন্ম সাধক তথা লুপ্তপ্ৰায় লোকবাদ্য কালীৰ একমাত্ৰ শিল্পী কুলেন্দ্ৰ নাথে লাভ কৰিছে এইবাৰৰ ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন ৷ |
এইবেলি তৃতীয় বাৰ্ষিক ফুটবল মেচ অহা ১, ২ আৰু ৩ নবেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ’ব। |
ত্ৰিপুৰাত এজন চোৰ ধৰা পৰিল প্ৰায় ৩৭ বছৰ পিছত৷ |
২০১৯ চনৰ মে' মাহত মালিয়াৰ বিৰুদ্ধে চূড়ান্ত ৰায় প্ৰদান কৰিলেই সোণৰ টয়লেট ছীট ছুইছ বেংক ইউ বি এছৰ হাতলৈ যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ |
ফটাঢোল: আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে কিছু তথ্য? |
জানিব পৰা মতে, মৰিগাঁও জিলাৰ জাগীৰোডত কাগজ কলৰ সন্মুখৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সন্মুখত নিশা দুখন জিএনআৰচিৰ বাহন ৰখাই থোৱা আছিল৷ উক্ত সময়তে, মৰিগাঁৱৰ উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে সন্দেহ জনক গাড়ী কেইখন জাগীৰোডত প্ৰৱেশ কৰাৰ উমান পাই অভিযান চলাই৷ আৰক্ষীয়ে দূৰৰ পৰা এটিএমটোৰ সন্মুখত দুখন বাহন ৰখাই থোৱা প্ৰত্যক্ষ কৰে৷ |
সেইবাবে প্ৰতিনিধি দলটোৱে চৰকাৰৰ ওচৰত পুনৰ দাবী জনায়। |
লাহে লাহে আমাৰ কুঁহিয়াৰ খেতি ভাল হোৱাৰ কথাটো গোটেই গাঁৱতে বিয়পি পৰিল৷ গাঁৱৰ মানুহবোৰে দেখি নোপোৱা মানুহৰ দৰে সদায় সদলবলে কুঁহিয়াৰ খাবলৈ আহে৷ ককাই কাকো বিমুখ নকৰে৷ দিওঁতে দিওঁতে কুহিয়াৰৰ দ’মটোৰ আধামান খহিল৷ বাকী থকাখিনি পেৰিবলৈ আৰম্ভ কৰাৰ দিনৰেপৰা গাৱঁৰ মানুহবোৰে আকৌ কুঁহিয়াৰৰ ৰহ খাবলৈ অহা হ’ল৷ প্ৰথমে দুই চাৰিজনমান আহিছিল৷ তাৰ পিছৰপৰা সংখ্যাত বাঢ়িল৷ মুঠতে ৰাতিপুৱা কুঁহিয়াৰ পেৰিবলৈ নাপায়েই, মানুহ আহি হাজিৰ হৈ যায়হি৷ ক’লো নহয়, ককাই কাকো বিমুখ নকৰে৷ যাক যিমান পাৰে দিয়ে, সিহঁতেও খাইলৈ পেট মোহাৰি মোহাৰি আঁতৰি যায়গৈ৷ কুঁহিয়াৰৰ যিখিনি অৱশিষ্ট ৰৈছিলগৈ, সেইখিনি পেৰি গুৰ কৰিলেও যথেষ্ট গুৰ পোৱাৰ আশা আছিল৷ সেয়ে মই ককাৰ লগ এৰাই নাছিলো। |
খাইছ যদি মোকো দে, আৰু নেখালে কোনেও নেখাবি। |
ভুক্তভোগিৰ প্ৰশ্ন কোন অধিকাৰে এজন আৰক্ষী অধিক্ষকে আনুমানিক ক্ষয়-ক্ষতিৰ বিষয়ে এজাহাৰত উল্লেখ কৰিবলৈ কয়? |
ডিজিটেল ডেস্কঃ দিল্লীৰ মহিলাপুৰত এগৰাকী মহিলাক মঙলবাৰে পুৱা দুৰ্বৃ্ত্তৰ এটা দলে গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। |
পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ |
জানিব পৰাম মতে জিলাখনৰ দুখন বিদ্যালয় ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা আগ বঢ়োৱা ৰাষ্ট্ৰীয় স্বচ্ছ বিদ্যালয় বঁটা ২০১৭ আঁজুৰি আনিবলৈ সক্ষম হৈছে। |
মাজুলীত ভুৱা হিতাধিকাৰীয়ে লাভ কৰিলে ঘৰ : ৰাইজৰ প্ৰতিক্ৰিয়া |
অৰ্হতা হিচাপে জন সম্পৰ্ক, ৰাজনীতি বিজ্ঞান, সামাজিক কাম, সাংবাদিকতা, জনসংযোগ বা আন তেনে সম্পৰ্কিত বিষয়ত বিশ্ববিদ্যালয়ী ডিগ্ৰী থাকিব লাগিব। |
দুয়োখন দেশৰ মাজত ৰাজনৈতিক সম্বন্ধৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মাক্ৰিৰ এই ভাৰত আগমন। |
এপিএছচি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব লৈ ৰাকেশ পালে অকশ্যন চেন্টাৰ কৰি পেলোৱা এপিএছচিৰ কেলেংকাৰীৰ জড়িত বহু বাঘা বাঘা লোকক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল তেওঁ। |
শৈক্ষিক জীৱনত কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে ভৱিষ্যত জীৱন সুন্দৰ হয় বুলি দোহাৰি তেওঁ শিক্ষাগুৰু আৰু অভিভাৱকসকলকো ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু দিশা-নিৰ্দেশনা প্ৰদানৰ আহ্বান জনায়। |
মৃণ্ময় দত্তৰ (৭-৪৯) আকর্ষণীয় বলিং |
ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বাৰ কাউন্সিললৈ জাৰি কৰিছে চমন। |
বছৰটোৰ ছটা মাহ কঠ নিৰ্মাণ কৰি যেনে-তেনে পৰিয়াল পোহপাল দি আছে লোকসকলে । |
মোডী চৰকাৰৰ প্ৰথম চাৰিটা বছৰত ১১ বাৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে ৷ প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰিলে ১০ টকা আৰু ডিজেলৰ ওপৰত বৃদ্ধি কৰিল ১১.৭৭ টকা ৷ ২০১৪ৰ ১ এপ্ৰিলত প্ৰতি লিটাৰৰ ওপৰত আবকাৰী শুল্ক আছিল ৯.৪৮ টকা ৷ আজি ১৯.৪৮ টকালৈ বৃদ্ধি কৰা হ’ল ৷ একেদৰে ডিজেলৰ ৩.৫৬ টকা ১৫.৩৩ টকালৈ বৃদ্ধি কৰিলে ৷ তথ্যসমূহে প্ৰমাণ কৰে যে কেন্দ্ৰীয় চৰকাৰে জনগণক সকাহ দিব নিবিচাৰে ৷ ২০১৪ৰ এপ্ৰিলত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ৯৬.২৯ মাৰ্কিন ডলাৰ থকাৰ সময়ত প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক আছিল ৯.৪৮ টকা ৷ ২০১৬ৰ জুলাইত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত হ’ল ৪০.৬৮ মাৰ্কিন ডলাৰ ৷ |
চিটিবাছেৰে পৰীক্ষাৰ চেণ্টাৰলৈ গৈ থাকোঁতে এজনী ছোৱালীৰ হাই হিলৰ গচকত হীৰেনদাৰ সোঁভৰিৰ দুটা আঙুলি ভাগিছিল আৰু তেজ ওলাইছিল। |
নিশা প্ৰচণ্ড ধুমুহাত কামপুৰ, কচুৱা, কঠিয়াতলীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন। |
ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ডঃ জয়শ্ৰী গোস্বামী মহন্তই। |
এই ৰাজনীতিয়ে দেখাত এখন গণতান্ত্ৰিক দেশক প্ৰতিনিধিত্ব কৰিলেও বাস্তৱতে এনে ৰাজনীতিয়ে গণতন্ত্ৰক জীয়াই ৰাখিছে নে লাহে লাহে মৃত্যুৰ গৰাহলৈ ঠেলি দিছে সেয়া এক চিন্তনীয় বিষয়। |
আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বিশেষ শুংসূত্ৰ পোৱা নাছিল। |
সেয়েহে মেচখনত ভাৰতে দলৰ বহুকেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব পাৰে। |
টিংখাঙৰ পৰা হেমন্ত গগৈয়ে জনাইছে যে, টিংখাঙৰ একাংশ অসাধু অবৈধ লালিগুৰ ব্যৱসায়ীয়ে অবাধে লালিগুৰ বিক্ৰী কৰি অহাৰ ফলত সমষ্টিটোৰ গ্ৰামাঞ্চলৰ অলিয়ে গলিয়ে কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ চুলাই মদৰ ভাতী। |
উভতি চাওঁ : নগাঁওবাসীৰ বাবে মিশ্ৰিত ফলাফলৰ বছৰ আছিল ২০১৮ |
ৰূপজ্যোতি ভূঞা, কামপুৰ |
ধৰ্ণা, ঘেৰাও আদি কাৰ্য্যসূচীবোৰত আমাৰ দাড়িয়া বছ হ’লে উপস্থিত নাথাকে। |
প্রার্থী নাজিয়াই তেওঁৰ বক্তব্যত কংগ্রেছ আৰু বিজেপিৰ নীতি হীনতাৰ সমালোচনা কৰে। |
একেটা আৱাসত থকা তিনিটাকৈ গুদাম ছীল। |
সমন্বয়ক ব্ৰজেন বৈশ্য,জিতুমনি কলিতা, অংশুমান শৰ্মা, বিজু আহমেদ,কুলেন ডেকা ,সুনয়ন শৰ্মা, ৰ’জি ভট্টই জনাইছে যে কৰ্মশালাৰ বাকী কেইদিনতো কেইবাগৰাকী বিশিষ্ট নাট্য শিল্পী প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব । |
আলোচনাটো “চূড়ান্ত” পৰ্য্যায়ত থকা বুলি যোৱা বছৰৰ ৭ এপ্ৰিলত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত প্ৰকাশ কৰিছিল যদিও তাৰ কোনো অগ্ৰগতি পৰিলক্ষিত হোৱা নাই। |
বাজাজ-কাৱাছাকিৰ অংশীদাৰিত্বৰ অৱসান |
উক্ত বর্ষত ৰাজ্যত পঞ্জীভূক্ত নিবনুৱাৰ সংখ্যা হ'লগৈ ২০লাখ ২৪ হাজাৰ ৪৪৬গৰাকী। |
কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। |
আনহাতে, ৭২সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত মহানগৰীৰ ৰাজপথত এতিয়া জিলিকি উঠিছে ৰাষ্ট্ৰীয় পতাকা । |
’ আদি প্ৰবন্ধতো পাঠকৰ বাবে হাস্যৰসৰ অনেক সমল নিহিত হৈ আছে৷ ‘লেডিজ কম্পাৰ্টমেণ্ট’ নামৰ ৰচনাটিত লেখকৰ শিৱসাগৰৰ পৰা গুৱাহাটীমুখী ৰেল যাত্ৰাৰ অভিজ্ঞতাৰ এক সৰস বৰ্ণনা পোৱা যায়৷ ৰেলৰ উঠিব পৰা খালী ডবা বিচাৰি বিচাৰি লেখক আৰু তেওঁৰ এজন অধ্যাপক বন্ধু আহি এটি মহিলাৰ ডবা এটাৰ ওচৰত ৰ’লহি৷ ভিতৰলৈ জুমি চাই দেখিলে ডবাটোত কোনো মহিলা নাই, বৰঞ্চ এজন বৃকোদৰ পুৰুষহে ফষ্টি জুৰি শুই আছে৷ দুই বন্ধুৱে সেই ডবাটোতে যাবলৈ ঠিক কৰি মানুহজনক চিঞৰি চিঞৰি জগাব খুজিলে৷ মানুহজনে চিঞৰ শুনিও ইচ্ছা কৰিয়েই মাত দিয়া নাছিল৷ ইফালে এই দুজনো এৰি দিয়া ভকত নহয়৷ চিঞৰৰ পৰিমাণ লাহে লাহে বাঢ়ি অহাত ভিতৰৰ ব্যক্তিজনে আমনি বোধ কৰি উত্তৰ দিলে- “এইটো লেডিজ কম্পাৰ্টমেণ্ট৷ ইয়াত পুৰুষৰ স্থান নাই৷” তেতিয়া এই দুজনৰ পৰা উত্তৰ আহিল- “সেইটো বুজিছো৷ আপোনাক ৰিহা-মেখেলা এযোৰ দিবলৈ বুলিহে আহিলো৷” চুঙা চাই সোপা দি তেওঁলোকে উক্ত স্থান পৰিত্যাগ কৰিলে৷ |
চৰকাৰে ঘোষণা কৰা জাননীৰ তাৰিখৰ পৰা এই ৰেহাই বিৱেচিত হ’ব। |
দুটা এটা ফুটাও ওলাইছিল, ইলাষ্টিকডাল জহি-খহি গৈ একেবাৰে নাইকীয়া হৈছিলগৈ। |
শাৰীৰ সৈতে মেখেলা-চাদৰৰ পাৰ্থক্যৰ বিষয়েও জনাইছে অনুষ্কাই। |
আছুৰ কর্মীসকলে সর্বানন্দ সোণোৱাল নিপাত যাওক, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ধবংস হওক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আছুৱে নগৰখনৰ উপায়ুক্ত কার্যালয়ৰ সমীপত, বেজবৰুৱা চাৰিআলি, বাটা পইণ্ট, পুলিবৰ তিনিআলি আদিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ জুমুঠি জ্বলাই তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ |
এ ভন ভন-ইয়ো দেউচুৰে, একে কো ঝিলিমিলি দেউচুৰে, এচাৰি ভাই জন্মা দেউচুৰে আদি সংলাপেৰে গোৰ্খা যুৱক-যুৱতীয়ে দেউসী গাই ফুৰে। |
বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ ইউনিট কমিটি গঠন |
দুয়োগৰাকী সাহিত্যিককে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰে। |
দহ দিনৰ বাবে নিজৰ জিম্মাত লাভ কৰা সত্ত্বেও তেওঁক কি কাৰণে এসপ্তাহতে গুৱাহাটীলৈ অনা হ’ল সেয়া এতিয়াও প্রকাশ কৰা নাই তদন্তকাৰী সংস্থাটোৱে৷ আজি গুৱাহাটীত উপস্থিত হোৱা নিয়াৰ এটা বিশেষ দলে কাইলৈ পুনৰ কৃষক নেতাজনক আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে আজি তেওঁক ক’ত ৰখা হৈছে তদন্তকাৰী সংস্থাটোৱে সেয়া অতি গোপনে ৰাখিছে৷ |
ঢকুৱাখনাৰ চিকিৎসাৰ দিশটোত অধিক গুৰুত্ব দিব বুলি প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, ঢকুৱাখনা মহকুমাত জিলা পৰ্যায়ৰ এখন চিকিৎসালয় অচিৰেই নিৰ্মাণ কৰা হ’ব। |
Home > শিল্পী গম্ভীৰ নাথলৈ উষ্ম অভিনন্দন-অন্তৰংগ অনুষ্ঠান |
বৰ্তমান বিজয়ৰ লক্ষ্য লৈ বেটিং কৰিছে ভাৰতে। |
—“বৌ, বৰুৱাৰ গা বেয়া নেকি? |
সহ পৰিচালনা : অভিজিত দত্ত |
চীনৰ আক্ৰমণে সকলো ওলট-পালট কৰি পেলালে। |
ডিজিটেল ডেস্কঃ বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক গুলীয়াই হত্যা। |
উল্লেখ্য যে, এনেগুণ্ডী উৎসৱ পাঁচ বছৰৰ বিৰতিৰ পিছত এইবাৰ আয়োজন কৰা হৈছিল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে য়েডুয়াৰাপ্পাই উপ মুখ্যমন্ত্ৰী চি এম লক্ষ্মণ চাভিদি আৰু সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী চি টি ৰবিৰ উপস্থিতিত যোৱা ৯ জানুৱাৰীত মুকলি কৰিছিল। |
শিমলুগুৰিত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ |
২৫ বছৰৰ আগত অষ্ট্রেলিয়াৰ মাটিত শচীনৰ প্রথম শতৰান |
লগতে কয় দাসৰ স্মৃতিত প্ৰদান কৰা এই বঁটাই নৱ -প্ৰজন্মৰ সাংবাদিকসকলক উৎসাহিত কৰিব। |
পুল বাৰ খনৰ মুকলি অনুষ্ঠানত এটা মিউজিক বেণ্ডে পৰিবেশন কৰা সংগীতে অনুষ্ঠানতো আৰু অধিক জীপাল কৰি তোলে। |